অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আলং

আলং বা আল (Aalo) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন সৰু নগৰ। এই নগৰ পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই। আলং নগৰখন অসম আৰু অৰুণাচল সীমান্তৰ লিকাবালিৰ পৰা ২২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নগৰখনৰ অধিকাংশ লোক গালো জনজাতিৰ।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২০ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আলং বা আল (Aalo) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন সৰু নগৰ। এই নগৰ পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই। আলং নগৰখন অসম আৰু অৰুণাচল সীমান্তৰ লিকাবালিৰ পৰা ২২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নগৰখনৰ অধিকাংশ লোক গালো জনজাতিৰ।

জনসংখ্যা

২০০১ চনৰ লোকপিয়ল অনুসৰি আলঙৰ জনসংখ্যা ১৬,৮৩৪ জন।১ ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা। আলঙৰ সাক্ষৰতাৰ হাৰ ৬৯%। ইয়াৰে ৭৫% পুৰুষ আৰু ৬১% মহিলা। আলঙৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৬ গৰাকী। নগৰখনৰ জনসংখ্যাৰ ১৫% ছবছৰৰ অনুৰ্দ্ধৰ।

আলঙৰ সংখ্যাগৰিষ্ঠ লোক গালো জনজাতিৰ। ইয়াত ব্যৱহৃত মূল ভাষা হৈছে গালো ভাষা (Galo)। নগৰখনৰ অধিকাংশ লোক দ'নী প'ল'ৰ অনুগামী আৰু বাকী লোকসকল খ্ৰীষ্টান, তিব্বতীয় বৌদ্ধ, হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী।

যাতায়ত

অসমৰ উত্তৰ লখিমপুৰ নগৰৰ পৰা ইটানগৰ সংযোগী পথটোৱে আলং নগৰখনকো সংযোগ কৰিছে। আলঙৰ পৰা ইটানগৰলৈ নিয়মীয়া বাছ সেৱা আছে। অৰুণাচলৰ পাছিঘাটৰ পৰা আলঙলৈ দুৰত্ব ১০৬ কিমি আৰু ময়িং (Moying) লৈ ১৫০ কিমি।

আলঙৰ নিকটতম বিমানকোঠটো লিকাবালিত অৱস্থিত। লিকাবালিৰ পৰা অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়লৈ বিমানসেৱা আছে।

আলঙত এতিয়াও ৰেলসেৱা প্ৰৱৰ্ত্তন হোৱা নাই। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচনটো চিলাপথাৰত অৱস্থিত।২

প্ৰচাৰ মাধ্যম

আলঙত অল ইণ্ডিয়া ৰেডিঅ’ৰ এটা কেন্দ্ৰ আছে যাক আকাশবাণী আলং নামেৰে জনা যায়।

সংস্কৃতি

আলঙত উদযাপন কৰা প্ৰধান উৎসৱটো হ’ল মোপিন উত্‍সৱ। এই উৎসৱ এপ্ৰিল মাহত পালন কৰা হয়। তাৰোপৰি জানুৱাৰী মাহত আলঙত য়’মগ’ নদী উৎসৱ (Yomgo River Festival) পালন কৰা হয়। এই উৎসৱৰ প্ৰধান উদেশ্য হৈছে আলঙৰ স্থানীয় কলা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জড়িয়তে পৰ্য্যটনৰ বিকাশ কৰা।

তথ্যসূত্ৰ

  1. ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
  2. ↑ Govt plans 3 key railway lines. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নগৰ মহানগৰঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলং” প্ৰবন্ধৰ সংশোধন ২৫৩৫০২ (৭ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।