জয়ন্ত মাধৱ অসমৰ এগৰাকী অৰ্থনীতিবিদ।১২ তেখেতে ২০০৩ চনৰপৰা ২০০৯চনলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰামৰ্শদাতা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে উত্তৰ পূৱ বিত্তীয় উন্নয়ন নিগম চমুকৈ নেডফি প্ৰতিষ্ঠাত ঘাই ভূমিকা লৈছিল।১২ লণ্ডন স্কুল অৱ ইকনমিক্সৰপৰা তেখেতে ডক্টৰেট লাভ কৰিছিল। অসমত কংগ্ৰেছ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা ৰূপে তেখেতেৰ ভূমিকা আছিল উল্লেখনীয়। ২০২০ চনৰ ১৯ অক্টোবৰ তাৰিখে ৯০ বছৰ বয়সত দীৰ্ঘদিনীয়া অসুখত ভুগি তেখেতৰ মৃত্যু হয়।২
জন্ম আৰু শিক্ষা
১৯২৯ চনৰ ২৫ অক্টোবৰ তাৰিখে শিৱসাগৰত মোমায়েকৰ ঘৰত জয়ন্ত মাধৱৰ জন্ম হয়। পিতৃৰ নাম তুলসী নাৰায়ণ শৰ্মা আৰু মাকৰ নাম উষা দেৱী।৩ জয়ন্ত মাধৱ আছিল মাক-দেউতাকৰ প্ৰথমটো সন্তান। গাৰ বৰণ সোণবৰণীয়া হোৱা বাবে তেখেতৰ ঘৰুৱা নাম থোৱা হৈছিল গিনি।৪ দেউতাক তুলসী নাৰায়ণ শৰ্মা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল। তেখেতসকল যোৰহাট চাৰিঙীয়াৰ আছিল যদিও পৰিয়ালটো যোৰহাটৰ নেহৰু পাৰ্ক অঞ্চলত নিগাজীকৈ থাকিবলৈ লৈছিল।৪ যোৰহাটৰ বহুবোৰ সামাজিক অনুষ্ঠানৰ সৈতে জড়িত তুলসী নাৰয়ণ শৰ্মাৰ নামেৰে নেহৰু পাৰ্কৰ এটি পথ নামাকৰণ কৰা হৈছে।
জয়ন্ত মাধৱৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল যোৰহাট নৰ্মাল স্কুলত। ইয়াৰ পাছত এবছৰ ইণ্ডিয়ান একাডেমীত পঢ়ে যদিও ১৯৩৯ চনৰ মাৰ্চ মাহত চীট পৰীক্ষা দি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নামভৰ্ত্তি কৰে।৩ ১৯৪৭ চনত তেখেতে সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰি কছম'পলিটান হোষ্টেলত থাকিবলৈ লয়। ইয়াৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হয়৩ আৰু কেমিকেল ইঞ্জিনীয়াৰিং পঢ়াৰ মনোৰথেৰে কলিকতালৈ যায়। কিন্তু কলিকতাত গৈ গম পায় যে ইতিমধ্যে ইঞ্জিনীয়াৰিঙত নামভৰ্তিৰ সময় পাৰ হৈ গৈছে। সেয়ে তাৰপৰা উভতি আহি দেউতাকৰ পৰামৰ্শ মতে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু এই মহাবিদ্যালয়ৰপৰা অৰ্থনীতি বিষয়ত সন্মানসহ তেখেতে স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩ লণ্ডন স্কুল অৱ ইকনমিক্সৰপৰা তেখেতে ফাইনেন্সিয়েল মেনেজমেণ্টত ডক্টৰেট লাভ কৰিছিল।১
কৰ্মজীৱন আৰু পৰিয়াল
লণ্ডনত গৱেষণাৰ কাম সমাপ্ত কৰি জয়ন্ত মাধৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গাড়ী নিৰ্মাতা কোম্পানীৰ অধীনস্থ সংস্থা ফ'ৰ্ড ফাউণ্ডেচনৰ বিত্তীয় মুৰব্বী ৰূপে কাৰ্যকাল আৰম্ভ কৰে। কেইবাবছৰো তাত কাম কৰি তেখেতে এছিয়ান ডেভেল'পমেণ্ট বেংকৰ ডাইৰেক্টৰ হিচাপে মেনিলাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে।