ছিপাঝাৰ বিধানসভা সমষ্টি (ইংৰাজী: Sipajhar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো দৰং জিলাৰ অন্তৰ্গত আৰু ই দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন বৰ্ষ | বিধায়ক | ৰাজনৈতিক দল |
|---|---|---|
| ১৯৭৮ | নগেন শৰ্মা | জনতা পাৰ্টী |
| ১৯৮৩ | কৰুণা কান্ত বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৫ | জয়নাথ শৰ্মা | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৯১ | জয়নাথ শৰ্মা | অসম গণ পৰিষদ |
| ১৯৯৬ | জয়নাথ শৰ্মা | অসম গণ পৰিষদ |
| ২০০১ | ড° জয়া দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০৬ | বিনন্দ কুমাৰ শইকীয়া | অসম গণ পৰিষদ |
| ২০১১ | বিনন্দ কুমাৰ শইকীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০১৬ | বিনন্দ কুমাৰ শইকীয়া | ভাৰতীয় জনতা পাৰ্টী |
| ২০২১ | পৰমানন্দ ৰাজবংশী | ভাৰতীয় জনতা পাৰ্টী |
| ২০২৬ | পৰমানন্দ ৰাজবংশী | ভাৰতীয় জনতা পাৰ্টী |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী তথা বিশিষ্ট সাহিত্যিক ড° পৰমানন্দ ৰাজবংশীয়ে বিজয় সাব্যস্ত কৰি এই সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিপাঝাৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩০৮ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।