জীৱেশ্বৰ বৰুৱা (১৯০৬–১৯৬৪) এগৰাকী অসমীয়া শিল্পী৷ তেওঁ অসমৰ চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় (Government College of Art and Crafts) স্থাপন কৰিছিল৷
শৈশৱ
জীৱেশ্বৰ বৰুৱাৰ জন্ম হৈছিল শিৱসাগৰৰ আমোলাপট্টিত ১৯০৬ চনত৷ শৈশৱৰে পৰা তেওঁ শিল্পৰ প্ৰতি আকৃষ্ট হৈছিল৷
কৰ্মজীৱন
জীৱেশ্বৰ বৰুৱাই পানবজাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিত্ৰকলাৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ সেই বিদ্যালয়তে তেওঁ এখন আৰ্ট স্কুল প্ৰতিষ্ঠা কৰে যদিও বিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়৷ পৰৱৰ্ত্তী কালত তেওঁ ফটোগ্ৰাফীৰ ব্যৱসায়ো আৰম্ভ কৰে৷
১৯৪৭ চনত বৰুৱাই পানবজাৰৰ ডন বস্কো বিদ্যালয়ত আৰ্ট স্কুলৰ প্ৰতিষ্ঠা কৰে৷ ১৯৪৮ চনৰ পৰা এই বিদ্যালয়ে অসম চৰকাৰৰ পৰা মাহেকীয়া পুঁজি লাভ কৰিবলৈ সক্ষম হয়৷ ১ ১৯৫৯ চনৰ পৰা এই পুঁজিৰ বৃদ্ধি হয় আৰু লাখটকীয়াত অৱস্থিত ললিত কলা একাডেমীৰ সৈতে একেলগে মাহেকীয়া পুঁজিৰ নিয়মীয়াকৰণ হয়৷ এই ললিত কলা একাডেমীৰ ছেক্ৰেটেৰী হিচাপেও বৰুৱাই কাৰ্য্যনিৰ্বাহ কৰে৷ ১ ১৯৫৮ চনত এই প্ৰতিষ্ঠানে পোনপ্ৰথমবাৰৰ বাবে দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছত বৰুৱাৰ তত্বাবধানত ললিত কলা একাডেমীয়ে গুৱাহাটীতো চিত্ৰ প্ৰদৰ্শনি অনুষ্ঠিত কৰে৷
বৰুৱাৰ মৃত্যুৰ পিছত এই ললিত কলা একাদেমী পৃথক হৈ স্বাধীনভাৱে চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় (Government College of Arts and Crafts, Assam) নামেৰে প্ৰসিদ্ধ হয়৷ বৰ্তমান এই শিক্ষানুষ্ঠানটো গুৱাহাটীৰ বশিষ্ঠত অৱস্থিত৷১
মৃত্যু
১৯৬৪ চনৰ ৩১ জানুৱাৰীত গুৱাহাটীত জীৱেশ্বৰ বৰুৱাৰ মৃত্যু হয়৷১
তথ্যসূত্ৰ
- ↑ Tiprasatimes. (13 May 2017). Government College of Art & Crafts: From Glory Towards Oblivion - Tiprasa Times. tiprasatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱেশ্বৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮১০৫৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।