কোচ ৰাজবংশ
১১ প্ৰবন্ধ
-
চিলাৰায়
চিলাৰায় (শুক্লধ্বজ; ১৫১০–১৫৭১) ষোলশ শতিকাৰ কোচ ৰাজ্যত নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আৰু ৰাজকাৰ্য্যৰ এক গুৰুত্বপূর্ণ নায়ক আছিল। সৈন্য-বীৰত্ব, শাসন-ব্যৱস্থাপনাৰ সজাগতা, দেৱালয় সংস্কাৰ আৰু বিদ্যা-সংস্কৃতি তথা বৈষ্ণৱ ধৰ্মপ্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অসম আৰু উত্তৰ-পূৰ্ব ভাৰতৰ ইতিহাসত বিশেষ উল্লেখযোগ্য।
-
নৰনাৰায়ণ
মহাৰাজ নৰনাৰায়ণ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ তৃতীয় আৰু অন্তিম ৰজা আছিল। তেওঁৰ আগৰজন ৰজা আছিল দেউতাক বিশ্বসিংহ। নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যই ইয়াৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। তেওঁ নাৰায়ণী নামেৰে এবিধ ৰূপৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰাইছিল।
-
কোচ ৰাজবংশ
অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা) কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে।
-
গায়ত্ৰী দেৱী
মহাৰাণী গায়ত্ৰী দেৱী (Maharani Gayatri Devi; জন্ম কোঁচবিহাৰৰ ৰাজকুমাৰী গায়ত্ৰী দেৱী; ২৩ মে ১৯১৯-২৯ জুলাই ২০০৯) মহাৰজা সাৱাই মান সিং দ্বিতীয়ৰ সৈতে বিবাহসূত্ৰে ১৯৪০ৰ পৰা ১৯৪৯লৈ জয়পুৰৰ তৃতীয় মহাৰাণী আছিল।
-
বিশ্ব সিংহ
বিশ্ব সিংহ (১৫১৫-১৫৪০) কমতা ৰাজ্য শাসন কৰা কোচ ৰাজবংশৰ আদি ৰজা। তেওঁ কোচ বংশীয় আছিল। কোচসকলৰ শাসক হাজোৰ নাতি আৰু হাড়িয়া মণ্ডলৰ পুত্ৰ বিশ্ব সিংহই বাৰ ভূঞাসকলৰ বিৰুদ্ধে কেইবাটাও জনগোষ্ঠীক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ অৱশেষ এতিয়াও আছে।
-
জগদ্দিপেন্দ্ৰ নাৰায়ণ
জগদ্দিপেন্দ্ৰ নাৰায়ণ(১৯১৫ চনৰ ১৫ ডিচেম্বৰ – ১৯৭০ চনৰ ১১ এপ্ৰিল) ভাৰতৰ কোচবিহাৰৰ মহাৰাজ আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ব্ৰিটিছ বাহিনীত সেৱা আগবঢ়াই ১৯৪৯ চনত ভাৰত চৰকাৰক সম্পূৰ্ণ শাসক ক্ষমতা প্ৰদান কৰে।
-
নৃপেন্দ্ৰ নাৰায়ণ
নৃপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ, জিচিআইই (৪ অক্টোবৰ ১৮৬৩– ১৮ ছেপ্টেম্বৰ ১৯১১), সাধাৰণতে মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণ নামেৰে জনাজাত, ১৮৬৩ চনৰপৰা ১৯১১ চনত মৃত্যুৰ আগলৈকে ব্ৰিটিছ ভাৰতৰ ৰাজকীয় ৰাজ্য কোচবিহাৰৰ শাসক আছিল।
-
নৰেন্দ্ৰ নাৰায়ণ
নৰেন্দ্ৰ নাৰায়ণ (১৮৪১-১৮৬৩) ১৮৪৭ চনৰ পৰা ১৮৬৩ চনৰ ভিতৰত ভাৰতৰ কোচ বিহাৰ ৰাজ্যৰ ৰজা আছিল। ১৮৪৫ চনত তেওঁক তেওঁৰ খুৰাক কোচ বিহাৰৰ ৰজা শিৱেন্দ্ৰ নাৰায়ণে তুলি লয়, যেতিয়া তেওঁৰ নিজৰ পুত্ৰৰ কম বয়সতে মৃত্যু হয়।
-
ৰাজেন্দ্ৰ নাৰায়ণ
ৰজা ৰাজেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ (১৮৮২–১৯১৩) ভাৰতৰ পশ্চিমবংগৰ কোচবিহাৰৰ মহাৰাজ আছিল। তেওঁ আছিল ৰজা নৃপেন্দ্ৰ নাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ।
-
ইন্দিৰা দেৱী (কোচবিহাৰৰ মহাৰাণী)
ইন্দিৰা দেৱী জন্মগত নাম ইন্দিৰা ৰাজে। (জন্ম, ১৯ ফেব্ৰুৱাৰী ১৮৯২ –মৃত্যু, ৬ ছেপ্টেম্বৰ ১৯৬৮) বৃটিছ ভাৰতৰ ৰাজকীয় ৰাজ্য কোচবিহাৰৰ ৰাণী আছিল। বৰোডাৰ ৰাজকুমাৰী আছিল। মহাৰাজ ছায়াজিৰাও তৃতীয় গায়েকৱাদ আৰু তেওঁৰ দ্বিতীয় পত্নী চিমনাবাই দ্বিতীয়ৰ কন্যা।
-
জিতেন্দ্ৰ নাৰায়ণ
মহাৰাজ শ্ৰী ছাৰ জিতেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ কে চি এছ আই (২০ ডিচেম্বৰ ১৮৮৬ – ২০ ডিচেম্বৰ ১৯২২) ১৯১৩ চনৰ ছেপ্টেম্বৰৰ পৰা ১৯২২ চনৰ ডিচেম্বৰ মাহত মৃত্যুৰ আগলৈকে ভাৰতৰ কোচবিহাৰৰ মহাৰাজ আছিল। তেওঁ এগৰাকী ক্ৰিকেটাৰো আছিল।