অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
গীতা উপাধ্যায়
গীতা উপাধ্যায় (Gita Upadhyay) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ মূলতঃ নেপালী আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ "কাৰেঙৰ লিগিৰী" নাট নেপালী ভাষালৈ অনুবাদ কৰি ২০১২ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল।
-
গীতালি বৰা
গীতালি বৰা (Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।
-
গীতি-ৰামায়ণ
গীতি-ৰামায়ণ হৈছে এখন প্ৰাচীন কাব্য সাহিত্য। কাব্যখনৰ ৰচক দুৰ্গাবৰ কায়স্থ। দুৰ্গাবৰে পাঁচালী সংগীত শৈলীত ৰচনা কৰা গীতি-ৰামায়ণ খনক দুৰ্গাবৰী বা দুৰ্গাবৰী ৰামায়ণ বুলিও কোৱা হয়। ১৮৩৭ শক, অৰ্থাৎ ১৯১৫ খৃষ্টাব্দত হাজোৰ বিষয়চন্দ্ৰ বিশ্বাসীয়ে পুথিখন দুৰ্গাবৰি নামেৰে সম্পাদনা কৰিছিল।
-
গুটিমালী ফুল
গুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলুগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাত কুন্দ আৰু সংস্কৃতত মেঘ মল্লিকা বোলে।
-
গুমৰাগ
গুমৰাগ ( Gumrag) অসমত বাস কৰা মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য৷ মিছিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাংত এই নাচ নচা হয়৷ আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়৷ মিচিং ভাষাত ‘আলি’ৰ অৰ্থ হৈছে ‘বীজ’, ‘আঃয়ে’ মানে হৈছে ‘ফল’ আৰু ‘লৃগাং’ মানে হৈছে ‘সিঁচা’।
-
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ৰাজ্যিক চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰা হৈছে।
-
গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি
গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি (ইংৰাজী: Guwahati Central Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়।
-
গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা
গুৱাহাটী অসমৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী।
-
গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি
গে'টৱে একাডেমী জুনিয়ৰ কলেজ বা গে'টৱে একাডেমী কনিষ্ঠ মহাবিদ্যালয় (Gateway Academy Junior College) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন উচ্চতৰ-মাধ্যমিক শ্ৰেণীৰ কলেজ।
-
গেৰেলা
গেৰেলা বা মাটি গাহৰি বা টাপৰী (Greater hog badger, বৈজ্ঞানিক নামঃ Arctonyx collaris) এবিধ সৰু আকাৰৰ স্তন্যপায়ী নিশাচৰ প্ৰাণী। ই দক্ষিণ-পূব এছিয়াৰ স্থানীয় প্ৰাণী। অসমৰ বিভিন্ন অঞ্চলত এই প্ৰাণীবিধ দেখা পোৱা যায়।
-
গোকুল পাঠক
গোকুল পাঠক অসমৰ বৰপেটাৰ এগৰাকী প্ৰখ্যাত লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক। তেখেত একেৰাহে গায়ক, বাদক, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, কবি, ইতিহাস প্ৰণেতা, সুবক্তা আৰু প্ৰকৃত সমাজসেৱক আছিল। তেখেতক ২০০১ চনত অসম চৰকাৰে বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিছিল।
-
গোপী-উদ্ধৱ সংবাদ
গোপী-উদ্ধৱ সংবাদ মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনিৰ মূল আধাৰ ভাগৱত পুৰাণৰ দশম স্কন্ধ। “উদ্ধৱ সংবাদ’’ নামৰ পৃথক পুথিৰ কথা কথা গুৰু চৰিতত আৰু আন আন গ্ৰন্থত “গোপী উদ্ধৱ সংবাদ’’ নাম উল্লেখ থকা কথাৰ মাজত কিছু মতদ্বৈধতা পৰিলক্ষিত হয়৷
-
গোপী-উদ্ধৱ সংবাদ (নাট)
গোপী-উদ্ধৱ সংবাদ (উদ্ধৱজান) নাটখন শংকৰোত্তৰ যুগৰ গোপাল আতাৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। গোপী-উদ্ধৱ সংবাদ নাটৰ কাহিনীভাগ 'ভাগৱত'ৰ ১০ম স্কন্ধৰ পৰা লোৱা হৈছে যদিও নাট্যকাৰে নিজাববীয়াকৈ দুই এটা কথাও যোগ কৰিছে। নাটখনত মুঠ ২টা সংস্কৃত শ্লোক (নান্দী শ্লোকসহ) আছে আৰু আৰম্ভণিতে ভটিমা এটা আছে।
-
গোপীকাবল্লভ গোস্বামী
গোপীকাবল্লভ গোস্বামী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এজন অনুগামী। এক শৰণ হৰি নাম ধৰ্মত প্ৰৱেশ কৰা নানা বিসঙ্গতি লক্ষ্য কৰি শংকৰদেৱৰ ধৰ্মীয় দৰ্শনক শুদ্ধ ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা এজন ব্যক্তি পণ্ডিত শিৰোমণি গোপীকাবল্লভ গোস্বামী।
-
গোপীনাথ পাঠক
গোপীনাথ পাঠক ৰামসৰস্বতীৰ পুতেক আছিল। মহাভাৰত অনুবাদ কাৰ্যত এওঁ পিতাকক বিশেষভাবে সহায় কৰিছিল। দ্ৰোণপৰ্বত শুক্ৰধ্বজৰ পাঠক ৰাম-সৰস্বতীৰ পুতেক বুলি গোপীনাথে আত্মপৰিচয় দিছে। সম্ভৱতঃ পিতাকৰ ৰজাঘৰীয়া পাঠক বাবটো গোপীনাথেও লাভ কৰিছিল। গোপীনাথে দ্ৰোণ-পৰ্ব, সভা-পৰ্ব, আৰু স্বৰ্গ-ৰোহণ-পৰ্ব, ৰচনা কৰে।
