অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

টোকাৰী গীত

টোকাৰী গীত হ'ল এবিধ অসমীয়া লোকগীত। টোকাৰী বাদ্য সংগত কৰি এই গীত গোৱা হয় বাবে ইয়াক টোকাৰী গীত বোলা হয়। এফালে লোক-বিশ্বাস আৰু আনফালে আধ্যাত্মিক বিশ্বাসক লৈ এই গীতসমূহ ৰচিত হয় আৰু ব্যক্তিভেদে ঠায়ে ঠায়ে এই গীতবোৰে মুখ বাগৰে। টোকাৰী গীত অসমীয়া লোক-সাহিত্যৰ এক বৈশিষ্ট্যপূৰ্ণ কলা।

হালনাগাদ: ৯ নৱেম্বৰ ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

টোকাৰী গীত হ'ল এবিধ অসমীয়া লোক-সংগীত। টোকাৰী বাদ্য সংগত কৰি এই গীত গোৱা হয় বাবে ইয়াক টোকাৰী গীত বোলা হয়।১ এফালে লোক-বিশ্বাস আৰু আনফালে আধ্যাত্মিক বিশ্বাসক লৈ এই গীতসমূহ ৰচিত হয়১ আৰু ব্যক্তিভেদে ঠায়ে ঠায়ে এই গীতবোৰে মুখ বাগৰে। টোকাৰী গীত অসমীয়া লোক-সাহিত্যৰ এক বৈশিষ্ট্যপূৰ্ণ কলা। এই গীতসমূহত তন্ত্ৰ আৰু দেহ-তত্ত্বৰ চৰ্চা হৈছে। কোনো ৰচকে যদি গীতৰ মাজেৰে শিৱ-পাৰ্বতীৰ গুণ গাইছে, কোনোৱে দেহটোকে টোকাৰীৰ লগত ৰিজাইছে।১ টোকাৰী গীত বহু পুৰণি কালৰে পৰা অসমীয়া সমাজ জীৱনত প্ৰচলিত আৰু এতিয়াও ই শেষ হৈ যোৱা নাই।

টোকাৰী

মূল প্ৰবন্ধ: টোকাৰী

টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ।২ অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰ জাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়। ই অসমৰ প্ৰাচীন লোকবাদ্য। আম বা চাম কাঠৰ খোলা এটাত সাধাৰণতে গুঁইৰ ছালেৰে ছোৱাই এই বাদ্য তৈয়াৰ কৰা হয়।৩ নামনি অসমত প্ৰচলিত আন এক এনেধৰণৰ লোকবাদ্য দোতোৰাৰ সৈতে ইয়াৰ বহুখিনি মিল দেখা পোৱা যায়।৪ টোকাৰীৰ আকাৰ দোতোৰাতকৈ কিছু ডাঙৰ আৰু বহল হয়। চীনৰ এক বাদ্যযন্ত্ৰ ৰুৱান (Ruan)-ৰ সৈতেও ইয়াৰ বহুখিনি সাদৃশ্য আছে।৪ অনুমান কৰা হয় যে টোকাৰী নামৰ উত্‍পত্তি "টোকৰ" শব্দৰ পৰা হৈছে, অৰ্থাত্‍ টোকৰ দিয়াৰ ফলত শব্দ সৃষ্টি হোৱা বাবেই এই বাদ্যৰ নাম টোকাৰী ৰখা হয়।৪

তথ্যসূত্ৰ

  1. ↑ ড॰ লীলা গগৈ. (জানুৱাৰী, ২০০৭). অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা. বনলতা. পৃ. ৬৮-৭২. ISBN ৮১-৭৩৩৯-৩২৭-৩
  2. ↑ সাদিন, লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে, তাৰিখ: ৬ এপ্ৰিল, ২০১২, আহৰণ: ১০ এপ্ৰিল, ২০১২, পৃষ্ঠা: ৯
  3. ↑ ধৰ্মেশ্বৰ বৰুৱা. (২০০৫). অসমৰ বাদ্যযন্ত্ৰ. বীণা মন্দিৰ. পৃ. ৪৪
  4. ↑ Dilip Ranjan Barthakur. (2003). The Music And Musical Instruments Of North Eastern India. Mittal Publications. পৃ. 131–. ISBN 978-81-7099-881-5

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোকাৰী গীত” প্ৰবন্ধৰ সংশোধন ৫৪৯১৪৮ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।