অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
শিল্প-সংস্কৃতিৰ ৰণাঙ্গন
শিল্প-সংস্কৃতিৰ ৰণাঙ্গন হৈছে অসমৰ বিশিষ্ট সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত আৰু ঐকান্তিক প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ ২৬ টা ভিন্নধৰ্মী বিষয়ত আধাৰিত গ্ৰন্থখনৰ লেখাসমূহ মুঠতে ছটা ভাগত বিভক্ত আৰু লেখাসমূহ লেখকৰ দ্বাৰা ভিন ভিন সময়ত লিখা…
-
শিৱদাস বন্দ্যোপাধ্যায়
শিৱদাস বন্দ্যোপাধ্যায় (২৭ ডিচেম্বৰ ১৯৩২ – ০৮ আগষ্ট ২০০৯) এজন বিশিষ্ট বাঙালী গীতিকাৰ আৰু কবি। গীত ৰচনাৰে কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত বাংলা চিনেমা আৰু আধুনিক সংগীতকাৰসকলৰ ভিতৰত শিৱদাস বন্দ্যোপাধ্যায় আছিল অন্যতম।
-
শুকুলা ঘোঁৰা (গ্ৰন্থ)
শুকুলা ঘোঁৰা অসমীয়া লেখক প্ৰবীণা শইকীয়াৰ এখন সামাজিক উপন্যাস। শুকুলা ঘোঁৰা উপন্যাসখন মূলতঃ অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত। উপন্যাসখনত চহা জীৱনৰ ছবি প্ৰতিফলিত হৈছে। উপন্যাসখনত সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ প্ৰভাৱ পৰিছে।
-
শুভংকৰ বৰুৱা
শুভংকৰ বৰুৱা (Shubhankar Baruah) অসমৰ এগৰাকী ৰেডিঅ’ জকি; যাক আৰ জে শুভংকৰ বা আৰজে জিৎ বুলিও জনা যায়৷ তেওঁ গুৱাহাটীৰ ৯২.৭ বিগ এফ এমৰ অনুষ্ঠান “বিগ চাহ গৰম”ৰ বাবে তেওঁ অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি৷
-
শেন যুঁজ
শেন যুঁজ বা শেন কনুৱাৰ যুঁজ অসমৰ পাৰম্পৰিক খেল সমূহৰ ভিতৰত অন্যতম। ইয়াত শেন চৰাই আৰু কনুৱা চৰাইৰ যুঁজক আমোদজনক ৰূপত উপস্থাপন কৰা হয়। এই খেল চুতীয়া আৰু আহোম যুগত ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। শেন যুঁজ ঠাই ভেদে শেন খেল, শেনৰ খেল, শেন মেলা ইত্যাদি অনেক নামেৰে জনাজাত।
-
শ্বপৌং য়ৌংমান পয়
শ্বপৌং য়ৌংমান পয় চিংফৌসকলৰ জাতীয় উৎসৱ। এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ এক তাৰিখে অনুষ্ঠিত হয়। 'শ্বপৌং য়ৌংমান পয় উৎসৱ ' হৈছে উপৰি পুৰুষক সুৱঁৰি পতা এক অনুষ্ঠান। চিংফৌসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অন্যতম প্ৰধান এটা জনগোষ্ঠী। তেওঁলোকৰ নিজা ভাষা - সংস্কৃতি, লোক-উৎসৱ, খাদ্য - সম্ভাৰ, সাজপাৰ আছে।
-
শ্বহীদ স্মাৰক ক্ষেত্ৰ
শ্বহীদ স্মাৰক ক্ষেত্ৰ গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত ঐতিহাসিক অসম আন্দোলন (১৯৭৯–১৯৮৫)ৰ শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত এটা স্মৃতিসৌধ আৰু উদ্যান। অসমৰ সাংস্কৃতিক, ভাষিক আৰু ভূখণ্ডীয় পৰিচয় ৰক্ষাৰ স্বাৰ্থত হোৱা গণ আন্দোলনৰ সময়ত প্ৰাণ হেৰুৱা ৮৬০ গৰাকী আন্দোলনকাৰীৰ বলিদানৰ স্মৃতিত এই স্মৃতিসৌধটো নিৰ্মাণ কৰা…
-
শ্বহীদ স্মৃতি মহাবিদ্যালয়
শ্বহীদ স্মৃতি মহাবিদ্যালয় (Swahid Smriti Mahavidyalaya) হৈছে ১৯৮৭ চনত স্থাপিত অসমৰ নলবাৰী জিলাৰ বেলশৰত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়।
-
শ্বীনা বৰা হত্যাকাণ্ড
শ্বীনা বৰা মুম্বাইস্থিত মুম্বাই মেট্ৰ' ওৱান নামৰ প্ৰতিষ্ঠানৰ এগৰাকী কাৰ্য্যবাহী বিষয়া আছিল আৰু তেওঁ এপ্ৰিল, ২০১২ চনৰ পৰা ৰহস্যজনক ভাৱে অন্তৰ্ধান হৈ আছে।
-
