অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পশ্চিম কামেং জিলা

পশ্চিম কামেং জিলা (pronounced ) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাখনে অৰুণাচল প্ৰদেশৰ ৮.৮৬% মাটিকালি আগুৰি আছে৷ পশ্চিম কামেং জিলাৰ নাম জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ কামেং নদীৰ পৰা আহিছে৷ এই জিলাৰ সদৰ ঠাই বমডিলা৷ জিলাখনৰ মূল অধিবাসীসকল মনপা, মিজি, আকা, শ্বেৰডুকপেন…

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

পশ্চিম কামেং জিলা (pronounced ) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাখনে অৰুণাচল প্ৰদেশৰ ৮.৮৬% মাটিকালি আগুৰি আছে৷ পশ্চিম কামেং জিলাৰ নাম জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ জীয়া ভৰলীৰ পৰা আহিছে৷ এই জিলাৰ সদৰ ঠাই বমডিলা৷ জিলাখনৰ মূল অধিবাসীসকল মনপা, মিজি, আকা, শ্বেৰডুকপেন আৰু বুগুন জনজাতিৰ লোক৷

ইতিহাস

কামেং জিলাৰ ভুখণ্ড ঐতিহাসিকভাৱে মিজি আৰু আকা জনজাতিৰ নেতাই শাসন কৰিছিল৷ দশম আৰু বাৰশ শতিকাত নিৰ্মিত ভালুকপুং দুৰ্গ আৰু সোতৰশ শতিকাত নিৰ্মিত দিৰাং দুৰ্গ আদিয়ে ইয়াৰ প্ৰমাণ দিয়ে৷

ব্ৰিটিছৰ আগমণৰ পিছত এই সমগ্ৰ অঞ্চলক নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেঞ্চী নাম দিয়া হয়৷ ১৯১৯ চনত ইয়াক বালিপাৰা ফ্ৰন্টিয়াৰ ট্ৰেক্ট (Balipara Frontier tract) হিচাপে অভিহিত কৰি অসমৰ চাৰদুৱাৰত ইয়াৰ সদৰ পতা হয়৷ ১৯৪৬ চনত বালিপাৰাৰ পৰা কামেং অংশ পৃথক কৰি চেলা চাব এজেঞ্চী (Sela Sub-Agency) নাম দিয়া হয় কিন্তু সদৰ চাৰদুৱাৰতে ৰখা হয়৷

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত চেলা চাব এজেঞ্চীক কামেং ফ্ৰন্টিয়াৰ ডিভিজন নাম দিয়া হয়৷ ১৯৫৪ চনত ইয়াৰ সদৰ বমডিলালৈ স্থানান্তৰ কৰে৷ পৰৱৰ্তী কালৰ কামেং ফ্ৰন্টিয়াৰ ডিভিজনৰ নাম কামেং জিলা ৰখা হয়৷ ১৯৮০ চনৰ ১ জুনত এই কামেং জিলাক পৃথক কৰি পূব আৰু পশ্চিম কামেং নামেৰে দুখন জিলা সৃষ্টি কৰা হয়৷১ পশ্চিম কামেং জিলাৰে একাংশ পৃথক কৰি ১৯৮৪ চনৰ ৬ অক্টোবৰত টাৱাং জিলা গঠন কৰা হয়৷১

ভৌগোলিক অৱস্থান

পশ্চিম কামেং জিলাৰ মুঠ মাটিকালি ৭,৪৪২ বৰ্গ কিলোমিটাৰ৷২ এই জিলাৰ উত্তৰে তিব্বত স্বায়ত্তশাসিত অঞ্চল, পশ্চিমে ভূটান, উত্তৰ-পশ্চিমে টাৱাং জিলা আৰু পূবে পূব কামেং জিলা অৱস্থিত৷ জিলাখনৰ দক্ষিণে অসমৰ শোণিতপুৰ আৰু ওদালগুৰি জিলা৷

পশ্চিম কামেং জিলাৰ অধিকাংশ হিমালয় পৰ্বতৰ অংশ৷ এই জিলাৰ সৰ্বোচ্চ শিখৰ হৈছে কাংটে (Kangte)৷ পূব কামেং জিলাৰ দৰেই এই জিলাৰো জলবায়ু উত্তৰে তুন্দ্ৰা আৰু নৱেম্বৱৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই অঞ্চলত বৰফো পৰে৷

