অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
ঘনশ্যাম দৌল
ঘনশ্যাম দৌল বা নাতি গোঁসাই দৌল ১৮ শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে নিৰ্মাণ কৰাইছিল। আহোম যুগত নিৰ্মিত টেৰাকোটা শিল্পৰ নিদৰ্শন ঘনশ্যাম দৌলৰ স্থাপত্যত পোৱা যায়। এই দৌল জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত আৰু দেৱীদ’লৰ দক্ষিণফালে অৱস্থিত।
-
ঘিণাৰাম গোহাঞিবৰুৱা
ঘিণাৰাম গোহাঞিবৰুৱা (১৮২৪ - ১৯০৭) ইংৰাজ চৰকাৰৰ অধীনৰ পুলিচ বিষয়া আছিল। পিছলৈ মৌজাদাৰ হয়। ঘিণাৰাম গোহাঞিবৰুৱাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জাঁজী মৰাণ গাঁৱত। তেখেতৰ পিতাকৰ নাম আছিল কিনাৰাম গোহাঞি ডেকাবৰুৱা। তেখেতসকল থাউমুং ক্লিংলুনমং বুঢ়াগোহাঞিৰ বংশৰ লোক আছিল।।
-
ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন লখিমপুৰ জিলাৰ ঘিলামৰাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮২ চনত স্থাপিত এই বিদ্যালয়খনৰ ভৱনটো ৭৬৫০ বৰ্গ মি: কালিৰ অসম আৰ্হিৰ ঘৰেৰে নিৰ্মিত হৈছে। প্ৰথমতে এইখন মাধ্যমিক বিদ্যালয় হিচাপে আছিল আৰু ১৯৭৯ চনত স্থাপিত হৈছিল।
-
ঘোঁৰাবাঁক
ঘোঁৰাবাঁক বা বাঁক (Baak) সাধাৰণতে পানীৰ আশে পাশে থাকে বুলি মানুহৰ বিশ্বাস। ঘোঁৰাবাকে মাছ, বেঙ, ভেকুলী আদি খায় যদিও মাছ ইহঁতৰ বেছি প্ৰিয় বুলি জনসমাজত বিশ্বাস আছে। ঘোঁৰাবাঁক সম্পৰ্কে অসমীয়া ভাষাত একাধিক সাধু কথাও আছে। ঘোঁৰাবাকে জন্তু-মানুহ আদি সকলোৰে ৰূপ ল’ব পাৰে।
-
ঙ
ঙ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৫ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঙ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঙ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ঙ'-ক এনেদৰে লিখা যায়।
-
চ
চ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ষষ্ঠ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'চ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'চ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
চ'মাংকান
চমাংকান (Chomangkan) কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বিসকলৰ চমাংকান হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়।
-
চক্ৰধ্বজ সিংহ (নাটক)
চক্ৰধ্বজ সিংহ (Chakraddhaj Singha) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। এই নাটকৰ কথাবস্তু বেজবৰুৱাই প্ৰধানকৈ হেমচন্দ্ৰ গোস্বামীৰ শৰাইঘাটৰ যুদ্ধ নামৰ প্ৰবন্ধৰ পৰা চয়ন কৰিছে। অসমৰ অতীত গৌৰৱ অসমীয়াৰ আগত দাঙি ধৰিবলৈহে বেজবৰুৱাই এই নাটকখন ৰচনা কৰিছিল।
-
চন্দ্ৰ ভাৰতী
চন্দ্ৰ ভাৰতী (১৫২৫-১৫৭৮) ষোড়শ শতিকাৰ অসমৰ এগৰাকী কবি, সাহিত্যিক আৰু সংস্কৃত ব্যাকৰণত পাণ্ডিত্য থকা ব্যক্তি৷ তেওঁ তেতিয়াৰ কামৰূপৰ বৰপেটা অঞ্চলৰ লোক। ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন ৰাজদুৱাৰৰ পাহাৰৰ ওপৰত থকা শিলৰ ফলকত এই পাহাৰটো চন্দ্ৰ ভাৰতীৰ বাসস্থান বুলি দাবী কৰা হৈছে।
-
চন্দ্ৰধৰ চমুৱা
