নামনি সোৱণশিৰি জিলা (Lower Subansiri district, Pron:/su:bənˈsɪɹi/) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। জিলাখনৰ সদৰ ঠাই হৈছে জিৰ’ নগৰ। এই জিলাৰ মাটিকালি ৩৪৬০ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনগোষ্ঠী আৰু আপাতানি জনজাতিৰ।
ইতিহাস
নামনি সোৱণশিৰি জিলা ১৯৮৭ চনত পূৰ্বৰ সোৱণশিৰি জিলাক উজনি আৰু নামনি অংশ পৃথক কৰি সৃষ্টি কৰা হৈছিল।১
এই জিলাৰ ইতিহাসত চুতীয়া সাম্ৰাজ্যৰ এটা উল্লেখযোগ্য ভূমিকা আছে। জিলাখন বাৰশ শতিকাত চুতীয়া ৰজা বীৰপালৰ অধীনলৈ আহে, ১৯৯৯ চনত এই জিলাৰ একাংশ পৃথক কৰি পাপুমপাৰে জিলা গঠন কৰা হয়।১ ইয়াৰ পিছতে ২০০১ চনৰ এক এপ্ৰিলৰ দিনা পুনৰ একাংশ লৈ কুৰুং কুমেই জিলা গঠন হয়।১
২০১৭ চনত নামনি সোৱণশিৰি জিলাৰে ৰাগা, দলুংমুখ আৰু কুম্পিৰিজ’ চাৰ্কোলক লৈ অন্য এখন নতুন জিলা কামলে জিলা (Kamle district) নামেৰে গঠন কৰাৰ সিদ্ধান্ত কৰা হয়।২
ভৌগোলিক অৱস্থান
নামনি সোৱণশিৰি জিলাৰ সদৰ ঠাই জিৰ’ নগৰ। এই জিলাখনৰ মুঠ মাটিকালি ৩৪৬০ বৰ্গ কিলোমিটাৰ। জিলাখনৰ উত্তৰে উজনি সোৱণশিৰি জিলা, দক্ষিণে পাপুমপাৰে জিলা, পূবে পশ্চিম ছিয়াং জিলা আৰু উজনি সোৱণশিৰি জিলাৰ কিছু অংশ আৰু পশ্চিমে পূব কামেং জিলা অৱস্থিত।
প্ৰশাসনিক বিভাগ
নামনি সোৱণশিৰি জিলাৰ প্ৰশাসনিক বৃত্ত ছটা হৈছে- জিৰ’, য়াচুলি (Yachuli), পিষ্টানা (Pistana), ৰাগা ( Raga), কম্প’ৰিজ’ (Kamporijo) আৰু দলুংমুখ (Dollungmukh)। জিলাখনত আকৌ তিনিটা ব্লকত বিভক্ত- জিৰ-প্ৰথম, জিৰ’-দ্বিতীয় আৰু তামেন-ৰাগা (Tamen-Raga) ব্লক।
নামনি সোৱণশিৰি জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে- য়াচুলি আৰু জিৰ’-হাপ’লি (Ziro-Hapoli)। এই দুয়োটা সমষ্টি পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত।৩
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি সোৱণশিৰি জিলাৰ জনসংখ্যা ৮২,৮৩৯ জন।৪ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এইজিলাৰ স্থান ৬২৩।৪ এই জিলাখনৰ অধিকাংশ লোকেই নিচি আৰু আপাতানি জনজাতিৰ। এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৪ জন।৪ ২০০১-২০১১ দশকত জিলখনৰ জনসংখ্যা বৃ্দ্ধিৰ হাৰ আছিল ৪৮.৬৫%।৪ নামনি সোৱণশিৰি জিলাৰ প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৭৫ গৰাকী।৪ আৰু সাক্ষৰতাৰ হাৰ ৭৬.৩৩%।৪
ভাষা
এই জিলাত ব্যৱহৃত মূল ভাষাবোৰ হৈছে আপাতানি আৰু নিচি ভাষা। ৫
সংস্কৃতি
নামনি সোৱণশিৰি জিলাত উদযাপন কৰা মূল উৎসৱসমূহ হৈছে ন্যোকুম (Nyokum), বুৰী-বুট (Boori-Boot) আৰু দ্ৰী উৎসৱ (Dree Festival).
জৈৱবৈচিত্ৰ্য
১৯৯৫ চনত নামনি সোৱণশিৰি জিলাৰ ৩৩৭ বৰ্গ কিলোমিটাৰ আগুৰি টেলী ভেলী বন্যপ্ৰাণী অভয়াৰণ্য (Talley Valley Wildlife Sanctuary) প্ৰতিষ্ঠা কৰা হয়।৬
তথ্যসূত্ৰ
- ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
- ↑ (18 October 2017). Arunachal Assembly approves Kamle as 23rd district of state. Arunachal24.in
- ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ M. Paul Lewis. (2009). Apatani: A language of India. Ethnologue: Languages of the World. SIL International
- ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামনি সোৱণশিৰি জিলা” প্ৰবন্ধৰ সংশোধন ৩১০৯৮৪ (১৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।