জিতুমণি কলিতা (Jeetumoni Kalita, জন্ম: ২৮ আগষ্ট, ১৯৯৯) হৈছে অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।১ পুৰস্কাৰ হিচাপে জিতুমণিয়ে তিনি লাখ টকা নগদ ধন পোৱাৰ লগতে এটা ট্ৰফী লাভ কৰিছিল।২
জন্ম আৰু বংশ পৰিচয়
জিতুমণি কলিতা অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। প্ৰায় সাত বছৰ বয়সৰ পৰাই জিতুয়ে নৃত্য কৰিবলৈ আৰম্ভ কৰে। জিতুমণি ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ আছিল। পৰিয়ালত মাক-দেউতাকৰ উপৰিও এজনী ভগ্নী আৰু এজন ভাতৃ আছে।৩
তথ্যসূত্ৰ
- ↑ (1999-08-28). ZeeTV Artist. ZeeTV Artist
- ↑ (2010-08-09). Jeetu Moni Kalita Wins Zee Tv’s Did Little Masters. Realbollywood.com
- ↑ Web18 Wiki. (1999-08-28). Jeetu Kalita Biography, Jeetu Kalita Bio, Jeetu Kalita Photos, Videos, Wallpapers, News. Connect.in.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিতুমণি কলিতা” প্ৰবন্ধৰ সংশোধন ৩৮৫১০৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।