অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উজনি ছিয়াং জিলা

উজনি ছিয়াং জিলা (Upper Siang, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। দেশৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা উজনি ছিয়াং অন্তিম চতুৰ্থখন জিলা। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

উজনি ছিয়াং জিলা (Upper Siang, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। দেশৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা উজনি ছিয়াং অন্তিম চতুৰ্থখন জিলা।১ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।

ইতিহাস

১৯৯৯ চনত পূৰ্বৰ পূব ছিয়াং জিলাৰ একাংশ পৃথক কৰি উজনি ছিয়াং জিলা প্ৰতিষ্ঠা কৰা হৈছিল।২

ভৌগোলিক অৱস্থান

উজনি ছিয়াং জিলাৰ মুঠ মাটিকালি ৬১১৮ বৰ্গ কিলোমিটাৰ। এই জিলাৰ সদৰ ঠাই ইংকিয়ং (Yingkiong)৩

জিলাখনত উজনি ছিয়াং জলবিদ্যুৎ প্ৰকল্প অৱস্থিত।

প্ৰশাসনিক বিভাগ

উজনি ছিয়াং জিলাত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ দুটা সমষ্টি আছে: টুটিং-ইংকিয়ং (Tuting-Yingkiong) আৰু মাৰিয়াং-গেকু (Mariyang-Geku) সমষ্টি। এই দুয়োটা পূব অৰুণাচল লোক সভা সমষ্টিৰ অন্তৰ্গত।৪

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি ছিয়াং জিলাৰ মুঠ জনসংখ্যা ৩৫,২৮৯ জন।৫ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩৭।৫ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত পাঁচজন।৫ ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২০০১-২০১১।৫ উজনি ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৯১ গৰাকী।৫ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৫৯.৯৪%।৫

উজনি ছিয়াং জিলাৰ অধিবাসীসকল মূলত: আদি আৰু মেম্বা (Memba) জনজাতিৰ লোক। আদি লোকসকলে ডনী প’ল’ আৰু মেম্বা সকলে তিব্বতীয় বৌদ্ধ ধৰ্ম অনুসৰণ কৰে।

জিলাখনত ব্যৱহৃত প্ৰধান ভাষাটো হৈছে আদি ভাষা। এই ভাষা চীন-তিব্বতীয় মূলৰ আৰু ইয়াক তিব্বতীয় লিপি আৰু লেটিন লিপি দুয়োবিধ ব্যৱহাৰ কৰি লিখা হয়। বৰ্তমান আদি ভাষা ভাষী লোকৰ সংখ্যা ১,৪০,০০০ বুলি জান যায়।৬

জৈৱবৈচিত্ৰ্য

১৯৮৬ চনত উত্তৰ ছিয়াং জিলাৰ ৪৮৩ বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি মৌলিং ৰাষ্ট্ৰীয় উদ্যান (Mouling National Park) প্ৰতিষ্ঠা কৰা হয়।৭ এই জিলাতে এক সম্পূৰ্ণ নতুন আপুৰুগীয়া স্তন্যপায়ী প্ৰাণী আৱিষ্কাৰ হয়। এই প্ৰাণীটোৰ নাম Mebo giant flying squirrel (Petaurista siangensis)।৮

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in
  2. ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
  3. ↑ Srivastava, Dayawanti et al. (ed.). (2010). India 2010: A Reference Annual. Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), ভাৰত চৰকাৰ. পৃ. 1113. ISBN 978-81-230-1617-7
  4. ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
  5. ↑ (2011). District Census 2011. Census2011.co.in
  6. ↑ M. Paul Lewis. (2009). Adi: A language of India. Ethnologue: Languages of the World. SIL International
  7. ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh
  8. ↑ Choudhury, A.U. (2013). Description of a new species of giant flying squirrel of the genus Petaurista Link, 1795 from Siang Basin, Arunachal Pradesh in North East India. The NL & Journal of the Rhino Foundation for nat. in NE India 9: 30–38, plates

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উজনি ছিয়াং জিলা” প্ৰবন্ধৰ সংশোধন ৩৮০১৫৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।