অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেণুকা দেৱী বৰকটকী

ৰেণুকা দেৱী বৰকটকী (Renuka Devi Barkataki) (২৯ নৱেম্বৰ ১৯৩২ - ১৪ আগষ্ট ২০১৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰীপদ লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা।

হালনাগাদ: ৫ নৱেম্বৰ ২০২৩ ৪৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ৰেণুকা দেৱী বৰকটকী (Renuka Devi Barkataki) (২৯ নৱেম্বৰ ১৯৩২ - ১৪ আগষ্ট ২০১৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰীপদ লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ জনতা পাৰ্টিৰ চৰকাৰত শিক্ষা, সমাজ কল্যাণ আৰু সংস্কৃতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কেবিনেটত স্থান লাভ কৰিছিল। ১৯৬২ চনৰ তৃতীয় লোকসভা নিৰ্বাচনত তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৭২ চনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ (নিৰ্দলীয়) নিৰ্বাচিত হৈছিল।১ ১৯৭৭ চনৰ ষষ্ঠ লোকসভা নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা পুনৰাই লোকসভালৈ নিৰ্বাচিত হৈছিল।২ পিছলৈ তেওঁ অসম ৰাজ্যিক ৰেডক্ৰছ সমাজৰ সন্মানীয় সচিবৰ পদ লাভ কৰিছিল। তেওঁৰ স্বামী বিখ্যাত অসমীয়া সাহিত্যিক মুনীন বৰকটকী। তেওঁ মুনীন বৰকটকী ন্যাসৰ এগৰাকী ন্যাসৰক্ষীয়ো আছিল।

প্ৰাৰম্ভিক জীৱন

১৯৩২ চনৰ ২৯ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ উজান বজাৰত ৰেণুকা দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰুদ্ৰ শৰ্মা আৰু মাতৃ ধৰ্মেশ্বৰী দেৱী। তেওঁৰ পিতৃ ৰুদ্ৰ শৰ্মা গুৱাহাটীৰ নামজ্বলা ডাক্তৰ আছিল।৩ ১৯৪৬ চনত মোহনদাস কৰমচান্দ গান্ধী গুৱাহাটীলৈ আহি কিছুদিন শৰণীয়া আশ্ৰমত কটাবৰ সময়ত তেওঁ হাইস্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰী আছিল। তেতিয়া তেওঁ আগবাঢ়ি আহি স্বেচ্ছাসেৱিকা দলত অন্তৰ্ভুক্ত হৈ নেতৃত্ব বহন কৰিবলৈ লৈছিল।

তেওঁ উচ্চশিক্ষাৰ বাবে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ লগতে তেওঁ যুৱ কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰি ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ এগৰাকী কবি আৰু সাংবাদিক নেত্ৰী হিচাপে পৰিগণিত হৈছিল।৪

ৰাজনৈতিক জীৱন

সৰুৰে পৰা ৰেণুকা দেৱী বৰকটকী ৰাজনীতিৰ প্ৰতি আকৰ্ষিত আছিল। তেওঁ কটন কলেজত পঢ়ি থাকোঁতেই যুৱ কংগ্ৰেছৰ সদস্য হৈছিল। ১৯৬২ চনৰ তৃতীয় লোকসভা নিৰ্বাচনত তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৭২ চনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।৫ ১৯৭৭ চনৰ ষষ্ঠ লোকসভা নিৰ্বাচনত তেওঁ জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা পুনৰাই লোকসভালৈ নিৰ্বাচিত হৈছিল।৬ তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ জনতা পাৰ্টিৰ চৰকাৰত শিক্ষা, সমাজ কল্যাণ আৰু সংস্কৃতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কেবিনেটত স্থান লাভ কৰিছিল। ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা।

সামাজিক জীৱন

ৰেণুকা দেৱীয়ে ৰাজনীতিৰ সমান্তৰালকৈ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল। তেওঁ ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিৰ অসম শাখাৰ সম্পাদক আৰু ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভানেত্ৰী আছিল।৭

তেওঁৰ স্বামী মুনীন বৰকটকীৰ পৰলোকৰ পাছত ৰেণুকা দেৱী বৰকটকীয়ে মুনীন বৰকটকী স্মাৰক ন্যাস প্ৰতিষ্ঠা কৰি মুনীন বৰকটকীৰ অপ্ৰকাশিত সাহিত্যৰাজি প্ৰকাশৰ কাৰ্যত আত্মনিয়োগ কৰিছিল। পিছলৈ ৰেণুকা দেৱীয়ে তৰুণ লেখক-লেখিকাসকলক উৎসাহ যোগাবলৈ মুনীন বৰকটকী বঁটা প্ৰৱৰ্তন কৰিছিল।৮

ব্যক্তিগত জীৱন

১৯৫৯ চনত সাহিত্যিক মুনীন বৰকটকীৰ সৈতে ৰেণুকা দেৱী বৰকটকীৰ বিবাহ অনুষ্ঠিত হয়। তেওঁলোকৰ একমাত্ৰ কন্যা ড॰ মিনাক্ষী বৰকটকী জাৰ্মানীত বাস কৰে।

মৃত্যু

অসুস্থজনিত কাৰণত ২০১৭ চনৰ ১২ আগষ্ট তাৰিখে বৰকটকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰি শৰীৰত আঘাত পোৱা বৰকটকীৰ ১৩ আগষ্ট তাৰিখে এটা অস্ত্ৰোপচাৰো সম্পন্ন হৈছিল। ২০১৭ চনৰ ১৪ আগষ্ট তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় হস্পিটেলত ৮৪ বছৰ বয়ত তেওঁৰ মৃত্যু হয়।৯

তথ্যসূত্ৰ

  1. ↑ Assam Legislative Assembly - MLA 1972-78
  2. ↑ Members of Sixth Lok Sabha
  3. ↑ Renuka Devi Barkataki passes away. assamtribune.com
  4. ↑ শৰ্মা, উপেন্দ্ৰ নাথ. (2017-08-24). ৰেণুকা দেৱী বৰকটকী এটি শ্ৰদ্ধাৰ্ঘয. janambhumi.in
  5. ↑ Assam Legislative Assembly - MLA 1972-78. assamassembly.gov.in
  6. ↑ Members of Sixth Lok Sabha. parliamentofindia.nic.in
  7. ↑ (2017-08-16). প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা দেৱী বৰকটকীৰ মৃত্যু. janambhumi.in
  8. ↑ ন্যাসৰ বিষয়ে. muninbarkotoki.org
  9. ↑ Renuka Devi Borkataki, Northeast’s first woman union minister dies at 85. indianexpress.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিকঅসমৰ সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণুকা দেৱী বৰকটকী” প্ৰবন্ধৰ সংশোধন ৩৯০৪৫৪ (৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।