অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কোচ হাজো

কোচ হাজো (১৫৮১ - ১৬১৬) কোচ ৰাজবংশৰ ৰজা ৰঘুদেৱ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ ৰাজ্য আছিল। এই ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰ নদৰ উত্তৰে পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ভাৰেলী নদী পৰ্যন্ত বিস্তৃত আছিল। কমতা ৰাজ্যৰ বিভাজনৰ পিছত এই ৰাজ্য গঠন কৰা হৈছিল। কমতা ৰাজ্য মধ্যযুগত কোচ ৰজা নৰনাৰায়ণৰ শাসনৰ অধীনত আছিল।

হালনাগাদ: ১৬ জুন ২০২০ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কোচ হাজো১ (১৫৮১ - ১৬১৬) কোচ ৰাজবংশৰ ৰজা ৰঘুদেৱ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ ৰাজ্য আছিল। এই ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰ নদৰ উত্তৰে পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ভাৰেলী নদী পৰ্যন্ত বিস্তৃত আছিল। কমতা ৰাজ্যৰ বিভাজনৰ পিছত এই ৰাজ্য গঠন কৰা হৈছিল।২ কমতা ৰাজ্য মধ্যযুগত কোচ ৰজা নৰনাৰায়ণৰ শাসনৰ অধীনত আছিল। সোণকোষ নদীয়ে নৱগঠিত দুইখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল। বৰ্তমান সময়ত সোণকোষ নদী অসম আৰু পশ্চিমবংগ ৰাজ্যৰ প্ৰাকৃতিক সীমা। কমতা ৰাজৰ পশ্চিম অংশ কোচ বিহাৰ ৰাজ্য আৰু পূব অংশ কোচ হাজো ৰাজ্য হিচাপে দুই অংশত বিভাজিত হৈছিল। হাজো নাম কোচ ৰাজবংশৰ এগৰাকী প্ৰাচীন প্ৰতাপী ৰজা হাজোৰ নামেৰে ৰখা হৈছিল। তেওঁ বৰ্তমান বাংলাদেশৰ ৰংপুৰ জিলা আৰু অসমৰ কিছু অংশত শাসন কৰিছিল বুলি জনা যায়।৩

তথ্যসূত্ৰ

  1. ↑ Called Koch Hajo in Persian chronicles, Kamrup in local sources Nath 1989, পৃ. 86
  2. ↑ Nath 1989, পৃ. 85
  3. ↑ Sircar 1990, পৃ. 171

সম্পৰ্কিত শ্ৰেণী

পুৰণি আৰু মধ্যযুগীয় অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচ হাজো” প্ৰবন্ধৰ সংশোধন ২৩৮৬৭৫ (১৬ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।