অৰ্থনীতি

এই জিলাৰ অধিকাংশ লোকে জুম খেতি কৰি জীৱন নিৰ্বাহ কৰে৷ বোৱাঁ-কটা আৰু হস্ত শিল্পৰ দৰে কিছু কুটীৰ শিল্পও এই জিলাত প্ৰচলিত৷

প্ৰশাসন

এই জিলা তিনিটা মহকুমাত বিভক্ত: থ্ৰিজিন’ (Thrizino), ৰূপা (Rupa) আৰু বমডিলা (Bomdila)৷ এই মহকুমা কেইটা পুনৰ বাৰটা প্ৰশাসনিক বৃত্তত বিভক্ত কৰা হৈছে: দিৰাং (Dirang), বমডিলা (Bomdila), কালাকটাং (Kalaktang), বালেমু (Balemu), ভালুকপুং (Bhalukpong), জামেৰী (Jameri), চিনচুং (Sinchung), নাফ্ৰা (Nafra), থ্ৰিজুন’ (Thrizino), ৰূপা (Rupa), থেমবাং (Thembang) আৰু শ্বেৰগাওঁ (Shergaon)৷

জিলাখনত অৰুণাচল প্ৰদেশ বিধানসভাৰ চাৰিটা সমষ্টি আছে: দিৰাং, কালাকটাং, থ্ৰিজিন’-বুঢ়াগাওঁ আৰু বমডিলা৷ এই গোটেইবোৰ অঞ্চল পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷৩

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম কামেং জিলাৰ মুঠ জনসংখ্যা ৮৭,০১৩ জন৷৪ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৮৷৪ এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১২ জন৷৪ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৬.৬৪%।৪ পশ্চিম কামেং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৭৫৫ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৯.৪%৷ ৪

ভাষা

পশ্চিম কামেং জিলাত পাঁচটা মূল জনজাতিৰ লোকে বাস কৰে: মনপা (মূলতঃ দিৰাং, ভোট (Bhut), লিছ (Lish) আৰু কালাকটাং মনপা (Kalaktang Monpa)-ত অঞ্চলত), মিজি (চাজ’লাং (Sajolang)), শ্বেৰডুকপেন (Sherdukpen), আকা (Hrusso), আৰু বুগুণ (Khowa)৷

পশ্চিম কামেং জিলাত ব্যৱহৃত মূল ভাষাবোৰ হৈছে:

  • পুৰ’ইক (Puroik) ভাষা
  • হ্ৰুছ’ (Hruso) ভাষা-আকাসকলৰ মাজত
  • মিজি (Miji) ভাষা
  • খ’-বৱা (Kho-Bwa) ভাষা
    • খ’ৱা (Khowa) ভাষা বুগুণ জনজাতিৰ
    • শ্বেৰডুকপেন (Sherdukpen) ভাষা
    • চাৰটাং (Sartang) ভাষা
    • লিছ (Lish) ভাষা
  • ব’ডিছ (Bodish) ভাষা
    • ব্ৰ’কপা (Brokpa) ভাষা
    • চাংলা (Tshangla) ভাষা

ধৰ্ম

পশ্চিম কামেং জিলাৰ অধিকাংশ লোক বৌদ্ধ ধৰ্মী যদিও আকা আৰু মিজি জনজাতিৰ কিছু লোক দ’নী পলৰ অনুগামী৷

জৈববৈচিত্ৰ্য

১৯৮৯ চনত পশ্চিম কামেং জিলাৰ ২১৭ বৰ্গ কিলোমিটাৰ আগুৰি ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য গঠন কৰা হয়৷৫ এই জিলাতে ১৯৮৯ চনত ১০০ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত চেচা অৰ্কিড অভয়াৰণ্য (Sessa Orchid Wildlife Sanctuary) গঠন কৰা হয়৷৫

তথ্যসূত্ৰ

  1. ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
  2. ↑ Srivastava, Dayawanti et al. (ed.). (2010). India 2010: A Reference Annual. Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), ভাৰত চৰকাৰ. পৃ. 1113. ISBN 978-81-230-1617-7
  3. ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
  4. ↑ (2011). District Census 2011. Census2011.co.in
  5. ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম কামেং জিলা” প্ৰবন্ধৰ সংশোধন ৬৩০৮২২ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।