অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জিৰ’

জিৰ’ (Ziro) হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ সদৰ। ই অৰুণাচল প্ৰদেশৰ এখন উল্লেখযোগ্য ঠাই। ই অৰুণাচল প্ৰদেশৰ নিম্ন সোৱণশিৰি জিলাৰ এখন চহৰ আৰু জিলা সদৰ। ইয়াক আপাটানি সাংস্কৃতিক পৰিৱেশৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আংশিক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

হালনাগাদ: ২৭ জুলাই ২০২৬ ৬৪৪ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জিৰ’ (Ziro) হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ সদৰ। ই অৰুণাচল প্ৰদেশৰ এখন উল্লেখযোগ্য ঠাই। ই অৰুণাচল প্ৰদেশৰ নিম্ন সোৱণশিৰি জিলাৰ এখন চহৰ আৰু জিলা সদৰ। ইয়াক আপাটানি সাংস্কৃতিক পৰিৱেশৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আংশিক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।১ ২ ৩ ৪ চহৰখনৰ যিটো অংশ অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু আৰু প্ৰশাসনিক কাৰ্যালয়সমূহ অৱস্থিত, সেইটোক হাপোলি বা স্থানীয়ভাৱে আপাটানিসকলে "হাও-পলিয়াং" বুলি জনা যায়।

ৰাজ্যৰ ৰাজধানী ইটানগৰৰ পৰা ১১৫ কিলোমিটাৰ, অসমৰ উত্তৰ লখিমপুৰৰ পৰা ১১২ কিলোমিটাৰ আৰু নাহৰলাগুন ৰেলৱে ষ্টেচনৰ পৰা ৯৬ কিলোমিটাৰ দূৰত্বত জিৰো। ভাৰতীয় বায়ুসেনাৰ এ এল জি বিমানবন্দৰ জিৰ'ত আছে।৫৬

ভূগোল

জিৰ’ (Ziro) হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ সদৰ আৰু ৰাজ্যখনৰ পুৰণি চহৰসমূহৰ মাজত অন্যতম। পূৰ্বতে ই অবিভক্ত নামনি সোৱণশিৰি জিলা (বৰ্তমানৰ উজনি সোৱণশিৰি, নামনি সোৱণশিৰি, কুৰুঙ কুমে’ আৰু পাপুমপাৰে জিলা)ৰ সদৰ আছিল। ইয়াৰ অৱস্থান হৈছে ৭। ই সমুদ্ৰপৃষ্ঠৰ পৰা ১৬৮৮ মিটাৰ (৫৫৩৮ ফুট) উচ্চতাত অৱস্থিত। জহকালিৰ ঠাণ্ডা বতৰ হৈছে জিৰ’ৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আপাতানি লোকসকলৰ অধিকাংশ লোকেই জিৰ’ত বাস কৰে। আপাতানি লোকসকলৰ কিছুমান বৈশিষ্ট্য হৈছে:

  • আপাতানি লোকসকলে সাধাৰণতে একে ঠাইতে বাস কৰে। তেওঁলোকে অন্যান্য জনগোষ্ঠীসমূহৰ দৰে সাৰুৱা মাটি বিচাৰি ঘূৰি নুফুৰে। একে টুকুৰা ঠাইতে চাৰি-পাঁচ বছৰমান বাস কৰে।
  • আপাতানি লোকসকলে permanent wet land cultivation কৰে আৰু অন্যান্য জনগোষ্ঠীসমূহৰ লোকসকলে হাবি কাটি ঠাই মুকলি কৰি dry land cultivations কৰে।
  • পূৰ্বতে আপাতানি লোকসকলে বেজীৰে খুচি মুখমণ্ডলত চিত্ৰ অংকন কৰি (টাতু কৰা) লৈছিল। কিন্তু বৰ্তমান প্ৰজন্মৰ লোকসকলৰ মাজত এই টাটু কৰা দেখা নাযায়।

যোগাযোগ (পৰিবহন)

জিৰ’ৰ হিজা গাঁৱৰ এগৰাকী আপাতানি জনগোষ্ঠীৰ মহিলা
জিৰ’ৰ হিজা গাঁৱৰ এগৰাকী আপাতানি জনগোষ্ঠীৰ মহিলাছবি: Doniv79 at English Wikipedia · CC BY 2.5

পথ

ৰাজ্যখনৰ ৰাজধানী ইটানগৰৰ পৰা জিৰো প্ৰায় ১১৫ কিলোমিটাৰ দূৰত্বত আৰু অতি উচ্চমানৰ হোজ-পটিন নামৰ পথটোৰে, ২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে, প্ৰায় ৩ / চাৰে তিনি ঘণ্টা সময় লাগে আৰু অসমৰ মাজেৰে গলে ১৫০ কিলোমিটাৰ দূৰ।

