অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
সন্ধান ডট কম
সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷ তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰে ৷
-
সন্ধিয়াৰ সাধু
সন্ধিয়াৰ সাধু (ইংৰাজী: Sandhiyar Sadhu) ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা লিখিত এখনি সাধুকথাৰ পুথি৷ পুথিখন পোনপ্ৰথমবাৰৰ বাবে ১৯৩৭ চনত প্ৰকাশিত হৈছিল৷ পুথিখনত মুঠতে ২২টা সাধু আছে৷
-
সবিতা গোস্বামী
সবিতা গোস্বামী (Sabita Goswami) আশীৰ দশকৰ অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক। সবিতাই বিবিচি, ফ্ৰান্স সংবাদ সন্থা, ব্লিটচ আদি কাকতৰ হৈ কাম কৰিছিল আৰু নিৰপেক্ষ হৈ থাকি অসম আন্দোলন, চাউলখোৱাৰ গণহত্যা, সেইসময়ৰ নিৰ্বাচন আদিৰ ধাৰাবাহিক সংবাদ ৰাইজৰ মাজলৈ লৈ গৈছিল।
-
সমাজভাষাবিজ্ঞান পৰিচয় (গ্ৰন্থ)
সমাজভাষাবিজ্ঞান পৰিচয় গ্ৰন্থখনৰ লিখক অনুৰাধা শৰ্মা। গ্ৰন্থখনত আধুনিক ভাষাবিজ্ঞানৰ এটা প্ৰধান শাখা সমাজভাষাবিজ্ঞান (Sociolinguistics)ৰ বিষয়ে আলোচনা কৰা হৈছে।
-
সমীক্ষণ
সমীক্ষণ অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া আলোচনী৷ সমাজ-ৰাজনীতি বিষয়ক মুখ্য কৰি এই আলোচনী প্ৰকাশ হৈ আহিছে৷ ৰাজনৈতিক-অৰ্থনৈতিক বিশ্লেষণৰ উপৰি সাম্প্ৰতিক ঘটনাক্ৰম, সাহিত্য-বিজ্ঞান আদি বিষয়ৰ নিবন্ধ প্ৰকাশত আলোচনীখনিয়ে গুৰুত্ব দিয়ে৷ আদিতে যোৰহাটৰ পৰা প্ৰকাশ পোৱা আলোচনীখনি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী…
-
সমীৰণ বৰদলৈ
সমীৰণ বৰদলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সদস্য, অসম পেৰা অলিম্পিক সন্থাৰ সভাপতি, অসম সাঁতোৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সদস্য তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদককে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।
-
সমৰজিৎ নাথ
সমৰজিৎ নাথ (ইংৰাজী: Samarjit Nath, জন্ম: ১ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এজন সোঁহাতীয়া বেটছমেন আৰু উইকেট-ৰক্ষক আছিল, যিয়ে অসম দলৰ হৈ খেলিছিল। তেওঁ বঙাইগাঁওত জন্মগ্ৰহণ কৰিছিল।
-
সাঁচিপাতৰ পুথি (উপন্যাস)
সাঁচিপাতৰ পুথি হৈছে ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭৩ চনত। গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-১৫২।
-
সাউৰি
সাউৰি প্ৰথা অসমৰ কৃষিজীৱী সমাজে খেতি কৰিবৰ সময়ত পালন কৰা প্ৰথাসমূহৰ ভিতৰত অন্যতম।
-
সাক্ষাৎকাৰ ৩০ (গ্ৰন্থ)
সাক্ষাৎকাৰ ৩০ (Sakshyatkar 30) হৈছে অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ জীৱন,কৰ্ম আৰু অসমৰ জাতীয় জীৱনলৈ তেওঁলোকৰ অৱদান সম্পৰ্কে যুগুত কৰা এখনি সাক্ষাৎকাৰ-ভিত্তিক গ্ৰন্থ৷ বেদান্ত পূজাৰীৰ দ্বাৰা সম্পাদিত গ্ৰন্থখনৰ প্ৰকাশক হৈছে বনলতা৷
-
সাগৰ দেখিছা (কবিতা সংকলন)
সাগৰ দেখিছা(Sagar Dekhisa) হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য গ্ৰন্থ। এই কবিতা সংকলনখন স্বাধীনতাৰ পিছত(১৯৪৮ চনত) প্ৰকাশ হৈছে যদিও, সৰহভাগ কবিতাই দ্বিতীয় বিশ্বযুদ্ধৰ আগতে ৰচনা কৰা হৈছিল। গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে ইয়াৰ প্ৰায়বিলাক কবিতা 'আৱাহন'ত প্ৰকাশিত হৈছিল।
