জাঁইফল (nutmeg; বৈজ্ঞানিক নাম: Myristica Fragrans; শ্ৰেণী: Myristicaceae) হৈছে এবিধ সুগন্ধি মছলা। জাঁইফল মছলাবিধ উদ্ভিদজোপাৰ গুটিৰ শাহ আৰু জাঁইপত্ৰী হ'ল গুটিটোক আৱৰি থকা ৰেটিকুলেট এৰিল অংশ। এই গুটি আৰু এৰিলক আৱৰি এটা প্ৰায় ১.২৫ ছেণ্টিমিটাৰ ডাঠ পেৰিকাপ অংশ থাকে।<ref name="গ্ৰন্থ ১"১
উৎপত্তিস্থল
জাঁইফলৰ খেতি প্ৰধানত মালয়েছিয়া, ইণ্ডোনেছিয়া, ৱেষ্ট ইণ্ডিজ, ভাৰত, শ্ৰীলংকা আদিত কৰা হয়। পৃথিৱীৰ মুঠ জাঁইফল উৎপাদনৰ শতকৰা ৮৫ ভাগ ইণ্ডোনেছিয়া আৰু গ্ৰিনেদাই উৎপন্ন কৰে। ভাৰতবৰ্ষত ইয়াৰ খেতি তামিলনাডু, কেৰালা, কৰ্ণাটক, গোৱা আৰু মহাৰাষ্ট্ৰত কৰা হয়। সাধাৰণতে উত্তৰ আৰু সেমেকা জলবায়ু অঞ্চলত জাঁইফলৰ খেতি ভাল হয়।
আকাৰ
চিৰসেউজী, সুগন্ধিবিশিষ্ট এই মছলা উদ্ভিদজোপা সাধাৰণতে ৯ ৰ পৰা ১২ মিটাৰ পৰ্যন্ত ওখ হোৱা দেখা যায় যদিও প্ৰায় ২০ মিটাৰ পৰ্যন্তও ওখ বৃক্ষ আছে। ইয়াৰ ফলবিলাক পকিলে হালধীয়া বৰণৰ হয় আৰু নিজে নিজে সোঁমাজেৰে দীঘলীয়াকৈ ফাটি যায়। তেতিয়া ৰঙচুৱা বৰণৰ এৰিলে আৱৰা জাঁইফলটো আকৰ্ষণীয়ভাৱে দৃশ্যভূত হয়। জাঁইফল উদ্ভিদজোপাৰ পাতবোৰ ৫-১৫ ছেণ্টিমিটাৰ দীঘল আৰু ২-৭ ছেণ্টিমিটাৰ বহল হয়।
খাদ্য সংযুতি
প্ৰতি ১০০ গ্ৰাম জাঁইফলত থকা খাদ্য সংযুতি:
| খাদ্যপ্ৰাণ | পৰিমাণ |
|---|---|
| পানী | ১৪.৩ গ্ৰাম |
| মাংসসাৰ | ৭.৫ গ্ৰাম |
| ফেট | ৩৬.৪ গ্ৰাম |
| শৰ্কৰা | ২৮.৫ গ্ৰাম |
| ফাইবাৰ | ১১.৬ গ্ৰাম |
| খনিজ পদাৰ্থ | ১.৭ গ্ৰাম |
| কেলছিয়াম | ১২০ মিলিগ্ৰাম |
| ফছফৰাছ | ১৪০ মিলিগ্ৰাম |
| লো | ৪.৬ মিলিগ্ৰাম |
| ভিটামিন B1 | ০.৩৩ মিলিগ্ৰাম |
| ভিটামিন B2 | ০.০১ মিলিগ্ৰাম |
| নায়োছিন | ১.৪ মিলিগ্ৰাম |
তথ্যসূত্ৰ
- ↑ ড॰ অখিল বৰুৱা. (২০০০). মছলাৰ কাহিনী (জাঁইফল আৰু জাঁইপত্ৰী). অকনিহঁতৰ বিজ্ঞান আলোচনী (নতুন আৱিষ্কাৰ). পৃ. পৃষ্ঠা ২৯-৩০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাঁইফল” প্ৰবন্ধৰ সংশোধন ৫৪০৯১১ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।