জুৰী বৰা বৰগোহাঞি (Juri Borah Borgohain; জন্ম:১৯৭৮ - ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ১। তেখেতৰ জন্ম অসমৰ মাজুলী জিলাত হৈছিল। পিতৃৰ নাম মহেন্দ্ৰ বৰা আৰু মাতৃৰ নাম বীণা বৰা। কিছুদিন সংবাদ মাধ্যম আৰু শিক্ষাদানৰ লগত জড়িত হৈ থকাৰ পাছত তেখেতে বৰ্তমান স্বাধীনভাৱে সাহিত্য ৰচনা কৰি আছে।
শিক্ষা জীৱন
জুৰী বৰা বৰগোহাঞিয়ে জন্মস্থান মাজুলীৰ কাণকুৰিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰি, আউনিআটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু তাৰ পাছত মাজুলী মহাবিদ্যালয়ৰ পৰা স্নাতক হয় আৰু পৰবৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ আৰু এম ফিল ডিগ্ৰী আহৰণ কৰে। ইয়াৰ লগে লগে তেখেতে ৰাজনীতি বিজ্ঞানৰ নিৰ্দিষ্ট বিষয়ত গৱেষণাত ব্ৰতী হয়১।
কৰ্ম জীৱন
১৯৯৮-২০০৫ চনৰ সময়ছোৱাত জুৰী বৰা বৰগোহাঞিয়ে মাজুলীৰ পৰা প্ৰকাশিত পষেকীয়া কাকত মাজুলীত সাংবাদিকতা আৰম্ভ কৰে। পাছলৈ আমাৰ অসম, দৈনিক জনমভূমি আদি কাকতৰ সাংবাদিকতাত জড়িত থাকে। ২। ২০০৩ চনত শিৱসাগৰ জুনিয়ৰ কলেজত প্ৰবক্তা আৰু ২০০৯ চনত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে।
ব্যক্তিগত জীৱন
বিবাহ সূত্ৰে জুৰী বৰা বৰগোহাঞি শিৱসাগৰৰ বোৱাৰী। তেখেতৰ জীৱনসংগী হৈছে লক্ষ্মীনন্দন বৰগোহাঞি। তেওঁলোক পাছলৈ ডিব্ৰুগড়ৰ বাসিন্দা হয়।
সাহিত্যকৃতি
২০০৪ চনত প্ৰকাশ হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী জুৰী বৰা বৰগোহাঞিৰ প্ৰথম উপন্যাস। মহীয়সী নাৰী জয়মতী কুঁৱৰীৰ জীৱনগাঁথাৰে লিখা উপন্যাস নাং-ফাৰ জৰিয়তে তেখেতে অসমৰ সাহিত্য জগতত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হয়১। ইয়াৰ লগতে তেওঁ ঐতিহাসিক ষ্টিলৱেল ৰোড নিৰ্মাণৰ আঁৰৰ কাহিনীৰে উপন্যাস লিড’লাম ৰচনা কৰিছে। এতিয়ালৈকে ১১খন উপন্যাস, ১খন উদ্ভিদ বিষয়ক গ্ৰন্থ, ১খন সম্পাদিত গ্ৰন্থ প্ৰকাশ হোৱা জুৰী বৰা বৰগোহাঞিৰ ২৩খন উপন্যাসিকা, অৰ্ধ শতাধিক গল্প, ভ্ৰমণ সাহিত্য, প্ৰবন্ধ তথা অন্যান্য লেখা বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। লগতে দূৰদৰ্শন, অনাতাঁৰ যোগে বিভিন্ন বিষয়ৰ তথ্যচিত্ৰ, প্ৰবন্ধ, কথিকা আদি প্ৰচাৰিত হৈছে১।৩
উপন্যাস
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী(২০০৪, বনলতা)