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত এখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৮ চনৰ ছেপ্টেম্বৰত গৃহীত কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়ক, ২০১৮ৰ অধীনত স্থাপন কৰিছে।
-
শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তত ধলপুৰ মৌজাৰ অন্তৰ্গত এখন সৰু ঠাই হৈছে ভাটৌকুছি। এই স্থানতেই অৱস্থিত শ্ৰী শ্ৰী কেশৱ চৰণ আতা থান সত্ৰ।
-
শ্ৰীকুমাৰ দহোতীয়া
শ্ৰী কুমাৰ দহোটীয়া অসমৰ পূব প্ৰান্তত অৱস্থিত তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা টঙনা গাঁৱত ০১/০৩/১৯৫২ চনত শ্ৰীকুমাৰ দহোতীয়াৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম শ্ৰী মূলেশ্বৰ দহোতীয়া আৰু মাতৃৰ নাম স্বৰ্গীয়া উপমা দহোতীয়া।
-
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশন
-
শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ
শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত বালিপৰাৰ বালিগাঁও নামৰ ঠাইত অৱস্থিত। এই সত্ৰখনক সাধাৰণতে "চিপহা সত্ৰ" বুলি ক'ব লাগিছিল। যদিও বিশেষ কাৰণত ইয়াৰ স্থাপিত ইতিহাসৰ বাবে এই সত্ৰখনৰ নাম শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ দিয়া হয়।
-
শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ
শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ গুৱাহাটী মহানগৰৰ পশ্চিম দিশৰ পাৰ্শ্বৱৰ্তী পাটগাঁওত অৱস্থিত৷ ১৯২০ চনত স্থাপন কৰা এই মন্দিৰত ৰাণী অঞ্চলৰ সজ্জনপাৰাৰ ৰজাদিনীয়া পৰম্পৰাৰে পূজা অৰ্চনা কৰা হয়৷ ৰাণীৰাজ্যৰ শেষ ৰজা পৰমানন্দ সিংহই “লাৰা পাহাৰ’’ত শ্ৰীশ্ৰীবুঢ়ী গোঁসানীৰ পূজা আৰম্ভ কৰিছিল আৰু…
-
শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস
শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস বৰপেটা জিলাৰ সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰা এগৰাকী সমাজসেৱী, সাহিত্যিক আৰু শিক্ষক আছিল৷ তেওঁৰ পিতৃৰ নাম আছিল কেৱলৰাম আৰু মাতৃৰ নাম দময়ন্তী৷ জন্মস্থান সুন্দৰীদিয়াতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মজলীয়া বৃত্তি পৰীক্ষাত কামৰূপ জিলাৰ ভিতৰতে প্ৰথম হৈ বৰপেটা হাইস্কুলত নাম লগায়৷…
-
শ্ৰুতিমালা দুৱৰা
শ্ৰুতিমালা দুৱৰা (Srutimala Duara) এগৰাকী অসমৰ লেখিকা আৰু গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা। লগতে শ্ৰুতিমালা দুৱৰা হৈছে এগৰাকী আবৃত্তিকাৰ আৰু অভিনেত্ৰী। তেওঁ ইংৰাজী ভাষাত সাহিত্য-চৰ্চা কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত এগৰাকী।
-
শৰাইঘাট ৰণ স্মৃতি উদ্যান
শৰাইঘাট ৰণ স্মৃতি উদ্যান উত্তৰ গুৱাহাটীৰ আগিয়াঠুৰিত আছে। উদ্যানখন ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে লাগি আছে। এই উদ্যানখন গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সজোৱা। এই উদ্যানখন শৰাইঘাট ৰণৰ স্মৃতিত সজোৱা যিখন ৰণ আহোম আৰু মোগলৰ মাজত ১৬৭১ চনত হৈছিল। উদ্যানখনৰ ভিতৰত চাৰিজন যুঁজাঁৰুৰ ব্ৰঞ্জৰ মূৰ্তি আছে।
-
শৰীৰ আৰু হৃদয়
শৰীৰ আৰু হৃদয়(Harir Aaru Hriday) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৩০ টা প্ৰবন্ধ আছে।
-
শৰ্মা মন্ত্ৰীসভা
