বমডিলা (Bomdila) উত্তৰ-পূব ভাৰতৰ পশ্চিম কামেং জিলাৰ সদৰ ঠাই৷ অৰুণাচল প্ৰদেশৰ ৬০ টা সমষ্টিৰ ভিতৰত বমডিলা অন্যতম৷ এই নগৰখন প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পৰ্য্যটনৰ ক্ষেত্ৰত এক আকৰ্ষণীয় ঠাই৷
ভৌগোলিক অৱস্থান
বমডিলা ২৭.২৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২.৪ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত৷১ এই নগৰখনৰ সাগৰপৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ২৪১৫ মিটাৰ (৭৯২৩ ফুট)৷
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি বমডিলাৰ মুঠ জনসংখ্যা ৮,৩৭০ জন৷ ইয়াৰে ৫২.২% পুৰুষ আৰু ৪৭.৮% মহিলা৷২ নগৰখনৰ সাক্ষৰতাৰ হাৰ ৬৭.৯% য’ত পুৰুষৰ হাৰ ৭৩.৩% আৰু মহিলাৰ ৬২%৷ বমডিলাৰ ১১.১% লোক ছয় বছৰৰ অনুৰ্দ্ধৰ৷৩
বমডিলাৰ সংখ্যাগৰিষ্ঠ লোক মনপা, শ্বেৰডুকপেন (Sherdukpen), মিজি (Miji), বুগুন (Bugun) আৰু আকা (Aka) জনজাতিৰ৷
পৰ্য্যটন
বমডিলাৰ কাষতে ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (Eaglenest Wildlife Sanctuary) অৱস্থিত৷ অন্যান্য আকৰ্ষণৰ ভিতৰত বমডিলাৰ পাছৰ পৰা দেখা পোৱা অৰুণাচলৰ সৰ্বোচ্চ শৃংগ কাংট’ (Kangto) আৰু গ’ৰিচেন (Gorichen Peak)-ৰ দৃশ্য, তিব্বতীয় মনেষ্টেৰী আৰু আপেলৰ ফাৰ্ম আদি উল্লেখযোগ্য৷ এই নগৰৰ অনুন্নত ঘাইপথ আৰু যাতায়ত ব্যৱস্থাৰ বাবে পৰ্য্যটনৰ এতিয়াও সম্পূৰ্ণ বিকাশ হোৱা নাই৷
প্ৰচাৰ মাধ্যম
বমডিলাৰ অল ইণ্ডিয়া ৰেডিঅ’ ৰ এটা শাখা ’আকাশবাণী বমডিলা’ অৱস্থিত৷ এই ৰেডিঅ’ই বিভিন্ন এফ এম ফ্ৰিকুৱন্সিত প্ৰচাৰ কৰে৷
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc - Bomdila
- ↑ Census of India Search details. censusindia.gov.in
- ↑ Bomdila Population Census 2011 - 2020. Census 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বমডিলা” প্ৰবন্ধৰ সংশোধন ৬২২২৪৭ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।