- আপোনজনৰ ঠিকনা (২০০৭, বনলতা)
- অভিলাষী যাত্ৰা (২০০৮, বনলতা)
- ৰাগ ইমন (২০০৯, চন্দ্ৰ প্ৰকাশ)
- নাং-ফা (২০১০, বনলতা)
- লিড’লাম (২০১২, বনফুল প্ৰকাশন)
- ভোক (২০১৫, বনলতা)
- আংকুশ (২০১৮, বনলতা)
- সিহঁত (২০২০, বনলতা)
- চিঞৰ (২০২২, বনলতা)
- কেম’ফ্লেজ (২০২৩, জ্যোতি প্ৰকাশন)
- নেত্ৰী (২০২৪, বনলতা প্ৰকাশন)
- জলজ (২০২৪, বনলতা প্ৰকাশন)
অন্যান্য গ্ৰন্থ
- বনশাক আৰু ইয়াৰ ব্যৱহাৰ ( ২০১০, বনলতা)
- এক সন্ধান যাত্ৰা (২০১২. শব্দ প্ৰকাশ)
সম্পাদিত গ্ৰন্থ
- সয়ম্বৰ ঘৰফলীয়া এক সন্ধান যাত্ৰা ( ২০১২, শব্দ প্ৰকাশ)
আলোচনীৰ যোগে প্ৰকাশিত উপন্যাসিকা
- নিৰুদিষ্ট প্ৰেমিকজনৰ সন্ধানত (শাৰদীয় দৈনিক জনমভূমি, ২০০৮)
- বাঁহী বজোৱা ল’ৰাটো (শাৰদীয় দৈনিক জনমভূমি, ২০১০)
- অকাৰণে, নিস্পাপ চকুহালত (ইত্যাদি, জনসাধাৰণ, ৯ জানুৱাৰী, ২০১১)
- এটা নষ্ট ল’ৰাৰ মালিতা (সাপ্তাহিক জনমভূমি, ৰঙালী বিহু বিশেষ সংখ্যা, ১৩ এপ্ৰিল ২০১১)
- চিনাকি গাঁৱৰ অচিনাকি পদূলি (জনসাধাৰণ, বসন্ত উপাচাৰ, এপ্ৰিল ২০১১)
- পিতা (শাৰদীয় দৈনিক জনমভূমি, ২০১১)
- বৃত্তৰ বাহিৰত (অসম বাণী, বিহু আলোচনী, ২০১২)
- সপোনবোৰ (বিহু আলোচনী, দৈনিক জনমভূমি, ২০১২)
- এনাজৰী (শাৰদীয় আলোচনী, দৈনিক জনমভূমি, ২০১২)
- গাঁজ মেলা সপোন (শাৰদীয় আলোচনী, জনসাধাৰণ, ২০১২)
- দাগ (ভোগালী, মাঘ বিহু বিশেষ সংখ্যা আলোচনী, দৈনিক জনমভূমি, ২০১৩)
- যাত্ৰা (ৰঙালী বিহু বিশেষ সংখ্যা,অসমীয়া নাৰীযুগ, মাৰ্চ-এপ্ৰিল ২০১৩)
- শাশ্বতিক (শাৰদীয় আলোচনী, দৈনিক জনমভূমি, ২০১৩)
- আধৰুৱা সপোন এটা (শৰদীয় সম্ভাৰ, জনসাধাৰণ, ২০১৩)
- তুমি অথবা তুমিহীনতা (বিহু আলোচনী, অসম বাণী, ২০১৪)
- শাশ্বতিকঃ এটা অসমাপ্ত কাহিনী (শাৰদীয় দৈনিক অসম, ২০১৪)
- শাশ্বতিকঃ এক অপ্ৰকাশিত সত্য (ভোগালী, মাঘ বিহু বিশেষ সংখ্যা আলোচনী, দৈনিক জনমভূমি, ২০১৫)
- গ্লেমাৰ (বিহু আলোচনী, অসম বাণী, ২০১৫)
- চিনাকি-অচিনাকি (মাহেকীয়া অনুভূতি, বসন্ত বিশেষ সংখ্যা, ২০১৫)
- স্বৰ্গৰ সাধুকথা (শাৰদীয় আলোচনী, দৈনিক জনমভূমি, ২০১৫)
আলোচনীত প্ৰকাশিত ধাৰাবাহিক
- আমাৰ শাক চিনাকি (উদ্ভিদ বিষয়ক সচিত্ৰ ধাৰাবাহিক, সাতসৰী, জুলাই ২০১০ ৰ পৰা জুলাই ২০১৪ লৈকে)
- জলজ (ধাৰাবাহিক উপন্যাস, বসুন্ধৰা, দৈনিক জনমভূমি, ১৭ মাৰ্চ ২০১৩ ৰ পৰা ২২ ডিচেম্বৰ ২০১৩ লৈকে)
