সুজয় তাৰাফদাৰ (ইংৰাজী ভাষা: Sujay Tarafdar, জন্ম: ৬ ডিচেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, যিয়ে অসম ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ বৰ্তমান বিলুপ্ত ইণ্ডিয়ান ক্ৰিকেট লীগ (ICL)-ত ৰয়েল বেংগল টাইগাৰ্ছ দলৰ হৈও প্ৰতিনিধিত্ব কৰিছিল।১ তেওঁ এজন সোঁহাতীয়া মিডিয়াম গতিৰ বলাৰ। তাৰাফদাৰে প্ৰথম-শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰে ২৩ নৱেম্বৰ ২০০৬ তাৰিখে গুৱাহাটীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীত গোৱাৰ বিৰুদ্ধে।২ তেওঁ লিষ্ট এ ক্ৰিকেটত আত্মপ্ৰকাশ কৰে ১৩ ফেব্ৰুৱাৰী ২০০৬ তাৰিখে জামাডোবাত অনুষ্ঠিত ৰঞ্জি একদিনীয়া ট্ৰফীত ত্ৰিপুৰাৰ বিৰুদ্ধে।৩
তথ্যসূত্ৰ
- ↑ Sujay Tarafdar. ESPNcricinfo. ESPN
- ↑ Ranji Trophy Plate League, Group A: Assam v Goa at Guwahati, Nov 23–25, 2006. ESPNcricinfo. ESPN
- ↑ Ranji One-Day Trophy, Assam v Tripura at Jamadoba, Feb 13, 2006. ESPNcricinfo. ESPN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজয় তৰফদাৰ” প্ৰবন্ধৰ সংশোধন ৫৬৫০১৯ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।