অনজৌ জিলা (Anjaw District, Pron:/ˈændʒɔ:/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা৷ ২০০৪ চনৰ ১৬ ফেব্ৰুৱাৰীত লোহিত জিলাৰ এটা অংশ পৃথক কৰি অনজৌ জিলা গঠন কৰা হয়৷ ১ এই জিলাখন ভাৰতৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত জিলা৷২ এই জিলাখনৰো আটাইতকৈ পূব সীমান্তত থকা গাওঁখনৰ নাম দং (Dong)৷৩ অনজৌ ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত দ্বিতীয় সৰ্বনিম্ন জনসংখ্যাৰ জিলা৷৪
ভৌগোলিক অৱস্থান
অনজৌ জিলাৰ উত্তৰে চীন৷ জিলাখনৰ সদৰ ঠাই হাৱাই (Hawai)৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১২৯৬ মিটাৰ উচ্চতাত লোহিত নদীৰ পাৰত অৱস্থিত৷ জিলাখনৰ অন্যন্য মূল নদীবোৰ হৈছে: লাম (Lam), টিদিং (Tidding), দালাই (Dalai), ক্ৰটি (Krowti), ডিচ্চু (Dichu), লাটি (Lati), ক্লুং (Klung), দাভ (Dav), তেলুৱা (Telua), আম্পানী (Ampani), চৰতি (Sarti) ইত্যাদি৷২
যাতায়াত
শেহতীয়াকৈ প্ৰস্তাৱিত মেকমোহন লাইনেৰে মাগ’ (Mago)- থিংবু (Thingbu) ৰ পৰা বিজয়নগৰ অৰুণাচল প্ৰদেশ ফ্ৰন্টিয়াৰ ঘাইপথ (Vijaynagar Arunachal Pradesh Frontier Highway) এই জিলাৰ মাজেৰে অতিক্ৰম কৰিব৷৫৬৭৮
অৰ্থনীতি
জিলাখনৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ ইয়াত উৎপাদিত মূল শস্যবোৰ হৈছে গোমধান, কুনীধান (millet), ধান, মাহ, ইলাচী, কমলা, আপেল ইত্যাদি৷৯
প্ৰশাসনিক বিভাগ
এই জিলাখনত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ এটা সমষ্টি আছে: হায়ুলি্যাং (Hayuliang)৷ জিলাখন পূব অৰুণাচল লোক সভা সমষ্টিৰ অন্তৰ্গত৷১০
জিলাখনৰ মহকুমাসমূহ হৈছে:
- হায়ুলিয়াং (Hayuliang)
- হাৱাই (Hawai)
- মাঞ্চাল (Manchal)
- গৈলিয়াং (Goiliang)
- ৱালং (Walong)
- কিবিথ’ (Kibithoo)
- চগ্লোগাম (Chaglogam)
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি অনজৌ জিলাৰ মুঠ জনসংখ্যা ২১,০৮৯ জন৷১১ ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬৩৯ তম৷১১ জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাথোঁ তিনিজন৷১১ এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২০০১-২০১১ দশকত ১৩.৭৭% আছিল৷ অনজৌৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮০৫ জন১১ আৰু সাক্ষৰতাৰ হাৰ ৫৯.৪%৷১১
অনজৌ জিলাৰ অধিবাসীসকল মূলতঃ মিছমি আৰু জাখৰিং (Zakhring) জনজাতিৰ লোক৷১২
জৈৱবৈচিত্ৰ্য
অনজৌ জিলা জৈৱবৈচিত্ৰ্য অত্যন্ত সমৃদ্ধ৷ এই জিলাৰ বহুতো আপুৰুগীয়া জীৱজন্তু যেনে মিচমি টাকিন (Mishmi takin), Red goral, Gongshan muntjac, Leaf muntjac আৰু চৰাই যেনে Sclater's Monal আদি দেখা পোৱা যায়৷ ইয়াত পোৱা পাইন প্ৰজাতি Pinus merkusii উত্তৰ-পূব ভাৰততে বিৰল৷১৩ তাৰোপৰি ইয়াত flying squirrel-ৰ এবিধ নতুন প্ৰজাতিও আৱিষ্কাৰ হৈছে যাৰ নাম Mishmi Hills Giant Flying Squirrel, Petaurista mishmiensis.১৪
তথ্যসূত্ৰ
- ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
- ↑ Anjaw District
- ↑ * Gokhale, Nitin A. (20 August 2001). Dong. Outlook India
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ Top officials to meet to expedite road building along China border. Dipak Kumar Dash. timesofindia.indiatimes.com
- ↑ Narendra Modi government to provide funds for restoration of damaged highways. dnaindia.com
- ↑ Indian Government Plans Highway Along Disputed China Border. Ankit Panda. thediplomat.com
- ↑ Govt planning road along McMohan line in Arunachal Pradesh: Kiren Rijiju. Live Mint
- ↑ Anjaw. indiangos.com
- ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ Zakhring. Ethnologue.com
- ↑ Choudhury, Anwaruddin (2008) Survey of mammals and birds in Dihang-Dibang biosphere reserve, Arunachal Pradesh. Final report to Ministry of Environment & Forests, Government of India. The Rhino Foundation for nature in NE India, Guwahati, India. 70pp
- ↑ Choudhury,Anwaruddin (2009). One more new flying squirrel of the genus Petaurista Link, 1795 from Arunachal Pradesh in north-east India. The Newsletter and Journal of the RhinoFoundation for nat. in NE India 8: 26–34, plates
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনজৌ জিলা” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৫০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।