ৰুক্মিণী বিদৰ্ভ বা কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়ৰী আৰু দ্বাৰকাৰ ৰজা ভগৱান কৃষ্ণৰ প্ৰধান পত্নী আছিল। কৃষ্ণৰ খ্যাতিৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক মনে-প্ৰানে ভাল পাইছিল। ককায়েক ৰুক্মিৰ বন্ধু আৰু চেদীৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীৰ বিবাহ থিৰ কৰিছিল। এই কথাত অসন্মত হৈ ৰুক্মিণীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ গোপনে কৃষ্ণলৈ অনুৰোধ পঠিয়ায়। এই অনুৰোধত কৃষ্ণই তেওঁক হৰণ কৰি আনিছিল। ৰুক্মিণীক ধন আৰু সৌভাগ্যৰ দেৱী লক্ষ্মীৰ অৱতাৰ বুলিও গণ্য কৰা হয়।
কিংবদন্তি
কৃষ্ণই ৰুক্মিণীৰ ওপৰিও অন্য বহু নাৰীক বিবাহ কৰিছিল যদিও ৰুক্মিণীয়েই তেওঁৰ প্ৰধান পত্নী আৰু দ্বাৰকাৰ ৰাণী আছিল।১ যেতিয়া ৰুক্মিণীয়ে সন্তানৰ প্ৰাপ্তিৰ ইচ্ছা প্ৰকাশ কৰিছিল, তেতিয়া কৃষ্ণই তেওঁৰ গৰুড় বাহনত তুলি কৈলাশলৈ লৈ গৈছিল, আৰু তেওঁৰ পত্নীৰ ইচ্ছা শিৱৰ আগত প্ৰকাশ কৰিছিল। তেতিয়া শিৱই ৰুক্মিণীক আশীৰ্বাদ দিলে যে তেওঁ পূৰ্বে তৃতীয় নেত্ৰৰ দ্বাৰা ভষ্মীভূত কৰা কামদেৱ ৰুক্মিণীৰ গৰ্ভত নতুন অৱতাৰ হিচাপে জন্ম লাভ কৰিব। এইদৰেই প্ৰদ্যুম্নৰ জন্ম হয়।২ শাস্ত্ৰসমূহত উল্লেখ আছে যে ৰুক্মিণী আৰু কৃষ্ণৰ অন্যান্য পত্নীসকলে ভগ্নীৰ দৰে জীৱন নিৰ্বাহ কৰিছিল।
ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণৰ মতে ৰুক্মিণী আৰু কৃষ্ণৰ দহজন পুত্ৰ আছিল— প্ৰদ্যুম্ন, চাৰুদেষ্ণ, সুদেষ্ণ, চাৰুদেহ, সুচাৰু, চাৰুগুপ্ত, ভদ্ৰচাৰু, চাৰুচন্দ্ৰ, বিচাৰু আৰু চাৰু।৩৪ হৰিবংশৰ মতে ৰুক্মিণীৰ পুত্ৰসমূহৰ নাম হৈছে— প্ৰদ্যুম্ন, চাৰুদেষ্ণ, চাৰুচন্দ্ৰ, চাৰুগৰ্ভ, সুদংষ্ট্ৰ, দ্ৰুম, সুসেন, চাৰুগুপ্ত, চাৰুবিন্দ, আৰু চাৰুবাহু। মহাভাৰতৰ অনুষাসন পৰ্বত অন্য এখন তালিকা পোৱা যায়৷ সেই অনুসৰি ৰুক্মিণীৰ পুত্ৰসকল হৈছে প্ৰদ্যুম্ন, চাৰুদেষ্ণ, সুচাৰু, চাৰুবেশ, যশোধন, চাৰুশ্ৰবাস, চাৰুয়ষাস আৰু সম্ভু৷৫ বিষ্ণু পুৰাণত উল্লেখ কৰা হৈছে যে ৰুক্মিণীৰ চাৰুমতী নামৰ এগৰাকী কন্যাও আছিল।৬৭
গ্ৰন্থপঞ্জী
- Rajachudamani Dikshita; English introduction, P.P. Subramanya Sastry. (1920). Rukmini Kalyanam (Sanskrit). Sri Vani Vilas Press, Srirangam
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (1976). Books 8-12: Krishna, spirit of delight. Vighneswara Publishing House. পৃ. 740
- ↑ Mani, Vettam. (2015-01-01). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃ. 594. ISBN 978-81-208-0597-2
- ↑ Gita Press Gorakhpur. Vishnu Puran. পৃ. 389
- ↑ Sinha, Purnendu Narayana. (1950). A Study of the Bhagavata Purana: Or, Esoteric Hinduism. Library of Alexandria. ISBN 978-1-4655-2506-2
- ↑ The Mahabharata, Book 13: Anusasana Parva: Anusasanika Parva: Section XIV. sacred-texts.com
- ↑ Dalal, Roshen. (2010). Hinduism: An Alphabetical Guide. Penguin Books India. ISBN 978-0-14-341421-6
- ↑ Gita Press Gorakhpur. Vishnu Puran. পৃ. 389
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুক্মিণী” প্ৰবন্ধৰ সংশোধন ৫৩৮১০৫ (১০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।