অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বৰ্মণ ৰাজবংশ

বৰ্মণ বংশ (Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে। এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ
ক্ৰমিক নংৰজাৰাজত্বকাল
১পুষ্য বৰ্মা৩৫০–৩৭৪
২সমুদ্ৰ বৰ্মা৩৭৪–৩৯৮
৩বল বৰ্মা৩৯৮–৪২২
৪কল্যাণ বৰ্মা৪২২–৪৪৬
৫গণপতি বৰ্মা৪৪৬–৪৭০
৬মহেন্দ্ৰ বৰ্মা৪৭০–৪৯৪
৭নাৰায়ণ বৰ্মা৪৯৪–৫১৮
৮ভূতি বৰ্মা৫১৮–৫৪২
৯চন্দ্ৰমুখ বৰ্মা৫৪২–৫৬৬
১০স্থিত বৰ্মা৫৬৬–৫৯০
১১সুস্থিত বৰ্মা৫৯০–৫৯৫
১২সুপ্ৰতিস্থিত বৰ্মা৫৯৫–৬০০
১৩কুমাৰ ভাস্কৰ বৰ্মা৬০০–৬৫০
১৪অৱন্তী বৰ্মা৬৫০–৬৫৫

বৰ্মণ বংশ (Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্য বৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে।১২ এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।

বংশ

তেওঁলোকক কেতিয়াবা নৰক বংশৰ বুলি কোৱা হয়। কাৰণ, তেওঁলোকৰ বংশৰ তথ্যসমূহ নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্তৰ লগত সাদৃশ্য দেখা যায়।৩

ৰজাসকল

পুষ্যবৰ্মা মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।২ তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। বৰ্মণ বংশী ৰজাসকলৰ মাজত কুমাৰ ভাস্কৰ বৰ্মাই প্ৰসিদ্ধ আছিল। পুষ্যবৰ্মা আৰু ভাস্কৰ বৰ্মাৰ মাজত এই বংশৰ এঘাৰজন ৰজাই ৰাজত্ব কৰিছিল।২ ৰজাসকলৰ নাম একাদিকক্ৰমে হৈছে:

ক্ৰমৰজাকাৰ্য্যকালপূৰ্বপুৰুষৰাণী
১পুষ্য বৰ্মা৩৫০ - ৩৭৪ভগদত্তৰ বংশধৰ বুলি চিনাকিঅজ্ঞাত
২সমুদ্ৰ বৰ্মা৩৭৪ - ৩৯৮পুষ্য বৰ্মাৰ পুত্ৰদত্তদেৱী
৩বল বৰ্মা৩৯৮ - ৪২২সমুদ্ৰবৰ্মাৰ পুত্ৰৰত্নাৱতী
৪কল্যাণ বৰ্মা৪২২ - ৪৪৬বল বৰ্মাগন্ধৰ্বৱতী
৫গণপতি বৰ্মা (গণেন্দ্ৰ বৰ্মা)৪৪৬ - ৪৭০কল্যাণ বৰ্মায়জনাৱতী
৬মহেন্দ্ৰ বৰ্মা (সুৰেন্দ্ৰ বৰ্মা)৪৭০-৪৯৪গণপতি বৰ্মাসুব্ৰতা
৭নাৰায়ণ বৰ্মা৪৯৪ - ৫১৮মহেন্দ্ৰ বৰ্মাদেৱৱতী
৮ভূতি বৰ্মা (মহাভূতি বৰ্মা)৫১৮ - ৫৪২নাৰায়ন বৰ্মাবিজনায়াৱতী
৯চন্দ্ৰমুখ বৰ্মা৫৪২ - ৫৬৬ভূতি বৰ্মাভাগৱতী
১০স্থিত বৰ্মা৫৬৬ - ৫৯০চন্দ্ৰমুখ বৰ্মানয়নাদেৱী
১১সুস্থিত বৰ্মা (মৃগাঙ্ক)৫৯০ - ৫৯৫স্থিত বৰ্মাশ্যামদেৱী
১২সুপ্ৰতিস্থিত বৰ্মা৫৯৫ - ৬০০সুস্থিত বৰ্মাঅজ্ঞাত
১৩কুমাৰ ভাস্কৰ বৰ্মা৬০০ - ৬৫০সুপ্ৰতিস্থিত বৰ্মাৰ ভাতৃঅজ্ঞাত
১৪অৱন্তী বৰ্মা৪৬৫০ - ৬৫৫অজ্ঞাতঅজ্ঞাত

বৰ্মণ বংশৰ পতন

বৰ্মণ বংশৰ পতন হোৱাৰ পাছত সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে শালস্তম্ভ ৰাজবংশ প্ৰতিষ্ঠা কৰে।৫

গ্ৰন্থ

  • Sharma, Mukunda Madhava. (1978). Inscriptions of Ancient Assam. Gauhati University, Assam

তথ্যসূত্ৰ

  1. ↑ Sharma 1978, পৃ. xxix
  2. ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃ. ১৬
  3. ↑ Sharma 1978, পৃ. xxix
  4. ↑ Though there exists no direct evidence, there are indirect evidence of a king who ruled for a short period after Bhaskarvarman, but was ousted by Salasthamba Sharma 1978, পৃ. xxxi-xxxii
  5. ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃ. ১৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসপুৰণি আৰু মধ্যযুগীয় অসমঅসমৰ ৰাজবংশসমূহবৰ্মণ ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্মণ ৰাজবংশ” প্ৰবন্ধৰ সংশোধন ৫৬০৭৩৮ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।