অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

তেজু

তেজু অৰুণাচল প্ৰদেশৰ এখন চহৰ। তেজু এখন লোকপিয়ল চহৰ আৰু ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ লোহিত জিলাৰ মুখ্য কাৰ্যালয়। ই অৰুণাচল প্ৰদেশৰ পঞ্চম বৃহত্তম চহৰ আৰু ইয়াৰ অন্যতম বিকশিত চহৰ। তেজু অৰুণাচল প্ৰদেশৰ বিধান সভাৰ ৬০টা সমষ্টিৰ ভিতৰত এটা। তেজু সমষ্টিৰ বৰ্তমানৰ বিধায়ক (২০২৪) হৈছে ড° মহেশ চাই।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৫৫০ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

তেজু অৰুণাচল প্ৰদেশৰ এখন চহৰ। তেজু এখন লোকপিয়ল চহৰ আৰু ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ লোহিত জিলাৰ মুখ্য কাৰ্যালয়। ই অৰুণাচল প্ৰদেশৰ পঞ্চম বৃহত্তম চহৰ আৰু ইয়াৰ অন্যতম বিকশিত চহৰ। তেজু অৰুণাচল প্ৰদেশৰ বিধান সভাৰ ৬০টা সমষ্টিৰ ভিতৰত এটা। তেজু সমষ্টিৰ বৰ্তমানৰ বিধায়ক (২০২৪) হৈছে ড° মহেশ চাই। তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ২৮০৫টা ভোটত এনপিইপিৰ কাৰিখো ক্ৰীক পৰাজিত কৰিছিল। চহৰখন ইয়াৰ সমতল ভূমি, ঘন বনাঞ্চল, নদী আৰু গ্ৰজিং নদীৰ বাবে জনাজাত। মিচিমি পাহাৰৰ পাহাৰীয়া অঞ্চলৰ ওচৰত থকাৰ বাবে চহৰখনে আনজাও জিলালৈ সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ মুখ্য লজিষ্টিক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে।১

ভৌগোলিক পৰিবেশ

তেজু চহৰখন গড় 185 মিটাৰ (606 ফুট) উচ্চতাত লোহিত নদীৰ পাৰত অৱস্থিত।

''পৰশুৰাম কুণ্ড''
পৰশুৰাম কুণ্ডছবি: Caper Travel India · CC BY-SA 4.0

কৃষি

মুখ্য কৃষিজাত সামগ্ৰীবোৰ হৈছে সৰিয়হ, আদা আৰু কমলা।

যাতায়াত

তেজুত শেহতীয়াকৈ নিৰ্মিত বিমানবন্দৰটো অৰুণাচল প্ৰদেশৰ প্ৰথম অসামৰিক বিমানবন্দৰ হ'ব। ২০১৭ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে প্ৰথম সফল পৰীক্ষামূলক উৰণ পৰিচালনা কৰা হৈছিল। অন্যান্য নিকটতম বিমানবন্দৰ বোৰ মোহনবাৰী (১৫৪ কিমি) আৰু গুৱাহাটী (লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ)ত আছে। তেজু পথ পৰিবহণৰ দ্বাৰা ওচৰৰ ৰাজ্য অসমৰ সৈতে সংযুক্ত। অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহণ সেৱা (এপিএছটিএছ) আৰু অন্যান্য ব্যক্তিগত মালিকানাধীন বাহনসমূহে অসমলৈ অবিৰাম চলাচল কৰে। বেছিভাগ বাহনে অসমৰ তিনিচুকীয়াক সংযোগ সংযোগ স্থাপন কৰে। নিকটতম ৰেল ষ্টেচনটো তিনিচুকীয়াত (এনটিএছকে) আছে,নিউ তিনিচুকীয়া ৰেল ষ্টেচনটোৱে দেশৰ মুখ্য অংশ যেনে গুৱাহাটী, দিল্লী, কলিকতা, বেংগালুৰু আদি ভাৰতৰ মুখ্য চহৰলৈকে যাতায়াতৰ ব্যৱস্থা আছে॥ ২২৭ কিলোমিটাৰ মুৰ্কংচেলেক-পাচিঘাট-তেজু-ৰুপাই লাইনক এক কৌশলগত প্ৰকল্প হিচাপে হাতত লোৱা হৈছে।২৩এই প্ৰকল্পৰ অংশ হিচাপে, মুৰ্কংচেলেকৰ পৰা পাছিঘাট হৈ ব্ৰডগজ লাইনৰ জৰিয়তে তেজুক সংযোগ কৰাৰ আৰু পৰশুৰাম কুণ্ডলৈকে সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছিল। এই ট্ৰেকটোৰ বাবে এক প্ৰাথমিক অভিযান্ত্ৰিক-যান-বাহন জৰীপ সম্পূৰ্ণ কৰা হৈছে, আৰু 2020 চনলৈকে ভূমি অধিগ্ৰহণ কৰা হৈছে। আলোবাৰীঘাটৰ লোহিত নদীৰ ওপৰেৰে নৱনিৰ্মিত লোহিত দলংখনে (২.৯ কিলোমিটাৰ) তেজু চহৰ আৰু অসমৰ সৈতে লগতে ওচৰৰ আন চহৰসমূহৰ সৈতেও যোগাযোগ তথা যাতায়াতৰ মাধ্যম সহজ কৰি তুলিছে। এই দলংখনে তেজুক বাছ সেৱাৰ জৰিয়তে গুৱাহাটীৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাত সহায় কৰিছে।

