অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সুমথিৰা টেঙা

সুমথিৰা টেঙা বা কমলা টেঙা (Orange) বৈজ্ঞানিক নাম - Citrus Sinensis ৷ সুমথিৰা টেঙাৰ ভিতৰত 'খাছি মান্দাৰিন' (Khasi mandarin) নামৰ জাতটো অসমত অতি জনপ্ৰিয় আৰু অসমৰ ঠাই বিশেষে এই জাতৰ সুমথিৰাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি সুমথিৰা বা কমলা খেতিৰ বাবে উপযোগী৷ সুমথিৰা…

হালনাগাদ: ২৪ মে’ ২০২৪ ২৭৫ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ
সুমথিৰা টেঙা
সুমথিৰা টেঙাছবি: Abdo laredj · CC BY-SA 4.0

সুমথিৰা টেঙা বা কমলা টেঙা (Orange) বৈজ্ঞানিক নাম - Citrus Sinensis ৷ সুমথিৰা টেঙাৰ ভিতৰত 'খাছি মান্দাৰিন' (Khasi mandarin) নামৰ জাতটো অসমত অতি জনপ্ৰিয় আৰু অসমৰ ঠাই বিশেষে এই জাতৰ সুমথিৰাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি সুমথিৰা বা কমলা খেতিৰ বাবে উপযোগী৷ ১ সুমথিৰা টেঙা উদ্ভিদ জগতৰ Rutaceae গোত্ৰৰ (family) Citrus জাতিৰ (genus) অন্তৰ্ভুক্ত। এই ফলবোৰৰ অনেক প্ৰকাৰ (species) পৃথীৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে।

অসমত যিবিধ ফলক সুমথিৰা বা কমলা টেঙা বুলি কওঁ, সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফল। ভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্ৰকাৰ আছে। উত্তৰ-পূৰ্বাঞ্চলত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ। অসমৰ কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্ৰকাৰ নতুবা প্ৰাকৃতিক বৰ্ণ সংকৰ (natural hybrid) যেন অনুমান হয়। ভাৰতৰ বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্ৰকাৰ ইতিমধ্যে পোৱা গৈছে। সেয়েহে এই দিশত গৱেষণাৰ প্ৰয়োজন আছে।

Oranges - whole-halved-segment.jpg
ছবি: Ivar Leidus · CC BY-SA 4.0

বৈশিষ্ট্য

সুমথিৰা টেঙা ৮৭% পানী, ১২% কাৰ্বহাইড্ৰেট, ১% প্ৰটিন থাকে, আৰু ইয়াত নগণ্য চৰ্বি থাকে। সুমথিৰা টেঙাৰ বাকলি সহজে এৰুৱাব পাৰি,সেইবাবে এই টেঙাক Loose-skinned orange বুলিও জনা যায়৷ আন ছাইট্ৰাছ ফলৰ ক্ষেত্ৰত বাকলি হাতেৰে গুচাবলৈ ইমান সহজ নহয়৷ সেয়ে সুমথিৰা টেঙাৰ জনপ্ৰিয়তা অধিক৷ সুমথিৰা টেঙাৰ গা-গছডাল চিৰ-সেউজীয়া আৰু অলপ ওখ৷ গা-গছত কিছু পৰিমানে কাঁইট থাকে৷ ফল এটা এটাকৈ হে লাগে৷ ঋতুজনিত ফল৷ শীতকালত প্ৰচুৰ পৰিমানে পোৱা যায়৷

উৎপত্তি স্থল

অসমৰ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলাৰ সোনাপুৰ আৰু বকো,গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত,যোৰহাট জিলাৰ মৰিয়নি,তিনিচুকীয়াৰ উপকণ্ঠ অঞ্চল,কাৰ্বি আংলং জিলা,ডিমা হাছাও জিলা পাৰ্বত্য জিলাত যথেষ্ট পৰিমানে সুমথিৰা উৎপন্ন হয়৷ অৰুণাচল প্ৰদেশৰ আলং,পাছিঘাট আদি অঞ্চলত সুমথিৰাৰ খেতি ভাল হয়৷

অৰ্থনৈতিক মূল্য

ৰবাব টেঙাৰ প্ৰতি ১০০ মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷

তথ্য সংগ্ৰহ

ড° চাদিকুল হুছেইন. (২০১১). বিলুপ্তিৰ পথত অসমৰ নেমুজাতীয় ফলসমূহ. প্ৰান্তিক

তথ্যসূত্ৰ

  1. ↑ ড° অন্নজ্যোতি গগৈ. (২০০৮). অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩৬

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমথিৰা টেঙা” প্ৰবন্ধৰ সংশোধন ৪২১৫৭৪ (২৪ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।