অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গোৱালপাৰীয়া লোকগীত

গোৱালপাৰীয়া লোকগীত অসম প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপাৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গোৱালপাৰীয়া লোকগীত অসম প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপাৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। গোৱালপাৰীয়া লোকগীত ইয়াৰ সূকীয়া ভাষা (কথিত গোৱালপাৰীয়া ভাষা), সুৰ, জন-জীৱনৰ দৃশ্য আৰু বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত। বৰ্তমানে বাণিজ্যিক ভাবে গোৱালপাৰীয়া লোকগীতৰ এলবাম মুক্তি দিয়া হয়। কেইজনমান বিখ্যাত গোৱালপাৰীয়া লোকগীতৰ শিল্পী হ’ল - আল্লাউদ্দীন সৰকাৰ, হামিদা সৰকাৰ, আব্দুল জব্বাৰ, ৰহিমা বেগম কলিতা ইত্যাদি। তদুপৰি জনপ্ৰিয় গায়ক যেনে - ড॰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, অংগৰাগ মহন্ত আদিয়েও বহুতো জনপ্ৰিয় গোৱালপাৰীয়া লোকগীত গাইছে। গোৱালপাৰীয়া বুলি অসমত প্ৰচলিত গীত বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ অঞ্চল আৰু পশ্চিমবংগৰ কোচ বিহাৰ ৰাজ্য, জলপাইগুৰি, আলিপুৰদুৱাৰ, দাৰ্জিলিংত ভাওয়াইয়া গীত বুলি স্বীকৃত।

বৰ্ণনা আৰু প্ৰকাৰ

গোৱালপাৰীয়া লোকগীত কোনো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত নহয়। সাধাৰণতে প্ৰেম গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু। তাৰ লগতে জন-জীৱনৰ দৃশ্য, কৃষি, ঈশ্বৰ বন্দনা, দৰ্শন, হাতী বিষয়ক অনেক লোকগীত পোৱা যায়। বিষয় আৰু সাংগীতিক বৈশিষ্ট্য অনুসৰি ইয়াক কেইবাটাও উপভাগত বিভক্ত কৰা হৈছে। তাৰে ভিতৰত প্ৰধান ভাগ দুটা হ’ল- ভৱাইয়া আৰু চাটক। আৰু দুটা ভাগ হ’ল- মৈশালী আৰু মাউত। গোৱালপাৰীয়া লোকগীত সাধাৰণতে সমবেত হৈ গোৱা হয় যদিও এককভাৱেও গোৱা দেখা যায়। গোৱালপাৰীয়া লোকগীত প্ৰধান বাদ্য হ’ল দোতোৰা। ইয়াৰ লগতে তাল, বাঁহী, একতাৰা, বিশেষ প্ৰকাৰৰ নাগেৰা, ইত্যাদি বিভিন্ন প্ৰকাৰৰ লোকবাদ্য ব্যৱহাৰ কৰা হয়।

ভাওয়াইয়া

ভাওয়াইয়া গীত সাধাৰণতে প্ৰেম বিষয়ক। সংস্কৃত শব্দ ভাবৰ পৰা এই নাম উৎপত্তি হৈছে।১ এই গীতবোৰ ভাব প্ৰধান আৰু সাধাৰণতে বাস্তৱধৰ্মী।২ ভৱাইয়া গীতৰ প্ৰেম সাধাৰণতে পৰিপক্ব তথা প্ৰেমিক বা গিৰিয়েকৰ বিষয়ক।৩

চটকা

চটকা গীতবোৰৰ বিষয়বস্তু ভৱাইয়া গীতৰ অনুৰূপ নহয়। চাটক গীতৰ মূল বিষয় একক প্ৰেম নহয়। এইবোৰ গীত বাস্তৱধৰ্মিতকৈ বেছি ধেমেলীয়া। বৌ-দেৱৰেকৰ সমন্ধ বা অন্যান্য সমন্ধৰ প্ৰতিফলন এই গীতৰ মাজত দেখা যায়।৪

লগতে চাওক

বাহ্যিক সংযোজন

তথ্যসূত্ৰ

  1. ↑ harvp|Dutta|1995|p=177
  2. ↑ harvp|Dutta|1995|p=176
  3. ↑ harvp|Dutta|1995|pp=177–179
  4. ↑ harvp|Dutta|1995|pp=179–183

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱালপাৰীয়া লোকগীত” প্ৰবন্ধৰ সংশোধন ৪৮৮৮৬২ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।