অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জ্ঞান-মালিনী

জ্ঞান-মালিনী অসমীয়া কবিতাৰ পুথি৷ পুথিখনৰ লেখক মফিজুদ্দিন আহমদ হাজৰিকা৷ প্ৰথম প্ৰকাশ হয় ১৮৯৬ চনৰ মে’ মাহত৷ মফিজুদ্দিন আহমদ হাজৰিকাৰ এই জনপ্ৰিয় কবিতা পুথিখনৰ বাবেই তেওঁক জ্ঞান-মালিনীৰ কবি হিচাপেও জনাজাত।

হালনাগাদ: ২ অক্টোবৰ ২০২৪ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জ্ঞান-মালিনী অসমীয়া কবিতাৰ পুথি৷ পুথিখনৰ লেখক মফিজুদ্দিন আহমদ হাজৰিকা৷ প্ৰথম প্ৰকাশ হয় ১৮৯৬ চনৰ মে’ মাহত৷১ মফিজুদ্দিন আহমদ হাজৰিকাৰ এই জনপ্ৰিয় কবিতা পুথিখনৰ বাবেই তেওঁক জ্ঞান-মালিনীৰ কবি হিচাপেও জনাজাত।

গ্ৰন্থ পৰিচয়

জ্ঞান-মালিনী কবিতাপুথিখনত সৰ্বমুঠ ৯ টা দীঘল দীঘল কবিতা সংকলিত হৈছে। প্ৰতিটো কবিতাতে আঠ, ন টা স্তৱকৰ পৰা আৰম্ভ কৰি বিশ-পচিছটা স্তৱকলৈকে লিখা হৈছে। ২০১৪ চনলৈকে গ্ৰন্থখনৰ নৱম সংস্কৰণ প্ৰকাশ হৈছে।১ দীননাথ দত্তই জ্ঞান-মালিনী গ্ৰন্থত পুথিখনৰ বিষয়ে লিখিছে এনেদৰে-জ্ঞান-মালিনী অসমীয়া ভাষাৰ কাব্য-ফুলনীত এপাহি অপূৰ্ব্ব স্বৰ্গীয় পাৰিজাত। ইয়াৰ পদ আৰু কথা বিলাক অতি সোৱাদ; ভাব বিলাক তাতোকৈ ওখ। ইয়াৰ প্ৰত্যেক শাৰীতে অতি উজু ঘৰুৱা কথা বিলাকৰ সাজপাৰ পিন্ধি এটি মৌ-সনা উদাস আধ্যাত্মিক ভাব যেন সোত বোৱা-দি বৈছে; পঢ়ি থাকোঁ মানে এৰিবৰ মনকে নেযায় আৰু লগে লগে সংসাৰ-ভাবত জলাকলা হোৱা মনও চেচা লাগি আহে। ২ লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে- আপোনাৰ “জ্ঞান-মালিনী” হাতে লেখা পুথিখনি ওপৰে ওপৰে এবাৰ লৰালৰিকৈ চকু ফুৰালোঁ। মুঠতে কওঁ, আপোনাৰ পুথিখনি বিতোপন হৈছে; পঢ়ি বৰ সুখী হলোঁ। এই পুথিয়ে অসমীয়া সাহিত্যক ভাব আৰু ভাষাৰে ভালেমান চহকী কৰিলে। আপোনাৰ ভাব ওখ, ভাষা ললিত, আৰু তাক প্ৰকাশ কৰিবৰ গঢ় অতি সুৱলা। কবিতা লেখিবলৈ আপুনি কাপ ধৰা সাৰ্থক হৈছে। আপোনাৰ ওচৰত মোৰ খাটনি এই ফেৰা, যেন আপুনি এই কাপ হাতৰ পৰা নেৰি, অসমীয়া সাহিত্যৰ ডিঙিত মাজে সময়ে এনেকুৱা একোধাৰ গল্পতা পিন্ধাই থাকে।৩

তথ্যসূত্ৰ

  1. ↑ মফিজুদ্দিন আহমদ হাজৰিকা. (২০১৪). জ্ঞান-মালিনী. আলিবাট
  2. ↑ as.wikisource.org/wiki/%E0%A6%9C%E0%A7%8D%E0%A6%
  3. ↑ as.wikisource.org/wiki/%E0%A6%9C%E0%A7%8D%E0%A6%

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞান-মালিনী” প্ৰবন্ধৰ সংশোধন ৪৩৪৮৭৭ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।