বৈদ্যুতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি
৮ প্ৰবন্ধ
-
থমাছ আলভা এডিচন
থমাছ আলভা এডিচন (ইংৰাজী: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল।
-
মাইকেল ফেৰাডে
মাইকেল ফেৰাডে (Michael Faraday) (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) এজন প্ৰখ্যাত ব্ৰিটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
-
গিয়ৰ্গ ছিমন ওম
গিয়ৰ্গ ছিমন ওম,(,; ১৬ মাৰ্চ ১৭৮৯ – ৬ জুলাই ১৮৫৪) আছিল এগৰাকী জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। বিদ্যালয়ৰ শিক্ষক হিচাপে গিয়ৰ্গ ওমে নতুনকৈ আৱিষ্কৃত হোৱা বিদ্যুৎ-ৰাসায়নিক কোষৰ গৱেষণা আৰম্ভ কৰিছিল; যিটো কোষ আৱিষ্কাৰ কৰিছিল ইটালীয়ান বিজ্ঞানী আলেচেন্দ্ৰো ভল্টাই।
-
আলেছেন্দ্ৰো ভল্টা
আলেছেন্দ্ৰো ভল্টা (en-Alessandro Giuseppe Antonio Anastasio Volta)(; ১৮ ফেব্ৰুৱাৰি ১৭৪৫ – ৫ মাৰ্চ ১৮২৭) হৈছে এগৰাকী ইটালীয়ান পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী। তেওঁক বিদ্যুৎ আৰু বিদ্যুৎ শক্তিৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়। বৈদ্যুতিক কোষ আৰু মিথেন গেছৰ উদ্ভাৱন তেওঁৰ এক চিৰস্মৰণীয় কীৰ্তি।
-
নিক'লা টেছলা
নিক'লা টেছলা (Nikola Tesla) (১০ জুলাই ১৮৫৬ – ৭ জানুৱাৰী ১৯৪৩) আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।
-
আণ্ড্ৰে মেৰি এম্পিয়েৰ
আণ্ড্ৰে মেৰি এম্পিয়েৰ (en-André-Marie Ampère) (;; ২০ জানুৱাৰী ১৭৭৫-১০ জুন ১৮৩৬) আছিল এগৰাকী ফৰাচী পদাৰ্থবিদ আৰু গণিতজ্ঞ৷ ধ্ৰুপদী বিদ্যুৎ-চুম্বকত্বৰ প্ৰতিস্থাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎগতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল৷ তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল; যাৰ…
-
জৰ্জ ৱেষ্টিংহাউছ
জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ (George Westinghouse Jr.) (৬ অক্টোবৰ, ১৮৪৬- ১২ মাৰ্চ, ১৯১৪) আছিল এগৰাকী আমেৰিকান উদ্যোগী আৰু অভিযন্তা; যাক বিদ্যুৎ শক্তি উদ্যোগৰ এগৰাকী অগ্ৰদূত বুলি অভিহিত কৰা হয়৷ তেওঁ ৰেলৱে বায়ু ব্ৰেকৰ সৃষ্টি কৰিছিল৷ মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ প্ৰথমটো পেটেণ্ট (Patent) লাভ কৰিছিল৷ ১৮৮০ৰ…
-
হিপ্পোলাইট পিক্সি
হিপ্পোলাইট পিক্সি (en-Hippolyte Pixii) (১৮০৮-১৮৩৫) আছিল পেৰিছ, ফ্ৰান্সৰ এগৰাকী সঁজুলি-নিৰ্মাতা আৰু অভিযন্তা৷ ১৮৩২ চনত তেওঁ পৰিৱৰ্তী প্ৰৱাহচালিত প্ৰথমটো বৈদ্যুতিক জেনেৰেটৰৰ আৰ্হি সাজি উলিয়ায়৷ ইয়াৰ বাবে তেওঁ মাইকেল ফাৰাডেৰ বিদ্যুৎ-চুম্বকীয় আৱেশৰ তত্ত্ব ব্যৱহাৰ কৰিছিল৷ পিক্সিৰ সঁজুলিটো আছিল এটা…