শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে।১ তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে।১ এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে।১২ ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল।
কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াত চুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰত কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।৩
ৰজাসকল
| ক্ৰম | ৰজা | কাৰ্য্যকাল |
|---|---|---|
| ১ | শালস্তম্ভ | ৬৫০ – ৬৭০ খ্ৰীষ্টাব্দ |
| ২ | বিজয় বা বিগ্ৰহ স্তম্ভ | |
| ৩ | হৰ্ষদেৱ বা হৰ্ষবৰ্মন | ৭২৫ – ৭৪৫ খ্ৰীষ্টাব্দ |
| ৪ | বলবৰ্মন | |
| ৫ | প্ৰালম্ভ বা শালম্ভ | |
| ৬ | হৰ্জৰবৰ্মন | ৮১৫ – ৮৩২ খ্ৰীষ্টাব্দ |
| ৭ | বনমাল বৰ্মাদেৱ | ৮৩২ – ৮৫৫ খ্ৰীষ্টাব্দ |
| ৮ | জয়মালা বা বীৰ বাহু | ৮৫৫ - ৮৬০ খ্ৰীষ্টাব্দ |
| ৯ | বলবৰ্মন (তৃতীয়) | ৮৬০ - ৮৮০ খ্ৰীষ্টাব্দ |
| ১০ | ত্যাগসিংহ | ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ |
পতন
শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পায়।৪
গ্ৰন্থ সংযোগ
- Bhattacharjee, J. B. (1992). The Comprehensive History of Assam. Assam Publication Board. পৃ. 391–397
- Sharma, M M. (1978). Inscriptions of Ancient Assam. Gauhati University
- Sircar, D. C. (1990). The Comprehensive History of Assam. Assam Publication Board
তথ্যসূত্ৰ
- ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃ. ১৯
- ↑ ম্লেছ শব্দটো অপমানসূচক হ'লেও এই বংশৰ ৰজা হৰ্জৰবৰ্মনে হয়ুন্থল তামৰ ফলিত ইয়াৰ অৰ্থ বুজাইছে।Sharma 1978, পৃ. 91
- ↑ Bhattacharjee 1992, পৃ. 393
- ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃ. ২১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালস্তম্ভ ৰাজবংশ” প্ৰবন্ধৰ সংশোধন ৩৯৫৩৭২ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।