হিমন্ত বিশ্ব শৰ্মা ২০২১ চনৰ ১০ মে' তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ লগতে আন ১৩ গৰাকী বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০২১ চনৰ ১০ মে’ৰ পৰা অসম চৰকাৰৰ বৰ্তমানৰ মন্ত্ৰী পৰিষদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ১৬ জন কেবিনেট মন্ত্ৰীৰে গঠিত মন্ত্ৰালয়।
-
শৰৎ বৰকটকী
শৰৎ বৰকটকী (Sarat Barkotoky; ১ মাৰ্চ ১৯৩৫- ৩০ অক্টোবৰ ২০২৩) অসম ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ। যোৰহাট জিলাৰ সোণাৰি অসম বিধানসভা সমষ্টিৰ তেওঁ প্ৰাক্তন বিধায়ক তথা অসমৰ এগৰাকী শিক্ষামন্ত্ৰী আছিল। হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।
-
সংগীতা বৰুৱা পিছাৰ'তি
সংগীতা বৰুৱা পিছাৰ'তি (Sangeeta Barooah Pisharoty) হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। তেওঁ 'ইউনাইটেড নিউজ অৱ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত যোগদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিক।
-
সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনী
সংযুক্ত জনজাতি জাতীয় মুক্তি(ইংৰাজী: United Tribal Nationalist Liberation Front) ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। সংযুক্ত জনজাতি জাতীয় মুক্তি(চমুকৈ UTNLF) অসম ভৈয়াম জনজাতি পৰিষদৰ পৰা বিভাজিত গোট অসম ভৈয়াম জনজাতি পৰিষদ(প্ৰগতিশীল)ৰ উদ্যোগত ১৯৮৪ চনত গঠিত হৈছিল।
-
সংযুক্তা পৰাশৰ
সংযুক্তা পৰাশৰ (Sanjukta Parashar) অসম কেডাৰৰ প্ৰথম অসমীয়া মহিলা আই পি এছ। বৰ্তমান তেওঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক পদত অধীস্থিত। ড০ সংযুক্তা পৰাশৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে ৮৫ সংখ্যক স্থান অধিকাৰ কৰিছিল।
-
সংস্কৃতিৰ দাপোণ
সংস্কৃতিৰ দাপোণ (Sanskritir Dapoon) বৰ্তমান সময়ত প্ৰকাশিত একমাত্ৰ অসমীয়া মাহেকীয়া সাংস্কৃতিক বাতৰি কাকত। ২০২৪ চনৰ ৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে প্ৰকাশিত কাকতখনৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত।
-
সঞ্চয়ন
সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷
-
সতীশ চন্দ্ৰ বসুমতাৰী
সতীশ চন্দ্ৰ বসুমতাৰী(Satish Chandra Basumatary); এজন ভাৰতীয় বড়ো জনগোষ্ঠী কবি, নাট্যকাৰ, সমাজকৰ্মী। তেওঁ বড়ো সাহিত্য সভাৰ দ্বিতীয় সভাপতি আছিল। বডো সাহিত্যৰ নৱজাগৰণৰ যুগ আৰু বিবাৰ যুগৰ এজন উল্লেখযোগ্য ব্যক্তি আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।
-
সত্যা
সত্যা ( Satya) মাধবদেৱৰ শিষ্য হৰিহৰ আতাৰ পত্নী৷ কম বয়সতে বিয়া হোৱা সত্যাই জীৱনত নানা দুখ-কষ্ট সহিবলগীয়া হৈছিল৷
-
সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী
সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী (Satyendra Narayan Chowdhury, জন্মঃ ১৯ অক্টোবৰ ১৯২৬) অসমৰ এজন ৰেচম বিজ্ঞানী আৰু ডি.এচচি. ডিগ্ৰী পোৱা ভাৰতৰ প্ৰথমজন ৰেচম বিজ্ঞানী আৰু বিজ্ঞানত এই ডিগ্ৰী পোৱা অসমৰ প্ৰথমজন ব্যক্তি। সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰীক Father of Muga বুলি অভিহিত কৰা হৈছে।
-
সদা বেজবৰুৱা
সদা বেজবৰুৱা (Soda Bezboruah) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ লেখক।