উত্তৰ লক্ষীমপুৰ চহৰৰ পৰা দিজৌ প্ৰৱেশ দ্বাৰত আন্তঃৰাজ্যিক প্ৰৱেশদ্বাৰেৰে সোমাই কিমিন চহৰৰ মাজেৰে প্ৰায় ১০০ কিলোমিটাৰ গৈ জিৰ' পাব পাৰি।

ৰেল

জিৰোৰ পৰা নিকটতম ৰেল ষ্টেচন নাহৰলাগুনত অৱস্থিত অৰুণাচল-অসম সীমান্তৰ কাষত, যিটো জিৰোৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

বায়ু

জিৰ', অৰুণাচল প্ৰদেশৰ অন্যতম পৰ্ষটন কেন্দ্ৰ কাচা ৰিজৰ্টৰ পৰা জিৰ'ৰ দৃশ্য
জিৰ', অৰুণাচল প্ৰদেশৰ অন্যতম পৰ্ষটন কেন্দ্ৰ কাচা ৰিজৰ্টৰ পৰা জিৰ'ৰ দৃশ্যছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

জিৰোৰ নিকটতম বিমানবন্দৰ হৈছে জিৰো বিমানবন্দৰ। যিটো ভাৰতীয় বায়ুসেনাৰ এডভান্সড লেণ্ডিং গ্ৰাউণ্ড (ALG) ৬ আৰু ইয়াৰ লগতে এলায়েন্স এয়াৰেও বিমান সেৱা পৰিচালনা কৰে। ৮ পুৰণি জিৰোৰ মূল চহৰত অৱস্থিত। জিৰোৰ ওচৰতে থকা আন মূল আৰু প্ৰধান বিমানবন্দৰসমূহ হ’ল অসমৰ উত্তৰ লখিমপুৰ (১১৬ কিলোমিটাৰ) আৰু ইটানগৰ (১৩৩ কিলোমিটাৰ)।

জনগাঁথনি

২০০১ চনৰ লোকপিয়ল মতে, জিৰ’ৰ মুঠ জনসংখ্যা হৈছে ১২,২৮৯। মুঠ জনসংখ্যাৰ ৫২% শতাংশ লোক পুৰুষ আৰু ৪৮% শতাংশ লোক মহিলা। জনসংখ্যাৰ ১৭% শতাংশ হৈছে ছয় বছৰৰ তলৰ শিশু।

শিক্ষা

জিৰ’ৰ গড় সাক্ষৰতা হাৰ হৈছে ৬৬%। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৭২%আৰু মহিলাৰ সাক্ষৰতা হাৰ ৬০%। অৰুণাচল প্ৰদেশৰ ভিতৰত জিৰ’ত আটাইতকৈ বেছি বিদ্যালয় আছে। ইয়াৰে কিছুমান বিদ্যালয় চৰকাৰী আৰু আন কিছুমান ব্যক্তিগত খণ্ডৰ। ইয়াত এখন মহাবিদ্যালয়, ছেইণ্ট ক্লাৰেট কলেজ আছে।

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰসমূহ

ধান খেতিৰ লগত মীন পালন ধান খেতিৰ লগত মীন পালন কৰাৰ বৈশিষ্টৰ বাবে জিৰ’ সকলোতে পৰিচিত। আপাতানি লোকসকলৰ পৰম্পৰাগত খেতিৰ মাটিত পানী যোগান ধৰা প্ৰক্ৰিয়াৰ ফলত ধান খেতিৰ লগত মীন পালন কৰাৰ সম্ভৱপৰ হৈছে৯। খেতিৰ মাটিত ধান ৰোৱাৰ পাছত পাখ’ (Pakho) হেতেই (Hetey) (ধান খেতিৰ মাজত পানী যোগানৰ বাবে ব্যৱহৃত পুখুৰী) সমূহত মাছৰ পোনা মেলি দিয়া হয়। এইসমূহ আঁঠু সমান দ পানীত ধান খেতি চপোৱাৰ আগতে ২-৩ মাহৰ বাবে ৰখা হয়১০। আপাতানি লোকসকলে ফেব্ৰুৱাৰী মাহত ধান সিঁচা হয় আৰু অক্টোবৰ মাহত ধান কটা হয়। আনহাতে, মে’ মাহত মাছ পোহা আৰম্ভ কৰা হয় আৰু জুলাইৰ পৰা ছেপ্তেম্বৰ মাহলৈকে খেতি পথাৰত মীন পালন কৰা হয়।

তাৰিণ মীন পালন কেন্দ্ৰ হাপ’লি চহৰৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰত এটা মীন পালন পুখুৰী আছে। ইয়াত উচ্চ স্থানত পোৱা মাছ পালন কৰা হয়। ধান খেতি কৰাৰ সময়ত ইয়াত মাছৰ পোনা বিক্ৰী কৰা হয়।

আপাতানি লোকসকলে ব্যৱহাৰ কৰা সু-স্বাদু পনীয় জিৰ’ পুটু
আপাতানি লোকসকলে ব্যৱহাৰ কৰা সু-স্বাদু পনীয় জিৰ’ পুটুছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

