অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জীয়া ভৰলী

জীয়া ভৰলী নৈ (পুৰণি নাম ভৰলী নৈ), ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নৈৰ উৎপত্তি হৈছে। বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নৈ আৰু অসমত জীয়া ভৰলী বুলি জনা যায়। জীয়া ভৰলী দীঘে প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জীয়া ভৰলী নৈ (পুৰণি নাম ভৰলী নৈ), ব্ৰহ্মপুত্ৰ নদৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নৈৰ উৎপত্তি হৈছে। বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নৈ আৰু অসমত জীয়া ভৰলী বুলি জনা যায়। জীয়া ভৰলী দীঘে প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিয়পি আছে।

উৎপত্তি আৰু গতিপথ

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। ইয়াৰ অৱস্থান হৈছে।১ কামেং নদীখন দক্ষিণ তিব্বতৰ ভাৰত-তিব্বত সীমান্তত উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মাজেদি বৈ গৈছে। ইয়াৰ পিছত ই অসমৰ শোণিতপুৰ জিলাত প্ৰৱেশ কৰিছে। কলীয়াভোমোৰা সেতুৰ পূব দিশে তেজপুৰত ই ব্ৰহ্মপুত্ৰ নদৰ লগত মিলি গৈছে।২

ভূগোল

কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।৩

কামেং নদীখনে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলা আৰু পশ্চিম কামেং জিলাৰ সীমা নিৰ্ধাৰিত কৰিছে। ইয়াৰ উপৰিও ই দুখন বনাঞ্চলৰ মাজত সীমা নিৰ্ধাৰিত কৰিছে। নদীখনৰ পশ্চিমে ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য আৰু পূবে পক্বে ব্ৰাঘ্য প্ৰকল্প আৰু অসমত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত।৪ কামেং নদীৰ পূবে ডফলা পাহাৰ আৰু পশ্চিমে অকা পাহাৰ অৱস্থিত।

উপনদী

ভালুকপুঙ-ব’মডিলা পথত তিপ্পি নামৰ গাঁৱত তিপ্পি নদী কামেং নদীৰ লগ হৈছে। তিপ্পি নদী ঈগলনেষ্ট-ছেছা অভয়াৰণ্যৰ মাজেদি বৈ গৈছে। কামেং নদীৰ আন উপনৈ সমূহ হৈছে টেঙা, বিচম, ডিৰাঙ ছু ইত্যাদি।৫

সংৰক্ষিত বনাঞ্চল

কামেং নদী উপত্যকাৰ দুখন মুখ্য বনাঞ্চল আছে: পক্বে ব্ৰাঘ্য প্ৰকল্প (নদীখনৰ পূবত অৱস্থিত) আৰু ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য (নদীখনৰ পশ্চিমত অৱস্থিত)।

তথ্যসূত্ৰ

  1. ↑ Alpine Club Library - Himalayan Index - Results of Search by latitude/longitude
  2. ↑ Eaglenest Biodiversity Project map of Western Arunachal Pradesh
  3. ↑ Rao, K.L. (1979). India's Water Wealth. Orient Blackswan. পৃ. 78. ISBN 978-81-250-0704-3
  4. ↑ Eaglenest Biodiversity Project map of Eaglenest Wildlife Sanctuary
  5. ↑ Nandy S.N. District Profile: WEST KAMENG DISTRICT, G.B. Pant Institute of Himalayan Environment and Development, Kosi-Katarmal, Almora 263643, India WEST KAMENG DISTRICT

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নদীঅসমৰ নদীঅৰুণাচল প্ৰদেশব্ৰহ্মপুত্ৰ নদীৰ উপনৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীয়া ভৰলী” প্ৰবন্ধৰ সংশোধন ৫৬৫৬৬৯ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।