- আমাৰ মাছ চিনাকি (মাছ বিষয়ক সচিত্ৰ ধাৰাবাহিক, সাতসৰী, ছেপ্তেম্বৰ ২০১৪ ৰ পৰা বৰ্তমানলৈকে)
দূৰদৰ্শন যোগে প্ৰচাৰিত তথ্যচিত্ৰ/আলেখ্য
- মাঘ আমাৰ ভোগালী
- বিহু থাকে মানে বিহুকে বিনাবা
বঁটা/সন্মান
- ২০০৯ চনৰ ‘হৰেন্দ্ৰ চন্দ্ৰ বৰকাকতী উপন্যাস বঁটা' ( ৰাগ... ইমনৰ পাণ্ডুলিপিৰ বাবে)৪
- ২০১০ চনত উত্তৰ পূব ভাৰতৰ পৰা প্ৰকাশিত ১০খন গ্ৰন্থৰ এখন হিচাপে নাং-ফালৈ "গ্ৰন্থ বান্ধৱৰ" বিশেষ স্বীকৃতি৫
- ২০১১ চনত আধাৰশিলালৈ নতুন প্ৰজন্মৰ লেখিকা হিচাপে নিৰ্বাচিত৬
- স্বেচ্ছাসেৱী সংস্থা 'জীৱন ইনিচিয়েটিভ'ৰ ২০১২ চনৰ 'বছৰৰ বিশেষ ১০' গৱেষক, গায়ক, কৃষক, সংবাদ গোষ্ঠী, সমবায়, চিনেমা, গ্ৰন্থৰ তালিকাত অন্তৰ্ভুক্ত একমাত্ৰ গ্ৰন্থ লিড'লাম। ৭
- ২০১২ চনত উত্তৰ পূব ভাৰতৰ পৰা প্ৰকাশিত ১০খন গ্ৰন্থৰ এখন হিচাপে লিড'লামলৈ "গ্ৰন্থ বান্ধৱৰ" বিশেষ স্বীকৃতি৮
- ২০১৩ 'যুৱ প্ৰেৰণা বঁটা'(দৈৱকী হাজৰিকা স্মৃতি ন্যাস)৯
- ২০১৭ চনত 'ৰাষ্ট্ৰীয় আকাশবাণী বাৰ্ষিক বঁটা' (ষ্টিলৱেল ৰ'ড° দ্য মেমৰী অৱ এ ফৰগ'টেন ৱাৰ শীৰ্ষক আলেখ্যৰ বাবে)
- ২০১৮ চনত 'অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান' (ভোক উপন্যাসৰ বাবে)
- ২০২০ চনত 'লেখিকা সমাৰোহ সাহিত্য বঁটা'
- ২০২১ চনত 'অনন্যা নাৰী অনন্য গ্ৰন্থ বঁটা' (সিহঁত উপন্যাসৰ বাবে)
- ২০২৩ চনত 'নামফাকে সাহিত্য সন্মান'
তথ্যসূত্ৰ
- ↑ " প্ৰতিশ্ৰুতিসম্পন্না লেখিকা জুৰী বৰা বৰগোহাঞি", কুশল হালৈ, দেওবৰীয়া চ'ৰা দৈনিক অসম, ৮ এপ্ৰিল ২০১২
- ↑ নন্দিনী, আগষ্ট ২০১৫
- ↑ JURI BORAH BORGOHAIN at Simplesite
- ↑ "Harendra Chandra Borkakaty Award given away"- By Staff Reporter, The Sentinel, 9th December, 2010
- ↑ "গ্ৰন্থ পৰিচিতি ২০১০-১১" www.ruchiraarts.in
- ↑ (July 26, 2011). LITERARY FORUM ADHARSHILA STARTED. Northeast Today
- ↑ "জীৱন" Edition 36, 2013, jeevaninitiative, a voluntary association
- ↑ "গ্ৰন্থ পৰিচিতি ২০১২-১৩" www.ruchiraarts.in
- ↑ ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ যুৱ প্ৰেৰণা বঁটা "অসমীয়া খবৰ" 1st October, 2013,Page No. 8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুৰী বৰা বৰগোহাঞি” প্ৰবন্ধৰ সংশোধন ৪৫৬৬৯৭ (২১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।