স্থানীয় লোকসকলে জিৰ' পুটুক আৰ্মী পুটু (Army Putu) বুলিও কয়। পূৰ্বৰ জিৰ'ত প্ৰায় ৬০ দশকত এটা টিলাত সেনাবাহিনীৰ ছাউনী আছিল যদিও পিছত স্থানান্তৰ কৰা হ'ল। এই টিলাৰ পৰা জিৰ'ৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি।

শিৱ লিংগ, কাৰড’ হাপ’লি চহৰৰ পৰা প্ৰায় ৪ কিঃমিঃ দূৰৰ কাৰড’(Kardo)ত শিৱ লিংগ আছে। ইয়াৰ উচ্চতা প্ৰায় ২৫ ফুট আৰু বহলে প্ৰায় ২২ ফুট১০। দৈনিক বহুতো ভক্তই এই ঠাই ভ্ৰমণ কৰিবলৈ আহে।

টালেই উপত্যকা (Talley Valley) ইয়াত বৈচিত্ৰপূৰ্ণ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়। ইয়াৰ ভিতৰত giant silver fir গছ, বিভিন্ন প্ৰজাতিৰ rhododendron, অৰ্কিড, ঢেঁকীয়া জাতীয় উদ্ভিদ আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ গছ আদি উল্লেখযোগ্য। জিৰ’ৰ পৰা প্ৰায় ৩২ কিঃমিঃ দূৰৰ উত্তৰ-পূবত Talley উপত্যকা অৱস্থিত।

তাপ্যো নিমখ তাপ্যো (Tapyo Salt) হৈছে আপাতানি লোকসকলে প্ৰস্তুত কৰা এক ব্যতিক্ৰমী ঔষধীয় নিমখ। ইয়াত পৰ্য্যাপ্ত পৰিমাণৰ আয়ডিন পোৱা যায় আৰু ই আপাতানি লোকসকলক বেমাৰৰ পৰা মুক্ত কৰি ৰাখিছিল১১।

জিৰ’ ভ্ৰমণ কৰাৰ সময়

জিৰ’ ভ্ৰমণ কৰাৰ উত্তম সময় হৈছে আপাতানি সকলে জানুৱাৰী মাহত উদযাপন কৰা মুৰুং উত্‍সৱ, মাৰ্চ মাহৰ Myoko rituals আৰু ৪ৰ পৰা ৭ জুলাইলৈ উদযাপিত ড্ৰী উৎসৱ। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ মতে, জিৰ’ ভ্ৰমণ কৰাৰ ভাল সময় হৈছে ফেব্ৰুৱাৰীৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ইয়াত খেতি-বাতি কৰাৰ সময়ত১২।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Arunachal Pradesh Seeks UNESCO World Heritage Tag For Two Sites, NDTV, 9 Fb 2018
  2. ↑ Apatani cultural landscape, UNESCO tentative list, UNESCO, site submitted to UNESCO on 15 April 2014. Accessed: 14 November 2020
  3. ↑ Das, Gaurav (21 July 2018). "Heritage cloud on land of the dawn-lit mountains". Telegraph India. Retrieved 2 October 2022
  4. ↑ "Arunachal's Ziro Valley, Talley Valley for UNESCO Word Heritage Site | Northeast Today". Archived from the original on 18 December 2012. Retrieved 13 December 2012
  5. ↑ Karmakar, Rahul (18 September 2019). "New IAF 'airport' in Arunachal provides an alternative to walking 157 km". The Hindu. Retrieved 2 October 2022
  6. ↑ Sharma, Kushal Dev (19 June 2020). "How India defends its border with China". The Economic Times. Retrieved 2 October 2022
  7. ↑ Falling Rain Genomics, Inc – Ziro . Fallingrain.com. Retrieved on 2012-02-23
  8. ↑ Arunachal: Pema Khandu flags off commercial passenger flight to Ziro". Arunachal24.in. 30 October 2022. Retrieved 30 October 2022
  9. ↑ Kala, C.P. et al. Land use management and wet rice cultivation by the Apatani people in Arunachal Pradesh, India, traditional knowledge and practices. Outlook on Agriculture, 37 (2): 125-129.http://www.ingentaconnect.com/content/ip/ooa/2008/00000037/00000002/art00007
  10. ↑ In and around Ziro::Official website of Lower Subansiri District. Lowersubansiri.nic.in. Retrieved on 2012-02-23
  11. ↑ Kala, CP and Dollo M. 2009. Plant Talk, UK. www.plant-talk.org/india-tapayo-a-herbal-salt-of
  12. ↑ The Telegraph – Calcutta: Northeast. Telegraphindia.com (2005-06-17). Retrieved on 2012-02-23

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিৰ’” প্ৰবন্ধৰ সংশোধন ৬২০১৯৩ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।