অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

হাঁওফাঁও

হাঁওফাঁও (lung) হৈছে উন্নত জীৱৰ মুখ্য শ্বাস অংগ। অধিকাংশ টেট্ৰাপ'ড, কিছু মাছ আৰু কিছু শামুকৰ হাঁওফাঁও থাকে। স্তন্যপায়ী আৰু জ়টিল জীৱবোৰৰ ৰাজহাড়ৰ কাষত হৃদযন্ত্ৰৰ দুয়ো কাষে দুটা হাঁওফাঁও থাকে।

হালনাগাদ: ২৪ আগষ্ট ২০২৪ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হাঁওফাঁও (lung) হৈছে উন্নত জীৱৰ মুখ্য শ্বাস অংগ। অধিকাংশ টেট্ৰাপ'ড, কিছু মাছ আৰু কিছু শামুকৰ হাঁওফাঁও থাকে। স্তন্যপায়ী প্ৰাণী আৰু জ়টিল জীৱবোৰৰ ৰাজহাড়ৰ কাষত হৃদযন্ত্ৰৰ দুয়ো কাষে দুটা হাঁওফাঁও থাকে। ইয়াৰ প্ৰধান কাম হৈছে বায়ুমণ্ডলৰ পৰা অম্লজান তেজলৈ পৰিবাহিত কৰা আৰু তেজৰ পৰা কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ নিষ্কাষণ কৰা। বায়ুৰ এই বিনিময় প্ৰক্ৰিয়াৰ বাবে এক বিশাল ক্ষেত্ৰফলৰ প্ৰযোজন হয়। বিশেষভাৱে বিকশিত বায়ুকোষ আৰু বহল তথা সংকুচিত হোৱাৰ ক্ষমতাৰ দ্বাৰা উশাহ নিশাহ লোৱাটো সম্ভৱকৰ হৈ উঠে। প্লিউৰা নামৰ আৱৰণী থকাৰ বাবে ই বুকুৰ বেৰৰ সৈতে ঘহনি নাখায়।

কাৰ্যপদ্ধতি

হাঁওফাঁওৰ কাৰ্যপদ্ধতি বুজিবৰ বাবে, নাক আৰু মুখৰ পৰা বায়ু বায়ুকোষলৈ যোৱা পথটোৰ অধ্যয়ন কৰা প্ৰয়োজন। মুখ বা নাকৰ পৰা বায়ু, ফেৰিংছৰ নেজ'ফেৰিংছ আৰু অৰ'ফেৰিছ, লেৰিংছ আৰু ট্ৰেকিয়াৰ মাজেৰে আগবাঢ়ে। ট্ৰেকিয়াৰ নিম্নাংশত ই দুডাল প্ৰধান ব্ৰংকাইলৈ বিভাজিত হয়; এই শাখাদুটাৰ পৰা ই সোঁ আৰু বাঁও হাঁওফাঁওৰ অসংখ্য ব্ৰংকাই আৰু ব্ৰংকাইলৰ শাখা-প্ৰশাখাৰ প্ৰণালীৰ মাজেৰে শেষত বায়ুকোষত প্ৰৱেশ কৰে। এই অসংখ্য বায়ুকোষবোৰতেই অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বিনিময় প্ৰক্ৰিয়া সম্পন্ন হয়।১

শ্বাস-প্ৰশ্বাস হৈছে এক পেশীয় ক্ৰিয়া; প্ৰাৰম্ভিক টেট্ৰাপ'ডৰ ক্ষেত্ৰত, বায়ু ফেৰেঞ্জিয়েল পেশীৰ দ্বাৰা বাকেল পাম্পিঙৰ মাধ্যমেদি হাঁওফাঁওত প্ৰৱেশ কৰিছিল, যিটো এতিয়াও উভচৰৰ ক্ষেত্ৰত দেখা পোৱা যায়। সৰীসৃপ, চৰাই আৰু স্তন্যপায়ীৰ শ্বাস কাৰ্যত পেশীয়কংকাল তন্ত্ৰই সহায় কৰে।

চিকিৎসা বিজ্ঞানত পৰিভাষা

চিকিৎসা-বিজ্ঞানত হাঁওফাঁওৰ লগত জড়িত পৰিভাষাত শব্দবোৰ সাধাৰণতে পালম'-, (যেনে- Adjectival form: পালমনেৰি, লেটিন ভাষাৰ পালমনেৰিয়াছ, অৰ্থ "হাঁওফাঁওৰ"ৰ পৰা), বা নিউম'- (গ্ৰীক πνεύμων "হাঁওফাঁও"ৰ পৰা) পদাংশৰে আৰম্ভ কৰা হয়।

শ্বাস-প্ৰশ্বাসৰ বাহিৰে আন কাৰ্য্য

শ্বাস-প্ৰশ্বাসৰ কাৰ্য্য যেনে বায়ু বিনিময় আৰু হাইড্ৰ'জেন আয়নৰ ঘনত্ব নিয়ন্ত্ৰণৰ উপৰিও হাওঁফাওঁৰ অন্যান্য কাৰ্য্যসমূহ হ'ল-

  • ধমনীয়ে তেজত ঔষধ হিচাপে ব্যৱহাৰ কৰা ‘সক্ৰিয় পদাৰ্থ’ আৰু ‘ঔষধ পদাৰ্থৰ ঘনত্ব’ত প্ৰভাৱ পেলায়।
  • শিৰাত গঠন হোৱা সৰু সৰু তেজৰ গোটবোৰ আঁতৰাই পেলায়।২
  • হৃদযন্ত্ৰক কোমল, আঁহযুক্ত আৱৰণ হিচাপে সুৰক্ষা দিবলৈ ব্যৱহাৰ কৰা হয়, যিয়ে হৃদযন্ত্ৰক প্ৰায় আগুৰি থাকে।

ক্ৰমবিকাশ

বৰ্তমানৰ স্থলজ মেৰুদণ্ডী প্ৰাণীৰ হাওঁফাওঁ, পূৰ্বৰ মাছৰ অন্ত্ৰৰ ওপৰৰ সৰু ভাঁজৰ পৰা বিকশিত হৈছিল, যিয়ে প্ৰাণীটোক অক্সিজেনৰ অভাৱত থকা পৰিৱেশত বায়ু ধৰি ৰখাত সহায় কৰিছিল।৩ সেয়েহে মেৰুদণ্ডী প্ৰাণীৰ হাওঁফাওঁ মাছৰ গেছৰ মূত্ৰাশয়ৰ সৈতে এনাল'গছ (মাছৰ ফুলৰ সৈতে নহয়) প্ৰতিফলন ঘটে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Wienberger, Cockrill, Mandel. Principles of Pulmonary Medicine. Elsevier Science
  2. ↑ Hoad-Robson, Rachel; Kenny, Tim. "The Lungs and Respiratory Tract". Patient.info. Patient UK
  3. ↑ Colleen Farmer (1997). "Did lungs and the intracardiac shunt evolve to oxygenate the heart in vertebrates"

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীৰ গঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাঁওফাঁও” প্ৰবন্ধৰ সংশোধন ৪২৯৫৬৯ (২৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।