অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

পাল ৰাজবংশ (কামৰূপ)

পাল ৰাজবংশ (Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল। প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২৪ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

পাল ৰাজবংশ (Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ ৰাজবংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল।১ প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।১ বংগ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। বংগৰ পাল ৰাজবংশ বৌদ্ধ ধৰ্মী আছিল। আনহাতে কামৰূপ ৰাজ্য ৰাজত্ব কৰা পাল ৰাজবংশ হিন্দু আছিল।

ৰজাসকল

ক্ৰমৰজাকাৰ্য্যকাল (খ্ৰীষ্টাব্দ)
১ব্ৰহ্মপাল৯৯০ - ১০১০
২ৰত্ন পাল১০১০ – ১০৪০
৩ইন্দ্ৰপাল১০৪০ - ১০৬৫
৪গোপাল১০৬৫ - ‍১০৮০
৫হৰ্ষপাল১০৮০ - ১০৯৫
৬ধৰ্ম পাল১০৯৫ - ১১২০
৭জয়পাল১১২০ - ১১৩৮

বৃদ্ধকালত ব্ৰহ্মপালে সন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছা অনুসৰি পুত্ৰ ৰত্নপাল কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত নাতিয়েক ইন্দ্ৰপাল আৰু ক্ৰমে গোপাল, হৰ্ষপাল, ধৰ্মপাল ৰজা হয়। ৰজা হৈ ধৰ্মপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে।২ ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল ৰজা হয়।

পাল বংশৰ পতন

গৌড় ৰজা ৰাম পালে জয়পাল ৰজাৰ দিনত কামৰূপ ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছতেই কামৰূপ ৰাজ্যত পাল ৰাজবংশৰ পতন ঘটে।

গ্ৰন্থপঞ্জী

  • Sircar, D. C. The Bhauma-Naraka or the Pala Dynasty of Brahmapala, The Comprehensive History of Assam, ed H. K. Barpujari, Guwahati, 1990.

তথ্যসূত্ৰ

  1. ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃ. ২১
  2. ↑ শান্তনু কৌশিক বৰুৱা. (২০১৫). অসম ইয়েৰ বুক ২০১৬. জ্যোতি প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসপুৰণি আৰু মধ্যযুগীয় অসমঅসমৰ ৰাজবংশসমূহপাল ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাল ৰাজবংশ (কামৰূপ)” প্ৰবন্ধৰ সংশোধন ৪৩৩৭৬০ (২৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।