-
গোপীৰাম বৰগায়ন বুঢ়াভকত
ওজা গোপীৰাম বৰগায়ন বুঢ়াভকত (Oja Gopiram Barbayan Burhabhakat, জন্ম: ১ জানুৱাৰী ১৯২৫) মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সত্ৰীয়া সংস্কৃতিৰ গুণী, সাধক, প্ৰচাৰক, অধ্যাপক, বৰগায়ন, বৰ ওজা, নামলগোৱা, চৰিত্ৰ তোলা নামঞ্জনীয়া বুঢ়াভকত।
-
গোমচেঙৰ চোলা
ফা-চু গোম-চেঙ বা গোমচেঙৰ চোলা (Gumsheng) হ'ল চাওফা বা আহোম স্বৰ্গদেউসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত চোলা। গোমচেং হৈছে দেখাত সাপৰ নিচিনা ফুল থকা আৰু মিহি, এবিধ চীন দেশীয় পাট-কাপোৰ বা সূতা।
-
গোলাই ছিৰিজ
গোলাই ছিৰিজ হ'ল কুমুদেশ্বৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত প্ৰায় সত্তৰখন ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। এই উপন্যাসসমূহৰ মূল নায়ক হ'ল গোলাই চোৰ। বৰঠাকুৰদেৱে বিচিত্ৰ বিষয়ৰ সাহিত্য ৰচনাত হাত দিছিল। কবিতা, উপন্যাস, জীৱনী, নাটক, অনুবাদ আদি বিভিন্ন বিষয়ৰ সাহিত্য তেওঁৰ ৰচনাত পোৱা যায়।
-
গোলাঘৰ
গোলাঘৰ বা খাৰঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা পুৰণি কীৰ্ত্তিচিহ্নসমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ। ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ (১৬৬৩-১৬৬৯) ৰাজত্বকালত এই ঘৰটো নিৰ্মাণ কৰা হৈছিল। এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।
-
গোলাপ ৰাভা
গোলাপ ৰাভা (Golap Rabha, জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৩) অসমৰ এগৰাকী শৰীৰ চৰ্চাবিদ। তেওঁ একাধাৰে মিঃ ইণ্ডিয়া, মিঃ ৱৰ্ল্ড, মিঃ ইউনিভাৰ্চ আদিৰ দৰে কেইবাটাও খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।
-
গোসাইগাঁও বিধানসভা সমষ্টি
গোঁসাইগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Gossaigaon Assembly constituency) ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
গোহাঁই কমল আলি
গোহাঁই কমল আলি (Gohain Kamal Ali) কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা পথ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল। ১৫৪৭ চনত গোহাঁই কমল আলি সম্পূৰ্ণ হয়।
-
গোৰেশ্বৰ বিধানসভা সমষ্টি
গোৰেশ্বৰ বিধানসভা সমষ্টি (ইংৰাজী: Goreswar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত এই নতুন সমষ্টিটো গঠন কৰা হয়।
-
গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি
গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি (Goalpara West Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভাৰ সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো গোৱালপাৰা জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
গোৱালপাৰা পূব বিধানসভা সমষ্টি
গোৱালপাৰা পূব বিধানসভা সমষ্টি (Goalpara East Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসম বিধানসভাৰ এক নিৰ্বাচন ক্ষেত্ৰ। গোৱালপাৰা পূব সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
গৌতম কলিতা
গৌতম কলিতা (Gautam Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ২০০৭ বৰ্ষত লছ এঞ্জেলেছত অনুষ্ঠিত ESPN-Musclemania World নামৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ লাভ কৰে।
-
গৌৰীশংকৰ ভট্টাচাৰ্য
গৌৰীশংকৰ ভট্টাচাৰ্য (ইংৰাজী: Gaurishankar Bhattacharya) অসমৰ এগৰাকী ৰাজনীতিবিদ, সাহিত্যিক।
-
গৰখীয়া সবাহ
গৰখীয়া সবাহ প্ৰধানকৈ উজনি অসমত প্ৰচলিত এটা অনুষ্ঠান। এই অনুষ্ঠান ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ কৰা হয়। অসমৰ বিভিন্ন ঠাইত এই উৎসৱ ৰাজহুৱাভাৱে পালন কৰা হয়।
-
গৰিমা শইকীয়া গাৰ্গ
গৰিমা শইকীয়া গাৰ্গ (ইংৰাজী: Garima Saikia Garg) হৈছে এগৰাকী প্ৰসিদ্ধ অসমীয়া কষ্টিউম ডিজাইনাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক তথা অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ পত্নী।
-
ঘ
ঘ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্থ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঘ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঘ'ক উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।