১৩ এই বেংকৰে অপাৰেচন অফিচাৰ হিচাপে কিছুকাল তেখেত দক্ষিণ আফ্ৰিকাত থাকে আৰু এ ডি বিৰ প্ৰশাসনিক সঞ্চালক পদ লাভ কৰে। ১৯৯২ চনত তেখেতে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে আৰু অসমলৈ ঘূৰি আহে। তেখেত শুক্লা আয়োগৰ অন্যতম সদস্য আছিল। ভাৰতৰ প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ শাসন কালত দেৱেগৌড়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে পৰিকল্পনা আয়োগৰ সদস্য শিৱ প্ৰসাদ শুক্লাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ সদস্য ৰূপে আয়োগক প্ৰতিবেদন দাখিল কৰিছিল জয়ন্ত মাধৱে। ভাৰতৰ প্ৰথম ব্যক্তিগত বেংক স্থাপনৰ অনুজ্ঞাপত্ৰ জয়ন্ত মাধৱৰ প্ৰতিষ্ঠান জয়ন্ত মাধৱ এণ্ড এছ'চিয়েটছে লাভ কৰিছিল আৰু গ্ল'বেল ট্ৰাষ্ট বেংক আৰম্ভ হৈছিল। এই বেংকে বহুবোৰ গুৰুত্বপূৰ্ণ সেৱাৰ সূচনা কৰিছিল। জয়ন্ত মাধৱ ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড॰ মনমোহন সিংৰ ভাল বন্ধু আছিল আৰু সিঙৰ পৰামৰ্শ মতে নেডফি গঠন কৰি ইয়াৰ অধ্যক্ষ ৰূপে যোগ দিছিল। ড॰ মাধৱ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি, চমুকৈ আৰ জি ভি এনৰো অধ্যক্ষ আছিল। তেখেতে কলিকতাৰ কলকাতা মেট্ৰ'পলিটান ডেভেল'পমেণ্ট ক'ৰ্পোৰেচনৰ বিত্তীয় উপদেষ্টা হিচাপে কাম কৰিছিল। ২০০৩ চনৰপৰা ২০০৯ চনলৈ তেখেতে কংগ্ৰেছ চৰকাৰৰ অৰ্থনীতি আৰু বিত্তীয় উপদেষ্টাৰূপে কাৰ্যনিবাহ কৰিছিল। প্লেনিং কমিছনৰ উপাধ্যক্ষ মণ্টেক সিং আলুৱালিয়াৰ সৈতেও জয়ন্ত মাধৱৰ বন্ধুত্ব আছিল। মাধৱে অসমৰ যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে এমপ্লইমেণ্ট জেনেৰেচন মিছন প্ৰতিষ্ঠা কৰিছিল। জীৱনকালত বহুকেইটা অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে তেখেত জড়িত আছিল। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান বিভাগৰ অধীনৰ নেচনেল মিছন অন বেম্বু এপ্লিক্লেচনৰ অধ্যক্ষ পদতো তেখেত অধিষ্ঠিত হৈছিল।৩
১৯৬৯ চনৰ ১৯ মে' তাৰিখে চন্দনা গুপ্তাৰ সৈতে ড॰ জয়ন্ত মাধৱৰ বিবাহ সম্পন্ন হয়। বিয়াৰ পাছতে তেওঁলোক ফিলিপাইনছলৈ যায়। শৌৰ্য মাধৱ আছিল তেওঁলোকৰ একমাত্ৰ পুত্ৰ-সন্তান। লণ্ডন ইম্পেৰিয়েল কলেজত পঢ়ি থকা শৌৰ্য মাধৱৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। পুত্ৰৰ নামত জয়ন্ত মাধৱে শৌৰ্য মাধৱ ফাউণ্ডেচন আৰম্ভ কৰি এই ফাউণ্ডে চনৰ জড়িয়তেও বিভিন্ন সামাজিক কাম-কাজত ব্ৰতী হৈছিল।৩
মৃত্যু
বাৰ্দ্ধক্যজনিত ৰোগত ২০২০ চনৰ ১৯ অক্টোবৰ তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত তেখেতৰ মৃত্যু হয়।১২ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষ কৃত্য সম্পন্ন হয়।৩
অধিক চাওক
তথ্যসূত্ৰ
- ↑ (১৯ অক্টোবৰ, ২০২০). বিশিষ্ট অৰ্থনীতিবিদ ড॰ জয়ন্ত মাধৱৰ দেহাৱসান. ৰংমন দাস. ইষ্ট ম'জ'
- ↑ (19 October 2020). Jayanta Madhab passes away. www.assamtimes.org
- ↑ (২০ অক্টোবৰ, ২০২০). আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অৰ্থনীতিবিদ ড॰ জয়ন্ত মাধৱৰ দেহাৱসান. অসমীয়া প্ৰতিদিন
- ↑ পৰেশ মালাকাৰ, দুদুলমণি শৰ্মা. (২০১২). আমাৰ শৈশৱ. অন্বেষা. পৃ. ৭৩-৯৩. ISBN ৮১-৮৯০০৩-৬০-৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্ত মাধৱ” প্ৰবন্ধৰ সংশোধন ৩৮৫০৯১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।