অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাউৰী

কাউৰী ( Crow ) কৰ্ভিডে পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি চৰাই। কাউৰী সকলো গ্ৰীষ্মমণ্ডলীয় মহাদেশত ( দক্ষিণ আমেৰিকাৰ বাহিৰে) আৰু কেইবাটাও দ্বীপ অঞ্চলত বিস্তৃত। কৰ্ভাছ প্ৰজাতিৰ প্ৰায় ৪০টা ভিন্ন প্ৰজাতিৰ কাউৰী আছে। কৰ্ভিডে প্ৰজাতিৰ প্ৰায় এক তৃতীয়াংশ বিভিন্ন প্ৰজাতিৰ কাউৰীৰে গঠিত।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৬০ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কাউৰী ( Crow ) কৰ্ভিডে পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি চৰাই। কাউৰী সকলো গ্ৰীষ্মমণ্ডলীয় মহাদেশত ( দক্ষিণ আমেৰিকাৰ বাহিৰে) আৰু কেইবাটাও দ্বীপ অঞ্চলত বিস্তৃত। কৰ্ভাছ প্ৰজাতিৰ প্ৰায় ৪০টা ভিন্ন প্ৰজাতিৰ কাউৰী আছে। কৰ্ভিডে প্ৰজাতিৰ প্ৰায় এক তৃতীয়াংশ বিভিন্ন প্ৰজাতিৰ কাউৰীৰে গঠিত। বেছিভাগ কাউৰীৰ ৰং ক’লা। কাউৰীৰ উৎপত্তি মধ্য এছিয়াত হৈছিল। তাৰ পৰাই উত্তৰ আমেৰিকা, আফ্ৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়ালৈ বিয়পি পৰে।

কাউৰীক পৃথিৱীৰ আটাইতকৈ চতুৰ চৰাই বুলি গণ্য কৰা হয়। কেৱল সেয়াই নহয়, ইহঁতক প্ৰাণী জগতৰ অন্যতম চতুৰ প্ৰাণী বুলি গণ্য কৰা হয়। ১ আধুনিক গৱেষণাই দেখুৱাইছে যে কাউৰীয়ে কেৱল যন্ত্ৰপাতি ব্যৱহাৰ কৰাই নহয়, যন্ত্ৰ নিৰ্মাণতো পাকৈত।

আচৰণ

সমূহীয়া বৈঠক

প্ৰজনন নকৰা মাহত, বিশেষকৈ শীতকালতে ২০০ৰ পৰা হাজাৰ হাজাৰ কাউৰী সমূহীয়া বৈঠক মিলিত হয়৷ এই সমাৱেশবোৰ জাবৰ পেলোৱা ঠাই আৰু শ্বপিং চেণ্টাৰৰ দৰে বৃহৎ খাদ্যৰ উৎসৰ ওচৰত হোৱাৰ প্ৰৱণতা থাকে।২

খেল

খেলি থকা কাউৰীৰ অগণন কাণ্ড লিপিৱদ্ধ কৰা হৈছে‍। বহুতো আচৰণবিদে বুদ্ধিমান প্ৰাণীৰ জীৱনত খেলা-ধূলাক এক অপৰিহাৰ্য গুণ হিচাপে লয়।৩

মাত

কাউৰী আৰু এই প্ৰজাতিৰ আন সদস্যসকলে বিভিন্ন ধৰণৰ মাত বা কণ্ঠস্বৰ উলিয়ায়৷৪ কাউৰীয়েও আন প্ৰজাতিৰ মাতৰ প্ৰতি সঁহাৰি জনোৱা দেখা গৈছে; অনুমানিকভাৱে, এই আচৰণ শিকিব পাৰে‍ কাৰণ ই আঞ্চলিকভাৱে ভিন্ন হয়।৫ কাউৰীৰ কণ্ঠস্বৰ জটিল আৰু ভালদৰে বুজিব পৰা হোৱা নাই। কাউৰীয়ে মতা বহু মাতৰ ভিতৰত কিছুমান হৈছে "কাউৱ", সাধাৰণতে চৰাইৰ মাজত আগলৈ পিছলৈ প্ৰতিধ্বনিত হয়, দীঘলীয়া কা আৰু তাৰ পিছত চুটি কা (সাধাৰণতে চৰাই এটাই এঠাইৰ পৰা উৰা মাৰিলে মতা মাত), এটা প্ৰতিধ্বনিৰ দৰে "এহ-আউ" শব্দ, আৰু অধিক। এই কণ্ঠস্বৰ প্ৰজাতি অনুসৰি ভিন্ন হয় আৰু প্ৰতিটো প্ৰজাতিৰ ভিতৰত আঞ্চলিকভাৱে ভিন্ন হয়। বহু প্ৰজাতিৰ ক্ষেত্ৰত চৌপাশৰ পৰিঘটনা (যেনে কাউৰীৰ আগমন বা প্ৰস্থান)ৰ প্ৰতিক্ৰিয়াত অসংখ্য কণ্ঠস্বৰৰ আৰ্হি আৰু সংখ্যা সলনি হোৱা দেখা গৈছে।৬

