কামতাপুৰ
১১ প্ৰবন্ধ
-
কোচ ৰাজবংশী
কোচ ৰাজবংশী হৈছে পূৰ্ব ভাৰত আৰু তৎসংলগ্ন অঞ্চলত বিস্তৃত এক জনগোষ্ঠী, যাৰ পৰিচয় “কোচ” আৰু “ৰাজবংশী” নাম দুটাৰ মাজত ইতিহাসগত মিশ্ৰণ আৰু বিতৰ্ক দেখা যায়। ভাষা, লোকাচাৰ, কৃষিভিত্তিক জীৱনধাৰা আৰু আঞ্চলিক সমাজ-ধাৰ্মিক অনুশীলনৰ দিশত এই জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য স্পষ্ট।
-
কমতা ৰাজ্য
কমতা ৰাজ্য ত্ৰয়োদশ শতিকাত পাল বংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম ভাগক কেন্দ্ৰ কৰি গঢ় লোৱা এক আঞ্চলিক ৰাজশক্তি। ইয়াৰ উত্থানক বহু ইতিহাসবিদে অসম বুৰঞ্জীৰ প্ৰাচীন যুগৰ অন্ত আৰু মধ্য যুগৰ আৰম্ভণি বুলি গণ্য কৰে।
-
কোচ ৰাজবংশ
অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা) কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে।
-
কমতাপুৰ
কমতাপুৰ ৰাজ্য (কামতাপুৰ বুলিও কোৱা হয়) ত্ৰয়োদশ শতিকাত পাল ৰাজবংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হৈছিল। কমতা ৰাজ্যৰ উত্থানৰ লগে লগে অসম বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ।
-
কোচ ভাষা
কোচ হৈছে ভাৰত আৰু বাংলাদেশৰ কোচ লোকসকলে কোৱা এটা তিব্বত-বৰ্মী ভাষা। ভাৰতৰ কোচসকলে মেঘালয়, অসম আৰু উত্তৰ বংগৰ কিছুমান অঞ্চলত তথা বাংলাদেশৰ কোচসকলে বৃহত্তৰ মৈমনসিং জিলাৰ শ্বেৰপুৰ, নেত্ৰকোনা, কিশোৰগঞ্জ, গাজীপুৰ আৰু বৰেন্দ্ৰ অঞ্চলৰ পাবনা, বগৰা, ৰাজশাহী, মালদাহ, ৰংপুৰ, দিনাজপুৰ, জয়পুৰহাট আৰু নাওগাঁও…
-
ৰাজবংশী ভাষা (নেপাল)
ৰাজবংশী বা তাজপুৰীয়া এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ নেপালত ব্যৱহাৰ কৰা হয়। ভাষাটো ৰাজবংশী ভাষাৰ সৈতে সম্বন্ধিত, কিন্তু পৃথক, যদিও কোনো কোনোৱে ৰাজবংশী ভাষাকো চুটিকৈ ৰাজবংশী বা কমতাপুৰী নামেৰে অভিহিত কৰে।
-
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ (Kamatapur Autonomous Council (KAC)) হৈছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। পৰিষদখন ২০২০ চনত গঠন কৰা হৈছিল।
-
কোচ জনগোষ্ঠী
কোচ জনগোষ্ঠী (ইংৰাজী: Koch people) বা কোচসকল ভাৰতৰ অসম আৰু মেঘালয় আৰু উত্তৰ বাংলাদেশৰ এটা সীমান্তত বাস কৰা এটা সৰু জনগোষ্ঠী। এই জাতিৰ কিছুলোকে বড়ো-গাৰো ভাষা পৰিয়ালাৰ কোচ ভাষা ব্যৱহাৰ কৰে, আনহাতে আন কিছুমানে স্থানীয় প্ৰজাতিৰ ভাৰত-আৰ্য্য ভাষা ব্যৱহাৰ কৰে। ই ভাৰতৰ মেঘালয়ৰ এটা অনুসূচিত জনজাতি।
-
পাটানি
পাটানি কোচ ৰাজবংশী মহিলাসকলৰ এক প্ৰধান পৰম্পৰাগত পোচাক। ই হাততাঁতত বোৱা এখন দীঘল কাপোৰ, যাক মহিলাসকলে বুকুৰ ওপৰত মেৰিয়াই তললৈ ভৰি ঢাকিব পৰাকৈ পিন্ধে। অসম, উত্তৰ বংগ আৰু নেপালৰ কিছুমান অংশত পাটানি দৈনন্দিন জীৱন আৰু সামাজিক-ধাৰ্মিক অনুষ্ঠানত পৰম্পৰাগত সাজ হিচাপে ব্যৱহৃত হৈ আহিছে।
-
সিদল ভৰ্তা
সিদল ভৰ্তা হ'ল বাংলাদেশৰ উত্তৰাঞ্চলৰ গাইবান্ধা, ৰংপুৰ, কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী, দিনাজপুৰ, ঠাকুৰগাঁও আৰু পঞ্চগড় জিলাত প্ৰচলিত এটা জনপ্ৰিয় মুখৰোচক খাদ্য। ই ভাৰতৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰো প্ৰিয় খাদ্য।
-
ৰাজবংশী বিয়াগীত
কোচ বংশৰপৰা প্ৰৱাহিত আৰু ৰজাৰ বংশধৰ বুলি পৰিচয় প্ৰদান কৰা ৰাজবংশীসকলৰ উৎসব-পাৰ্বন, নিয়ম-নীতি, আচাৰ-ব্যৱহাৰ আদি বিভিন্ন দিশতে তেওঁলোকৰ সুকীয়া বৈশিষ্ট্য আছে। সেয়া খাদ্যৰ ক্ষেত্ৰতেই হওক, সাজপাৰৰ ক্ষেত্ৰতেই হওক বা উৎসৱ-অনুষ্ঠানৰ ক্ষেত্ৰতেই হওক।