-
সাত বইনী পাহাৰ
সাত বইনী পাহাৰ অসমৰ গোৱালপাৰা জিলাৰ বান্দৰ্শী মৌজাৰ দেউৰীপাৰাত শ্ৰীশ্ৰীআই ভগৱতী থান (আইথান)ৰ পূৱত গাতে লাগি থকা এটি সৰু টিলা পাহাৰটোৰ দক্ষিণ-পশ্চিম অংশত এই "সাতবইনী" গোঁসানীক এটা সময়ত পূজা কৰিছিল আৰু দেৱী গোঁসানীৰ থাপনা এই পাহাৰত আছিল বাবে পাহাৰটিৰ নাম সাত বইনী পাহাৰ।
-
সাতপখলী
সাতপখলী (Satpakhali) অসমৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও। ২০১৪ চনত গুৱাহাটী লোকসভা সমষ্টিৰ তেতিয়াৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাতপখলীক এখন আদৰ্শ গাঁও হিচাপে নিৰ্বাচন কৰে। জনশ্ৰুতিমতে, গাঁওখনৰ দক্ষিণে বৰভিঠা নামেৰে ঠাইত সাতটা পখলী আছিল।
-
সাতসৰী (অলংকাৰ)
সাতসৰী বা সাতলৰী বা সাতমেৰীয়া হাৰ এবিধ নাৰীসকলে ডিঙিত পিন্ধা অলংকাৰ। সৰহখিনি অসমীয়া অলংকাৰ আহোম শাসন কালতে গঢ় লৈ উঠে৷৷ আগৰ দিনত ভাৰতৰ আন ঠাইৰ দৰে কাঁচ বা পিতলৰ অলংকাৰ পিন্ধা নহৈছিলেই৷ দৈনন্দিন ব্যৱহাৰত মধ্যবিত্ত অসমীয়া নাৰীয়ে বগা বা ৰঙা পোৱালমণিৰে গঁথা বেনা, ডুগডুগী, চিতিপতি, গলপতা আদি…
-
সাম্প্ৰতিক সাময়িকী (আলোচনী)
সাম্প্ৰতিক সাময়িকী ( Sampratik Samayikee) ১৯৭৬ চনৰ পৰা ১৯৮৬ চনলৈকে এৰাধৰাকৈ প্ৰকাশ হোৱা এখন অসমীয়া আলোচনী৷ এই সময়ছোৱাত আলোচনীখনৰ প্ৰায় পঞ্চাশটামান সংখ্যা প্ৰকাশ হৈছিল৷ সাহিত্য-সংস্কৃতি বিষয়ক তিনিমহীয়া আলোচনীখনৰ প্ৰথম বছৰ প্ৰথম সংখ্যাটো প্ৰকাশ হৈছিল ১৯৭৬ চনৰ এপ্ৰিল মাহত।
-
সাহিত্য আলোচনা
সাহিত্য আলোচনা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্য নাথ গোস্বামী সাহিত্যৰ লগত জড়িত বিভিন্ন বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰিছে। ৰস, অলংকাৰ, দৰ্শন, ট্ৰেজেডী, অস্তিত্ববাদ ইত্যাদি সম্পৰ্কে গ্ৰন্থখনত ৬টা অধ্যায়ত আলোচনা কৰিছে। গ্ৰন্থখনৰ প্ৰকাশক বাণী প্ৰকাশ,পাণবজাৰ,গুৱাহাটী।
-
সাহিত্য দেশী আৰু বিদেশী
সাহিত্য দেশী আৰু বিদেশী এখন অসমীয়া গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক ড° প্ৰহ্লাদ কুমাৰ বৰুৱা ৷ গ্ৰন্থখন প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ২১ ডিচেম্বৰ ১৯৮৮ চনত৷ দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় ২৮ ফেব্ৰুৱাৰী ১৯৯৬ চনত আৰু তৃতীয় তথা বনলতা সংস্কৰণ প্ৰকাশ পাইছিল ২০০১ চনত৷ গ্ৰন্থখনত অসমীয়া সাহিত্য আৰু ভাৰতীয় সাহিত্যৰ…
-
সাহিত্য-বাদবৈচিত্ৰ্য
সাহিত্য-বাদবৈচিত্ৰ্য নগেন শইকীয়াৰ সাহিত্য-সম্পৰ্কীয় গ্ৰন্থ। গ্ৰন্থৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৭ চনত। তেতিয়া তেওঁ গ্ৰন্থখন সম্পাদনা কৰিছিল। পৰৱৰ্তী সময়ত নগেন শইকীয়াই ২০০৩ চনত নতুন বিষয়ৰ সংযোজন ঘটাই নিজাকৈ গ্ৰন্থখন লিখি উলিয়ায়। প্ৰকাশক কৌস্তুভ প্ৰকাশন।
-
সাৰদা বেজবৰুৱা
সাৰদা বেজবৰুৱা যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষা আৰু যোৰহাটৰ এগৰাকী বিশিষ্টা শিক্ষাবিদ আছিল। তেওঁ যোৰহাট জিলাৰ তৰাজানৰ নিৱাসী আছিল। তেওঁৰ প্ৰকৃত নাম আছিল সাৰদা নায়াৰ।
-
সাৰাংশ
সাৰাংশ (Harangso) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০১১ চনৰ আগষ্ট মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