খাদ্য

কাউৰী সৰ্বভোজী, আৰু ইহঁতৰ খাদ্য অতি বৈচিত্ৰ্যময়। ইহঁতে আন চৰাই, ফল-মূল, বাদাম, মলস্ক, কেঁচু, গুটি, বেং, কণী, বাহৰ পোৱালি, নিগনি, গেলা-পচা মাংস আদি প্ৰায় যিকোনো খাদ্য খায়। শস্যৰ পথাৰত পোক খাবৰ বাবে কাউৰীক ৰখীয়া হিচাপে থোৱা ব্যৱস্থাৰ উৎপত্তি কাউৰীয়ে কৰা অবিৰত ক্ষতিৰ ফলত সূচনা হৈছিল, যদিও কাউৰীয়ে তেওঁলোকৰ শস্যৰ প্ৰতি আকৰ্ষিত পোক-পৰুৱা খাই কৃষকক সহায় কৰে।৭

প্ৰজনন

মাইকী কাউৰীয়ে‍ তিনি বছৰ আৰু মতা কাউৰীয়ে‍ পাঁচ বছৰ বয়সত যৌন পৰিপক্কতা লাভ কৰে। এবাৰত প্ৰায় তিনিৰ পৰা নটা কণী উমনি দিয়ে‍, আৰু উমনি কাল ২০ৰ পৰা ৪০ দিনৰ ভিতৰত হয়। কাউৰীয়ে সাধাৰণতে আজীৱন সংগম কৰিলেও অতিৰিক্ত যোৰৰ সংগম অস্বাভাৱিক নহয় ৮৯ আৰু আগৰ বছৰৰ পোৱালিবোৰে প্ৰায়ে বাহ সজা যোৰক এটা বাহ ৰক্ষা কৰাত সহায় কৰে আৰু বাহৰ পোৱালিক খাদ্য খুৱাই।১০

চহৰ অঞ্চলতে মানুহৰ দ্বাৰা ব্যৱহৃত সামগ্ৰীৰে কাউৰীয়ে বাহ সজাৰ ফলত বাহৰ জটিলতা বাঢি়ছে‍ আৰু দুৰ্বল পুষ্টিৰ বাবে বৃদ্ধি স্তব্ধ হোৱাৰ দৰে ভাবুকিৰ সন্মুখীন হৈছে৷১১১২

আয়ুস আৰু ৰোগ

কিছুমান কাউৰী ২০ বছৰ বয়সলৈকে জীয়াই থাকে আৰু বনাঞ্চলত আটাইতকৈ পুৰণি আমেৰিকান কাউৰীটোৰ বয়স আছিল প্ৰায় ৩০ বছৰ৷১৩ আটাইতকৈ পুৰণি নথিভুক্ত বন্দী কাউৰীটোৰ মৃত্যু হয় ৫৯ বছৰ বয়সত।১৪ শেহতীয়াকৈ উত্তৰ আমেৰিকাত যোগ দিয়া পশ্চিম নীল ভাইৰাছৰ প্ৰতি আমেৰিকাৰ কাউৰী অতিশয় সংৱেদনশীল।১৫ সাধাৰণতে আমেৰিকান কাউৰীয়ে এই ৰোগত আক্ৰান্ত হোৱাৰ এসপ্তাহৰ ভিতৰতে মৃত্যুমুখত পৰে আৰু অতি কম সংখ্যকেহে এই ৰোগৰ সংস্পৰ্শলৈ আহি জীয়াই থাকে।

তথ্যসূত্ৰ

  1. ↑ (2010-10-24). A Murder of Crows. Nature. PBS video
  2. ↑ Caccamise, D., Reed, L. and Stouffer, P. (1997). Roosting Behavior and Group Territoriality in American Crows. The Auk, 114(4), 628-637
  3. ↑ Bekoff, Mark & Byers, John (1998). Animal Play: Evolutionary, Comparative and Ecological Perspectives
  4. ↑ Chamberlain, Dwight R; Cornwell, George W. (1971). Selected Vocalizations of the Common Crow. The Auk. পৃ. 613–634
  5. ↑ Can Crows Talk Like Parrots, can Crows Mimic Human Voice – Science Facts
  6. ↑ birdy. (2022-05-06). Can crows talk like parrots? (Facts + Video). birdsology
  7. ↑ Crow Facts . crowbusters.com
  8. ↑ dlnr.hawaii.gov/wildlife/files/2019/03/SWAP-2015 Forest Birds - Corvus hawaiiensis
  9. ↑ unipub.uni-graz.at/obvugrhs/content/titleinfo/26 The quality of breeding-pair relationships in ravens and crows
  10. ↑ Allaboutbirds.org, (2014). American Crow. [online] Available at: www.allaboutbirds.org/guide/american_crow/lifehi
  11. ↑ Andrea K Townsend and Christopher M Barker (2014). Plastic and the Nest Entanglement of Urban and Agricultural Crows. Heiss, R., Clark, A. and McGowan, K. (2009)
  12. ↑ Growth and nutritional state of American crow nestlings vary between urban and rural habitats. Ecological Applications, 19(4), 829-839
  13. ↑ McGowan, K.J. "Frequently Asked Questions About Crows", Cornell Lab of Ornithology
  14. ↑ Crow Believed to Be Oldest in World Dies. Associated Press via Washington Post (7 July 2006)
  15. ↑ Why West Nile virus kills so many crows

সম্পৰ্কিত শ্ৰেণী

অসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাউৰী” প্ৰবন্ধৰ সংশোধন ৬২৪৪৩৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।