উজনি দিবাং উপত্যকা (Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।১ এই জিলাখনৰ নাম দিবাং নদীৰ পৰা আহিছে।২ জিলাখনৰ অধিবাসী মিচমি সকলে দিবাং নদীক তালুন (Talon) আখ্যা দিয়ে। মাটিকালিৰ ফালৰ পৰা উজনি দিবাং উপত্যকা ৰাজ্যৰ সৰ্ববৃহৎ জিলা যদিও এই জিলাৰ জনসংখ্যা ভাৰতৰ ভিতৰতে সৰ্বনিম্ন।৩
ইতিহাস
১৯৮০ চনৰ জুন মাহত অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ একাংশ পৃথক কৰি দিবাং উপত্যকা জিলা গঠন কৰা হয়।৪ ২০০১ চনৰ ১৬ ডিচেম্বৰত এই দিবাং উপত্যকা জিলাক বিভক্ত কৰি পুনৰ উজনি আৰু নামনি দিবাং উপত্যকা জিলা নামেৰে দুখন পৃথক জিলা গঠন কৰা হয়।৪
ভৌগোলিক অৱস্থান
দিবাং নদী তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰ্বতৰ পৰা ওলাই উজনি দিবাং উপত্যকা জিলাৰ মাজেৰে বৈ গৈছে। জিলাখনৰ সদৰ ঠাইৰ নাম আনিনি (Anini)। এই জিলা উত্তৰ-পূব ভাৰতৰ আটাইতকৈ উত্তৰত অৱস্থিত।
যাতায়ত
শেহতীয়াকৈ প্ৰস্তাৱিত মেকমোহন লাইনেদি স্থিৰ কৰা মাগ’-থিংবু (Mago-Thingbu)-ৰ পৰা বিজয়নগৰ সংযোগী অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱে (Arunachal Pradesh Frontier Highway) এই জিলাৰ মাজেৰেই পাৰ হৈ যাব।৫৬৭৮
সমষ্টি
এই জিলাৰ আনিনি অৰুণাচল প্ৰদেশ বিধানসভাৰ এটা সমষ্টি। ই পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰো অন্তৰ্ভুক্ত।৯
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি দিবাং উপত্যকা জিলাৰ মুঠ জনসংখ্যা ৭,৯৪৮ জন।৩ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলা অন্তিম স্থানত আছে।৩ জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ০.৯ জন। এই জিলাৰ ভাৰতৰ ভিতৰত সৰ্বনিম্ন জনবসতি পূৰ্ণ জিলা।৩ ২০০১-২০১১ দশকত এই জিলাৰ জনবসতি বৃদ্ধিৰ হাৰ আছিল ৯.৩%।৩ দিবাং উপত্যকা জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮০৮ গৰাকী৩ আৰু সাক্ষৰতাৰ হাৰ ৬৪.৮%। ৩
এই জিলাৰ সংখ্যআগৰিষ্ঠ লোক মিচমি জনজাতিৰ।
ভাষা
এই জিলাত ব্যৱহৃত প্ৰধান ভাষা হৈছে মিচমি (Mishmi)। এই ভাষা চীন-তিব্বতীয় মূলৰ।১০
জৈৱবৈচিত্ৰ্য
এই জিলা জৈৱবৈচিত্ৰৰ ক্ষেত্ৰত চহকী। জিলাখনত আপুৰুগীয়া জীৱ-জন্তু যেনে মিচমি টাকিন (Mishmi takin), ৰঙা গৰাল (Red goral), Mishmi Hills Giant Flying Squirrel, Sclater's Monal আদি দেখা পোৱা যায়।১১১২
১৯৯১ চনত এই জিলাৰ ৪১৪৯ বৰ্গকিলোমিটাৰ লৈ দিবাং বন্যপ্ৰাণী অভয়াৰণ্য গঠন কৰা হয়।১৩
তথ্যসূত্ৰ
- ↑ National Portal of India: Know India: Districts of India. India.gov.in
- ↑ History: Lower Dibang Valley. Roing.nic.in (16 December 2001)
- ↑ Dibang Valley District Population Census 2011, Arunachal Pradesh literacy sex ratio and density. Census Organization of India
- ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
- ↑ Top officials to meet to expedite road building along China border. Dipak Kumar Dash. timesofindia.indiatimes.com
- ↑ Narendra Modi government to provide funds for restoration of damaged highways. www.dnaindia.com
- ↑ Indian Government Plans Highway Along Disputed China Border. Ankit Panda. thediplomat.com
- ↑ Govt planning road along McMohan line in Arunachal Pradesh: Kiren Rijiju. Live Mint
- ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
- ↑ M. Paul Lewis. (2009). Mishmi: A language of India. SIL International
- ↑ Choudhury, Anwaruddin(2008) Survey of mammals and birds in Dihang-Dibang biosphere reserve, Arunachal Pradesh. Final report to Ministry of Environment & Forests, Government of India. The Rhino Foundation for nature in NE India, Guwahati, India. 70pp
- ↑ Choudhury, Anwaruddin (2009).One more new flying squirrel of the genus Petaurista Link, 1795 from Arunachal Pradesh in north-east India. The Newsletter and Journal of the RhinoFoundation for nat. in NE India 8: 26–34, plates
- ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উজনি দিবাং উপত্যকা জিলা” প্ৰবন্ধৰ সংশোধন ৩১০৯৮৫ (১৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।