সিদ্ধিনাথ শৰ্মা
সিদ্ধিনাথ শৰ্মা (Siddhinath Sarma)অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সংগ্ৰামী আছিল৷ তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছ চৰকাৰক কাবু কৰিবলৈ বিভিন্ন কূটাঘাতমূলক কাম কৰিছিল৷ তেওঁৰ নেতৃত্বতে ১৯৪২-৪৩ চনত কেইবাটাও দলং ভঙা আৰু ৰে’ল বগৰোৱা কাণ্ড সংঘটিত হৈছিল৷ সিদ্ধিনাথ শৰ্মা…
-
সীমান্ত ফুকন
সীমান্ত ফুকন অসমৰ এগৰাকী বিশিষ্ট নাট পৰিচালক,অভিনেতা আৰু নাট্য প্ৰশিক্ষক। বৰ্তমানলৈকে তেওঁ এশৰো অধিক নাটক পৰিচালনা কৰাৰ লগতে ভালেখিনি নাটকত অভিনয় কৰিছে। ১৯৮৯ চনত গুৱাহাটী দূৰদৰ্শনৰ যোগেদি সম্প্ৰসাৰিত হোৱা বনকোঁৱৰ সীমান্ত ফুকনৰ দ্বাৰা পৰিচালিত প্ৰথমখন টেলিনাট।
-
সুঁৱৰি
সুঁৱৰি বা স'ৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্ত উৎসৱ। এই উৎসৱৰ আটাইতকৈ উল্লেখযোগ্য আকৰ্ষণ হ'ল দধি মথন ভাওনাৰ অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে জনসাধাৰণে স্মৰণ কৰাৰ সুযোগ পায় বাবে ইয়াৰ নাম সুঁৱৰি (সংস্কৃতত স্মৰণিকা)।
-
সুকুমাৰ কলা পৰিষদ, অসম
সুকুমাৰ কলা পৰিষদ, অসম (ENG: SUKUMAR KALA PARISHAD, ASSAM) আবৃত্তি আৰু সূত্ৰধাৰ(Anchoring)ৰ মাধ্যমেৰে অসমীয়া ভাষা- সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ২০০৭ চনত জন্ম হোৱা এটা স্বেচ্ছাসেৱী সংগঠন। বৰ্তমানে অসমৰ বিভিন্ন ঠাইত ইয়াৰ বহুকেইটা শাখা আৰু প্ৰশিক্ষণ বিদ্যালয় আছে।
-
সুখ বৰুৱা
ড° সুখ বৰুৱা (Sukha Baruah, ৩১ ডিচেম্বৰ ১৯৪৬ - ৩ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় নাৰীবাদী, শিক্ষাবিদ, সাহিত্যিক তথা নাৰী শিক্ষাৰ বাটকটীয়া আছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° সুখ বৰুৱা বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ…
-
সুখ-দুখ
সুখ-দুখ (Hukh-Dukh) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ১৯৯২ চনৰ আগষ্ট মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনে ২০১৫ চনলৈকে মুঠ সাতটা সংস্কৰণ লাভ কৰিছে।
-
সুচিত্ৰা সিং
সুচিত্ৰা সিং (ইংৰাজী: Suchitra Singh; জন্ম: ৩১ জানুৱাৰী ১৯৭৭) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এগৰাকী সোঁহাতীয়া বেটছমেন আছিল আৰু ব্ৰেকৰ সময়ত সোঁহাতেৰে বলিঙো কৰিছিল।
-
সুজয় তৰফদাৰ
সুজয় তাৰাফদাৰ (ইংৰাজী: Sujay Tarafdar, জন্ম: ৬ ডিচেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, যিয়ে অসম ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ বৰ্তমান বিলুপ্ত ইণ্ডিয়ান ক্ৰিকেট লীগ (ICL)-ত ৰয়েল বেংগল টাইগাৰ্ছ দলৰ হৈও প্ৰতিনিধিত্ব কৰিছিল। তেওঁ এজন সোঁহাতীয়া মিডিয়াম গতিৰ বলাৰ।
-
সুজিত দাস
সুজিত দাস (Sujit Das) অসমৰ নগাঁও জিলাত জন্মগ্ৰহণ কৰা এগৰাকী সমকালীন ভাৰতীয় চিত্ৰশিল্পী।
-
সুজিতা দাস
সুজিতা দাস (Sujita Das) অসমৰ এগৰাকী অনাতাঁৰ ঘোষক (ৰেডিঅ’ জকি)। তেওঁ জনপ্ৰিয়ভাৱে আৰ. জে সুজিতা নামেৰে পৰিচিত। তেওঁ ৯২.৭ বিগ এফ এম গুৱাহাটীত অনাতাঁৰ ঘোষক হিচাপে ১৫ বছৰ কাম কৰা জ্যেষ্ঠতম ৰেডিঅ’ ঘোষক৷ তেওঁ ৯২.৭ বিগ এফ এমৰ “দুপৰৰে ৰ’দালি” অনুষ্ঠানৰ বাবে অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি আছিল।