ড॰ চন্দ্ৰধৰ চমুৱা(ইংৰাজী: Dr. Chandradhar Chamuah) (ছেপ্টেম্বৰ ১৯৪১ - ১৩ নৱেম্বৰ ২০০৭) এগৰাকী অসমীয়া সাহিত্যিক আছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বান্তৌ গাঁৱৰ এটা দুখীয়া পৰিয়ালত চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় ১৯৪১ চনৰ ছেপ্টেম্বৰ (আহিন) মাহৰ কোনো এটা শনিবাৰে। পিতৃৰ নাম চক্ৰনাথ চমুৱা।
-
চন্দৰী আই
চন্দৰী আই ( Chandari Aai) শংকৰদেৱৰ পৰিয়ালৰ এগৰাকী পৰিচাৰিকা বা দাসী আছিল৷ কোনো কোনোৰ মতে, চন্দৰী আই শংকৰদেৱৰ ধাই মাক আছিল৷ পৰিচাৰিকা যদিও তেওঁ সমাজত প্ৰচলিত শাস্ত্ৰজ্ঞানেৰে জ্ঞানী আছিল৷ সেই বাবেই শংকৰদেৱৰ সৃষ্টিতো খুঁত উলিয়াই তাক শুধৰাবলৈ সক্ষম হৈছিল৷ শংকৰদেৱে তেওঁৰ প্ৰথম অংকীয়া নাট চিহ্ন-যাত্ৰা…
-
চম্পাৱতী নৈ
চম্পাৱতী নৈ ভাৰত উপমহাদেশৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ। চম্পাৱতী নৈৰ তিনিটা উপনৈ আছে - ভূৰ নদী (মোৰা ভূৰ নদীকে ধৰি), লোপানী আৰু ঢল পানী, যিবোৰ ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হৈছে।
-
চলিহা বাৰেঘৰ সত্ৰ
চলিহা বাৰেঘৰ সত্ৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰ অসমৰ এখন ঐতিহাসিক সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈষ্ণৱ পৰম্পৰাৰ অন্তৰ্গত এখনি প্ৰাচীন সত্ৰ।
-
চাংকেন
পঞ চাংকেন বা পয়চাংকেন (Sangken) হৈছে অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাইবিশেষে বসতি কৰা টাই জাতিৰ নতুন বছৰক আদৰণি জনোৱা এক বসন্ত উৎসৱ। টাই জনগোষ্ঠীৰ লোক ম্যানমাৰ, থাইলেণ্ড আদিতো বাস কৰে৷ ম্যানমাৰত বাস কৰা টাইসকলক শ্যান নামে জনা যায়৷ নতুন বছৰক আদৰা এই উৎসৱক ম্যানমাৰত ’ক্ৰুট সংক্ৰণ’, উত্তৰ থাইলেণ্ডত…
-
চাওদাং
চাওডাং(𑜋𑜰𑜫 𑜓𑜂𑜫 অৰ্থ: শাস্তি বিহা বিষয়া,Tsāo-Dāng) হৈছে টাই-আহোম সকলৰ এটা ফৈদ যি ৰাজধানী নগৰৰ ৰক্ষণা বেক্ষণ আৰু দোষীক শাস্তি দিয়া কামত নিয়োজিত আছিল। বৰ কাকত মহুং পুথি অনুসৰী চাওদাং ফৈদ অসমৰ ৰাজধানী গড়গাওৰ ৰক্ষণাবেক্ষণত নিয়োজিত আছিল। এই ফৈদ চাওফাৰ অতি বিশ্বাসী ফৈদ আছিল।
-
চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী
চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী (संसुमा खंगर बासुमतारी জন্ম ১ জানুৱাৰী ১৯৬০) চতুৰ্দশ ভাৰতৰ লোকসভাৰ সাংসদ। তেওঁ অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ বড়োলেণ্ড পিপুলছ ফ্ৰন্ট দলৰ সদস্য।
-
চাট (বাঁহৰ সঁজুলি)
চাট হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ লোকাচাৰত ব্যৱহাৰ হোৱা ত্ৰিশূল সদৃশ বাঁহৰ শলাবিশেষ। ইয়াত কেইবিধমান থলুৱা পাচলি ডোখৰ ডোখৰকৈ বা চকলিয়াই কাটি গুঠি লোৱা হয়। গৰু বিহুৰ দিনা গৰুক গা ধুৱাওঁতে এই পাচলিৰ টুকুৰাবোৰ গৰুৰ গালৈ দলিয়াই গৰুসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।
-
চান্দমাৰী
চান্দমাৰী (Chandmari) হৈছে অসমৰ গুৱাহাটীত থকা পুৰণি বসতিস্থলৰ ভিতৰত অন্যতম৷ চান্দমাৰী কামৰূপ মহানগৰ জিলাৰ পৰা পূব দিশত অৱস্থিত৷ অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটীৰ লগতে কেইখনমান শৈক্ষিক প্ৰতিষ্ঠান চান্দমাৰীত আছে৷ তাৰে ভিতৰত হ'লি চাইল্ড কনভেণ্ট, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সমীপত অৱস্থিত ভাস্কৰ…
-
চান্দসাই