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ভ্ৰমণৰ সময় চাৰি ঘণ্টা হ্ৰাস কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত কৌশলগত ২ লেনৰ ড° ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং (৯.১৫ কিলোমিটাৰ)২০১৭ চনৰ ২৬ মে'ৰ পৰা কাৰ্যক্ষম হৈ আছে। এই দলংখন প্ৰতিৰক্ষাৰ দিশত অতি গুৰুত্বপূৰ্ণ আৰু ভাৰতৰ আটাইতকৈ দীঘল নদী দলং।

জনসংখ্যাৰ অৱস্থিতি

''টেঙ্গাপানীত থকা গোল্ডেন পেগোডা (কংমু খাম) ''
টেঙ্গাপানীত থকা গোল্ডেন পেগোডা (কংমু খাম) ছবি: Rajbhowmick · CC BY-SA 4.0

২০১১ চনৰ ভাৰতীয় লোকপিয়ল ৪অনুসৰি তেজুৰ জনসংখ্যা আছিল ৪৯.৭৭৬ যাৰ ভিতৰত ২৬.৩৬৫জন পুৰুষ আৰু ২৩.৪৪১ গৰাকী মহিলা। তেজুৰ গড় সাক্ষৰতাৰ হাৰ ৮৪.৯৮%, ৰাজ্যৰ গড় ৬৫.৩৮% আৰু ৰাষ্ট্ৰীয় গড় ৭৬.০৪% তকৈ অধিক। পুৰুষৰ সাক্ষৰতাৰ হাৰ প্ৰায় ৮৮.২৯%, আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে ৭৮.৯৪%। মহিলা লিংগ অনুপাত ৰাজ্যৰ গড় ৯৩৮ ৰ বিপৰীতে ৮৬৬। তদুপৰি, তেজুত শিশু লিংগ অনুপাত ৰাজ্যৰ গড় ৯৭২ ৰ তুলনাত প্ৰায় ৯৬৮ জন। হিন্দুসকল মুঠ জনসংখ্যাৰ প্ৰায় ৭৫.৫৭ % আৰু মুছলমান, খ্ৰীষ্টধৰ্মআৰু শিখ ক্ৰমান্বয়ে ৭.৪৩%, ৮.২৪ % আৰু ০.২৯% হয়। বৌদ্ধ ধৰ্ম প্ৰায় ৫.৪১% আৰু অন্যান্য ধৰ্ম হৈছে মুঠ জনসংখ্যাৰ ২.৯১%।

ভাষা

২০১১ চনৰ লোকপিয়ল অনুসৰি, বঙালীভাষী ৩,৩৭৩ জন, নেপালীভাষী ৩,৩৭১ জন, ভোজপুৰীভাষী ২,১৯৭জন লোক, হিন্দীভাষী ১,৮৮৪ জন, মিছমিভাষী ১,৭৯০জন লোক আৰু অসমীয়াভাষী ১,৫৬১জন লোক আছে।

তিব্বতীয় প্ৰবাসী

তেজুৰ তিব্বতীয় সম্প্ৰদায়ৰ যথেষ্ট জনসংখ্যা আছে প্ৰায় ১৫০০ জনৰো বেছি লোক স্থানীয় লামা কেম্প নামেৰে এক বসতিত বাস কৰে। তিব্বতীসকলে তেওঁলোকৰ মাতৃভূমি তিব্বতত চীনা উৎপীড়নৰ পৰা পলায়ন কৰাৰ পিছত ১৯৬০ ৰ দশকৰ পৰা ইয়াত বসতি স্থাপন কৰিছিল আৰু আজিলৈকে তেওঁলোকে তেওঁলোকৰ নিজা ৰীতি-নীতি আৰু পৰম্পৰা বজাই ৰাখিছে। তেওঁলোকে মঠ, স্বাস্থ্য কেন্দ্ৰ, নাৰ্চিং হোম নিৰ্মাণ কৰিছে চৰকাৰ আৰু অন্যান্য উৎসৰ পুঁজিৰে বিদ্যালয় ইত্যাদিও প্ৰতিষ্ঠা কৰিছে। লামা শিবিৰ তেজু বজাৰৰ পৰা প্ৰায় ৬ কিমি (৪ মাইল) টিণ্ডোলঙত অৱস্থিত আৰু প্ৰতিটো শিবিৰত ৫টা শিবিৰ আছে যি তিব্বতৰ বিভিন্ন অঞ্চলক প্ৰতিনিধিত্ব কৰে আৰু এইকেইটা মুখ্যতঃ খাম, কংপো, জাৰি আৰু পেমাকো।

তথ্যসূত্ৰ

  1. ↑ Tezu MLA
  2. ↑ India to construct strategic railway lines along border with China, Hindustan Times, 30 Nov 2016
  3. ↑ 2019 target to survey 3 strategic rail lines along China border, Arunachal Observer, January 5, 2019
  4. ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজু” প্ৰবন্ধৰ সংশোধন ৫৯৯১১৮ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।