অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কুৰুং কুমেই জিলা

কুৰুং কুমেই জিলা (Kurung Kumey district, Pron:/kʊˈɹʌŋ kʊˈmi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ২২ খন জিলাৰ ভিতৰত অন্যতম৷ এই জিলাৰ সদৰ ঠাই ক’ল’ৰিয়াং (Koloriang)৷

হালনাগাদ: ৭ মাৰ্চ ২০২১ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

কুৰুং কুমেই জিলা (Kurung Kumey district, Pron:/kʊˈɹʌŋ kʊˈmi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ২২ খন জিলাৰ ভিতৰত অন্যতম৷ এই জিলাৰ সদৰ ঠাই ক’ল’ৰিয়াং (Koloriang)৷

নামৰ উৎস

কুৰুং কুমেই জিলাৰ নাম জিলাখনৰ মাজেৰে প্ৰবাহিত দুখন মূল নদী কুৰুং আৰু কুমেইৰ নামৰ পৰা আহিছে৷ কথিত আছে যে কুৰুং আৰু কুমেই দুগৰাকী বাই-ভনী আছিল৷ বিয়াৰ উপযুক্ত বয়সত কুৰুঙে মাক-দেউতাকৰ সন্মতি নোলোৱাকৈয়ে কোনো ডেকাৰ লগত পলায়ন কৰে৷ আনহাতে কুমেইয়ে মাক দেউতাকৰ ইচ্ছানুসাৰে বিয়া পাতে৷ মাক দেউতাকে কুৰুঙক বহুতো গালি গালাজ কৰে আৰু দেহলৈ ছাঁই দলিয়ায়৷ ফলত কুৰুং নৈ আজিও ছাঁই ৰঙী আৰু ঢ়ৌ তুলি গৰ্জন কৰি বৈ গৈছে৷ কিন্তু কুমেই নৈৰ পানী পৰিস্কাৰ আৰু শান্ত৷

ইতিহাস

কুৰুং কুমেই জিলা পূৰ্বতে ’নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেক্টছ’ৰ অন্তৰ্গত আছিল৷ ১৯৫৪ চনত জিলাখন সোৱণশিৰি ফ্ৰন্টিয়াৰ ডিভিজনৰ অন্তৰ্ভুক্ত হয় যাক বৰ্তমান নামনি সোৱণশিৰি জিলা নামেৰে জনা যায়৷ ২০১১ চনৰ এক এপ্ৰিলৰ দিনা এই জিলাক নামনি সোৱনশিৰি জিলাৰ পৰা পৃথক কৰি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়া হয়৷১

প্ৰশাসনিক বিভাগ

কুৰুং কুমেই জিলাৰ মহকুমা আৰু চাৰ্কোল সমূহ হৈছে:

  • ন্যাপিন মহকুমা (Nyapin Sub-Division): ন্যাপিন (Nyapin), ফাছাং (Phassang)
  • ক’ল’ৰিয়াং মহকুমা (Koloriang Sub-Division): পাৰ্ছি-পাৰল’ (Parsi-Parlo), ক’ল’ৰিয়াং (Koloriang), চাংগ্ৰাম (Sangram)
  • দামিন মহকুমা (Damin Sub-Division): চাৰলি (Sarli), দামিন (Damin)

এই জিলাখনত অৰুণাচল প্ৰদেশ বিধান সভাৰ দুটা সমষ্টি আছে: ন্যাপিন আৰু ক’ল’ৰিয়াং৷ এই জিলা পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰো অন্তৰ্গত৷২

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি কুৰুং কুমেই জিলাৰ জনসংখ্যা ৮৯,৭১৭ জন৷৩ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৭৷৩ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৫ জন৷৩ ২০০১-২০১১ দশকত কুৰুং কুমেই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১১১.০১%৩ এই জিলাত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২৯ গৰাকী৩ আৰু সাক্ষৰতাৰ হাৰ ৫০.৬৭%৷৩

জনসংখ্যা আৰু মাটিকালিৰ ফালৰ পৰা জিলাখনৰ সৰ্ববৃহৎ গাওঁখন হৈছে হিয়া গাওঁ (Hiya village)৷

কুৰুং কুমেই জিলাৰ সংখ্যাগৰিষ্ঠ লোক নিচি (Nyishi), বাংৰু (Bangru) আৰু পুৰইক (Puroik) জনজাতিৰ৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
  2. ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
  3. ↑ (2011). District Census 2011. Census2011.co.in

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৰুং কুমেই জিলা” প্ৰবন্ধৰ সংশোধন ২৬৬৬৩০ (৭ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।