অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উজনি সোৱণশিৰি জিলা

উজনি সোৱণশিৰি জিলা (Pron:/su:bənˈsɪɹi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

উজনি সোৱণশিৰি জিলা (Pron:/su:bənˈsɪɹi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।

ইতিহাস

১৯৮৭ চনত পূৰ্ৱৰ সোৱণশিৰি জিলাক বিভক্ত কৰি উজনি আৰু নামনি সোৱণশিৰি জিলা হিচাপে দুখন জিলা গঠন কৰা হয়।১

ভৌগোলিক অৱস্থান

উজনি সোৱণশিৰি জিলাৰ সদৰ ঠাই হৈছে দাপ'ৰিজ' (Daporijo)। জিলাখনৰ অন্যান্য উল্লেখযোগ্য নগৰ সমূহ হৈছে দুমপৰিজ’ (Dumporijo), তালিহা (Taliha), নাচ্চ’ (Nacho), চিয়াম (Siyum) আৰু মাৰ’ (Maro)।

এই জিলাৰ মুঠ মাটিকালি ৭০৩২ বৰ্গ কিলোমিটাৰ।২

অৰ্থনীতি

২০০৬ চনৰ ভাৰত চৰকাৰে উজনি সোৱণশিৰি জিলাক ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ ২৫০খন জিলাৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰে।৩ এই জিলা বৰ্তমান Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা আবণ্টন লাভ কৰা অৰুণাচল প্ৰদেশৰ একমাত্ৰ জিলা।৩

সমষ্টি

উজনি সোৱণশিৰি জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ পাঁচটা সমষ্টি আছে- নাচ্চ’ (Nacho), তালিহা (Taliha), দাপ'ৰিজ' (Daporijo), ৰাগা (Raga), আৰু দুমপ’ৰিজ’ (Dumporijo)। এই সমষ্টি কেইটা পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্গত।৪

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি সোৱণশিৰি জিলাৰ মুঠ জনসংখ্যা ৮৩,২০৫ জন।৫ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬২১।৫ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১২ জন।৫ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৫০.৩৪%।৫ উজনি সোৱণশিৰি জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮২ গৰাকী৫ আৰু সাক্ষৰতাৰ হাৰ ৬৩.৯৬%।৫

জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক টাগিন (Tagin), নিচি (Nyishi) আৰু গাল’ (Galo) জনজাতিৰ।

তথ্যসূত্ৰ

  1. ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
  2. ↑ Srivastava, Dayawanti et al. (ed.). (2010). India 2010: A Reference Annual. Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), ভাৰত চৰকাৰ. পৃ. 1113. ISBN 978-81-230-1617-7
  3. ↑ Ministry of Panchayati Raj. (8 September 2009). A Note on the Backward Regions Grant Fund Programme. National Institute of Rural Development
  4. ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
  5. ↑ (2011). District Census 2011. Census2011.co.in

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উজনি সোৱণশিৰি জিলা” প্ৰবন্ধৰ সংশোধন ৩৮০১৫৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।