চান্দসাইৰ প্ৰকৃত নাম আছিল চান্দ খাঁ। তেওঁ ইছলাম ধৰ্মাৱলম্বী আছিল, আৰু পেছাগত ভাবে এগৰাকী দৰ্জী আছিল। তেওঁ পোনতে শংকৰদেৱৰ নিন্দা কৰি ফুৰিছিল। শংকৰদেৱে পাটবাউসীত থকা সময়ত তেওঁক এটা চোলা সীবলৈ দিয়ে। এইদৰে তেওঁ শংকৰদেৱৰ সান্নিধ্যলৈ আহে। চান্দসাই তেওঁৰ মাহাত্ম্যত মুগ্ধ হয় আৰু তেওঁত শৰণ লয়।
-
চাহেবপুৰাৰ বৰষুণ
চাহেবপুৰাৰ বৰষুণ অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। উপন্যাসখনত নাৰীৰ প্ৰতিবাদী সত্তাটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে
-
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ (Charles Alexander Bruce; ১১ জানুৱাৰী ১৭৯৩ – ২৩ এপ্ৰিল ১৮৭১) এগৰাকী ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল।
-
চিচিবৰগাঁও বিধানসভা সমষ্টি
চিচিবৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Sissiborgaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয় (পূৰ্বৰ ধেমাজি আৰু জোনাই সমষ্টিৰ একাংশ লৈ ইয়াৰ সৃষ্টি কৰা…
-
চিদলী-চিৰাং বিধানসভা সমষ্টি
চিদলী-চিৰাং বিধানসভা সমষ্টি ( Sidli–Chirang Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ অন্যতম। ২০২৩ চনৰ ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ ১৯ নম্বৰ বিধানসভা সমষ্টি হিচাপে গঠন কৰা হয়।
-
চিৰিং ফুকন
চিৰিং ফুকন বা ফু-কন চি-ৰিং (আহোম: 𑜇𑜤 𑜀𑜨𑜃𑜫 𑜏𑜢 𑜍𑜢𑜂𑜫; Chiring Phukan) হৈছে মধ্যযুগীয় অসমৰ আহোম ৰাজ্যৰ এজন বিষয়া। তেওঁ আছিল আহোমসকলৰ পূজা-সেৱাৰ কাৰ্য কৰোঁতা খেলৰ আৰু দেওধাইসকলৰ গৰাকী।
-
চেংমৰা
চেংমৰা (Spiny Arum, বৈজ্ঞানিক নাম: Lasia spinosa) ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁইটীয়া কচু, ওলমোটোকা, কেশঠুৰী,, লা-ঘটুৱা আদি নামেৰেও জনা যায়।
-
চেনিৰাম গগৈ
চেনিৰাম গগৈ অসমৰ এগৰাকী কবি। বিগত প্ৰায় তিনিটা দশক ধৰি তেখেতে কবিতাৰ চৰ্চা কৰি আছে। বৰ্তমানলৈকে তেখেতৰ প্ৰকাশিত কবিতাপুথিৰ সংখ্যা দুখন: শব্দ শস্য গান (১৯৯৪) আৰু ঘৰগোনা বলধৰ কবিতা (২০২১)।
-
চৈয়দ ছাদুল্লা
চৈয়দ ছাদুল্লা (Syed Sadullah) অসমৰ এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, আবৃত্তিকাৰ,সুৰকাৰ তথা অনাতাঁৰ ঘোষক। ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক আছিল।
-
চোলা
চোলা এবিধ বস্ত্ৰ। ই আদিতে পুৰুষে পিন্ধা বস্ত্ৰ আছিল। বৰ্তমান ইয়াৰ আকাৰ আকৃতি সলনি হৈ নাৰী পুৰুষ উভয়েই পিন্ধিব পৰা হৈছে। হেমকোষ অভিধানত চোলাৰ অৰ্থ এনেকৈ দিয়া আছে, বেজীৰে সী গা আৰু হাত ঢাকিবলৈ ব্যৱহাৰ কৰা এবিধ কাপোৰ। ই সংস্কৃত শব্দ “চুল’’ৰ পৰা আহিছে। সংস্কৃতত চোল বা চোলক মানে বক্ষবন্ধনী।
-
চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়
চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় অসম সুকুমাৰ কলা বিষয়ক শিক্ষা প্ৰদান কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী মহাবিদ্যালয়। মহাবিদ্যালয়খনে পাঁচ বছৰীয়া কলাৰ সংযুক্ত পাঠ্যক্ৰমৰ সমাপ্ত কৰি ‘বেচ্চেলৰ অৱ ফাইন আৰ্টচ’ ডিগ্ৰী প্ৰদান কৰে।
-
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে।