অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সুকুমাৰ কলা পৰিষদ, অসম

সুকুমাৰ কলা পৰিষদ, অসম (ENG: SUKUMAR KALA PARISHAD, ASSAM) আবৃত্তি আৰু সূত্ৰধাৰ(Anchoring)ৰ মাধ্যমেৰে অসমীয়া ভাষা- সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ২০০৭ চনত জন্ম হোৱা এটা স্বেচ্ছাসেৱী সংগঠন। বৰ্তমানে অসমৰ বিভিন্ন ঠাইত ইয়াৰ বহুকেইটা শাখা আৰু প্ৰশিক্ষণ বিদ্যালয় আছে।

হালনাগাদ: ১১ জানুৱাৰী ২০২৫ ৭৫৪ শব্দ · ৪ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ
পৰিষদৰ বিশাৰদসকলে পৰিৱেশন কৰা আবৃত্তিৰ অনুষ্ঠান
পৰিষদৰ বিশাৰদসকলে পৰিৱেশন কৰা আবৃত্তিৰ অনুষ্ঠানছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

সুকুমাৰ কলা পৰিষদ, অসম (ENG: SUKUMAR KALA PARISHAD, ASSAM) আবৃত্তি আৰু সূত্ৰধাৰ(Anchoring)ৰ মাধ্যমেৰে অসমীয়া ভাষা- সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ২০০৭১ চনত জন্ম হোৱা এটা স্বেচ্ছাসেৱী সংগঠন। বৰ্তমানে অসমৰ বিভিন্ন ঠাইত ইয়াৰ বহুকেইটা শাখা আৰু প্ৰশিক্ষণ বিদ্যালয় আছে। ইয়াৰ প্ৰধান কাৰ্য্যালয় দুলীয়াজানত অৱস্থিত। ২০০৭ চনৰ ফ্ৰেব্ৰুৱৰী মাহত দুলীয়াজানত পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল হেমেন নেওগে। পৰিষদৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল পৱিত্ৰ চেতিয়া, ২০০৭ চনৰ পৰা ২০১০ চনলৈকে তেখেত সম্পাদকৰ পদত অধিষ্ঠিত আছিল।

সুকুমাৰ কলা পৰিষদৰ ইতিহাস

অসম তথা ভাৰতৰ বিভিন্ন অঞ্চলত শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষাই প্ৰাধান্য লাভ কৰাৰ বাবে বহু সময়ত আগ্ৰহ থকা সত্ত্বেও অসম/অসমৰ বাহিৰত থকা লোকসকলে নিজৰ সন্তানক অসমীয়া ভাষা শিকাবলৈ সুবিধা পোৱা নাই। এই সমস্যা সমাধান উদ্দেশ্য আগত ৰাখিয়ে অসমীয়া ভাষা শুদ্ধকৈ লিখিব, পঢ়িব আৰু শুদ্ধ উচ্চাৰণেৰে কথা পাতিবলৈ শিকোৱাৰ দায়িত্ব লৈ নিৰ্দিষ্ট পাঠ্যক্ৰমৰ আধাৰত বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক শিকোৱা হয়। ২০০৮ চনত সুকুমাৰ কলা পৰিষদ, অসম অসম চৰকাৰৰ স্বেচ্ছাসেৱী সংগঠন পঞ্জীকৰণৰ অন্তৰ্গত পঞ্জীয়ন হয়। ইয়াৰ পঞ্জীয়ন নম্বৰঃ RS/DIB/255/B/80/2008

লক্ষ্য আৰু উদ্দেশ্য

বাতৰিৰ শিৰোনামত পৰিষদৰ বাৰ্ষিক
বাতৰিৰ শিৰোনামত পৰিষদৰ বাৰ্ষিকছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

সুকুমাৰ কলা পৰিষদ, অসম হৈছে বে-চৰকাৰী ভাৱে প্ৰতিষ্ঠিত সুকুমাৰ কলাৰ এক স্বতন্ত্ৰ স্বেচ্ছাসেৱী সংগঠন। অসম তথা ভাৰতীয় ঐতিহাসিক কলা-সংস্কৃতি তথা ভাষা-সাহিত্যৰ অধ্যয়ন, সংৰক্ষণ আৰু বিকাশৰ মাধ্যমেৰে ঐতিহ্য বজাই ৰাখিবলৈ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ এই অনুষ্ঠানৰ জন্ম দিয়া হৈছে। দেশৰ সৰ্বাংগীণ উন্নতি তথা বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তি-সম্প্ৰীতি অটুট ৰাখি অসমৰ সকলো সাহিত্য, কৃষ্টি-সংস্কৃতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি সুকুমাৰ কলাৰ প্ৰণালীবদ্ধ শিক্ষা প্ৰদান, ৰাজ্যখনৰ গৌৰৱময় ঐতিহ্য সম্পৰ্কে অধ্যয়ন, শিশুৰ উপযোগী বিজ্ঞানসম্মত পাঠ্যক্ৰম তৈয়াৰ কৰি পৰীক্ষা পৰিচালনা কৰা আদি উদ্দেশ্যেৰে সুকুমাৰ কলা পৰিষদ, অসম-এ ভৱিষ্যতে কাম কৰি যাব। অনুষ্ঠানটিৰ জৰিয়তে ৰাজ্যখনৰ ভৱিষ্যৎ প্ৰজন্মক সু-দৃঢ় আৰু শুদ্ধ ৰূপত গঢ়ি তুলিবলৈ তথা দেশৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক আদি দিশৰ সৰ্বাংগীণ বিকাশৰ বাবে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগোৱাটোও ইয়াৰ অন্যতম লক্ষ্য। বৰ্তমানে ৰাজ্যৰ বাহিৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ দ্বাৰা পৰিচালিত অসম সুকুমাৰ কলা বিভিন্ন বিভাগৰ পাঠ্যক্ৰমসমূহত অসমৰ গৌৰৱময় ঐতিহ্য, কলা-সংস্কৃতিৰ বিকাশ, কলা-সংস্কৃতিৰ স্বাৰ্থত জীৱন পাত কৰা শিল্পীসকল আৰু অসমৰ ভৌগোলিক জ্ঞান সম্পৰ্কে উল্লেখ নথকাটো এক গভীৰ উদ্বেগ আৰু পৰিতাপৰ বিষয়। অসমৰ থলুৱা ভাষাত এনে পাঠ্যক্ৰম আৰু ব্যাকৰণ নথকাত গুণগতভাবে উন্নতমানৰ শিল্পী সৃষ্টি কৰিব নোৱাৰাটোও আমাৰ বাবে বাস্তৱ সমস্যাস্বৰূপ। সৃষ্টি লগ্নৰ তাৎপৰ্যমূলক প্ৰতিজ্ঞা আৰু উদ্দেশ্যৰ ভিত্তি অনুযায়ী সুকুমাৰ কলা পৰিষদৰ লক্ষ্য হ'ব অসমৰ সুকুমাৰ কলাৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশৰ মাধ্যমেৰে অসমৰ ভৱিষ্যত প্ৰজন্মক দৃঢ় আৰু শুদ্ধ ৰূপত গঢ় দি সু-প্ৰতিষ্ঠিত কৰা তথা গুণগত শিল্পীৰ সৃষ্টিৰে সুন্দৰ এখন সংস্কৃতিৱান অসম গঢ়া। সেইদৰে, সুকুমাৰ কলাৰ বিভিন্ন দিশত থলুৱা ভাষাত পাঠ্যক্ৰম প্ৰস্তুত কৰি উপযুক্ত শিক্ষাদানৰ ব্যৱস্থা কৰা, পৰিষদৰ অধীনত অসমৰ বিভিন্ন অঞ্চলত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি সেইসমূহ পৰিচালনা কৰা, সুকুমাৰ কলাৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দিশত কৰ্মশালা, আলোচনা-চক্ৰ আদি অনুষ্ঠিত কৰি এক সাংস্কৃতিক ব্যাতবৰণ গঢ়ি তোলাই হ'ব পৰিষদৰ প্ৰধান উদ্দেশ্য।

পৰিষদৰ পাঠ্যক্ৰম

পাঠ্যক্ৰমসমূহঃ

১। কবিতা আবৃত্তি (অসমীয়া)

পৰিষদে আয়োজন কৰা এখন কৰ্মশালাৰ ছবি
পৰিষদে আয়োজন কৰা এখন কৰ্মশালাৰ ছবিছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

পাঠ্যক্ৰমকাল:

  • প্ৰাৰ্থমিক ৩ বছৰঃ
  1. প্ৰস্তুতি বৰ্ষ
  2. প্ৰাৰম্ভিক প্ৰথম বৰ্ষ
  3. প্ৰাৰম্ভিক দ্বিতীয় বৰ্ষ
  • মূল ৩ বছৰঃ
  1. প্ৰথম পৰ্ষ
  2. দ্বিতীয় বৰ্ষ
  3. তৃতীয় বৰ্ষ (আবৃত্তি বিশাৰদ)
  • আবৃত্তি ৰত্ন২। সূত্ৰধাৰ (Anchoring)

পাঠাদানৰ মাধ্যম

১। অফলাইন

২। অনলাইন

পাঠ্যক্ৰমত নামভৰ্তিকৰণ

নামভৰ্তিৰ যোগ্যতা আৰু বয়স: পৰিষদৰ আবৃত্তিৰ পাঠ্য়ক্ৰমত নামভৰ্তিৰ বাবে অসমীয়া ভাষা শিকিবলৈ আগ্ৰহী যিকোনো ভাষা-ভাষী লোকে আৱেদন কৰিব পাৰে। প্ৰস্তুতি বৰ্ষৰ বাবে বয়স কমেও ৫ বছৰৰ কম হ'ব নালাগিব। প্ৰাৰম্ভিক বৰ্ষত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অন্ততঃ পঞ্চম* শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব। সেইদৰে মূল পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অন্ততঃ সপ্তম শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব। আবৃত্তিৰ অন্তিম পৰীক্ষা দিবৰ বাবে প্ৰাৰ্থী অন্ততঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। অৱশ্যে, প্ৰাপ্ত বয়স্কসকলৰ বাবে এই নিয়মৰ সালসলনি হ'ব পাৰে।

নামভৰ্তিৰ সময় আৰু পৰীক্ষা: সাধাৰণভাবে ইংৰাজী বছৰৰ প্ৰথম দুটা মাহত নামভৰ্তি হ'ব আৰু বছৰৰ অন্তিম মাহত বছৰেকীয়া পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। প্ৰতিটো পৰীক্ষাৰ ফলাফলৰ লগত প্ৰাৰ্থীয়ে আহৰণ কৰা নম্বৰৰ তালিকা প্ৰদান কৰা হ'ব আৰু চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লে কবিতা আবৃত্তিৰ বিশাৰদ ডিগ্ৰী প্ৰদান কৰা হ'ব।

  1. সুকুমাৰ কলা পৰিষদ, অসমৰ অন্তৰ্গত যিকোনো পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পৰিষদে নিৰ্দিষ্ট কৰি দিয়া ইংৰাজী বা অসমীয়া প্ৰ-পত্ৰৰ যোগেদি আবেদন কৰিব লাগিব। প্ৰ-পত্ৰ পূৰ কৰোঁতে আবেদন-প্ৰাৰ্থীৰ প্ৰয়োজনীয় তথ্যসমূহ শুদ্ধ আৰু স্পষ্টকৈ লিখাটো বাঞ্ছনীয়। প্ৰত্যেক পাঠ্যক্ৰমৰ বাবে নামভৰ্তিৰ মাছুল পৃথক পৃথক হ'ব।
  2. পৰিষদৰ নিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলৰ পৰা নিয়মীয়া উপস্থিতি বাঞ্ছা কৰা হ'ব। পৰিষদৰ যিকোনো সম্পত্তি তেওঁলোকৰ দ্বাৰা বিনষ্ট হোৱাটো পৰিষদে আশা নকৰিব।
  3. বিদ্যাৰ্থীসকলে পাঠ গ্ৰহণলৈ আহোঁতে কোনো নিৰ্দিষ্ট সাজ-পোছাকৰ প্ৰয়োজন নাই যদিও তেওঁলোকৰ সাজ পৰিষ্কাৰ আৰু সাংস্কৃতিকভাবে ৰুচিকৰ হোৱাটো বাঞ্ছনীয়।
  4. বিভিন্ন পাঠ্যক্ৰমৰ পাঠদান সপ্তাহটোৰ নিৰ্দিষ্ট এটা দিনত নিৰ্দিষ্ট সময়ৰ বাবে অনুষ্ঠিত হ'ব। তাত ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়া উপস্থিতি বাঞ্ছনীয় হ'ব।

পৰীক্ষা আৰু উত্তীৰ্ণ পদ্ধতি

  1. পৰিষদৰ প্ৰত্যেকটো বিষয়ৰে লিখিত আৰু ব্যৱহাৰিক এই দুই পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হ'ব। সকলো বিদ্যাৰ্থীয়েই নিৰ্দিষ্ট পৰীক্ষাসমূহত অংশ লোৱাটো বাধ্যতামূলক হ'ব।
  2. উপযুক্ত কাৰণ প্ৰদৰ্শন কৰিব নোৱাৰিলে কোনো পৰীক্ষাৰ্থীকে পৰীক্ষাত উপস্থিত নথকাৰ বাবে বিশেষ পৰীক্ষা দিবলৈ দিয়া নহ'ব। যিসকল পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব সেই পৰীক্ষা অনুষ্ঠিত কৰাৰ খৰচ সেই পৰীক্ষাৰ্থীসকলেই বহন কৰিব লাগিব।
  3. লিখিত পৰীক্ষাত পোৱা নম্বৰ, বছৰটোত দেখুওৱা পাৰদৰ্শিতা আৰু ব্যৱহাৰিক পৰীক্ষাত দেখুওৱা দক্ষতা আদিৰ ভিত্তিত বিদ্যাৰ্থীসকলক পৰবৰ্তী বৰ্ষলৈ উত্তীৰ্ণ কৰা হ'ব।
  4. এবাৰ পৰীক্ষাত অনুতীৰ্ণ হোৱা বুলি ঘোষিত কোনো বিদ্যাৰ্থীৰ ফলাফলক পাছত বেলেগে বিবেচনা কৰা নহ'ব।

সুকুমাৰ কলা পৰিষদ, অসমৰ প্ৰধান সম্পাদক আৰু সভাপতিসকল

চনসভাপতিপ্ৰধান সম্পাদকঅধিবেশনছবি
২০০৭হেমেন নেওগ (২০০৭ - ২০১১)পৱিত্ৰ চেতিয়া (২০০৭-২০১১)দুলীয়াজান
২০১১জুলিয়ানা বেগম (২০১১ - ২০১৪)অজিত শইকীয়া (২০১১ - ২০১৪)দুলীয়াজান
জুলিয়ানা বেগম (২০১৪ - ২০২০)মুহিকান্ত বৰগোঁহাই (২০১৪ - ২০২০)দুলীয়াজান
২০১৮পৱিত্ৰ চেতিয়া (২০২০ - ২০২৩)অমাত্য বাৰুকীয়াল (২০২০ - ২০২৩)দুলীয়াজান
২০২৩জুলিয়ানা বেগম (২০২৩ - বৰ্তমানলৈকে)নিপন নিয়ৰ শেনছোৱা (২০২৩ - বৰ্তমানলৈকে)দুলীয়াজান
পৰিষদৰ বিষয় বিশেষজ্ঞসকল
পৰিষদৰ বিষয় বিশেষজ্ঞসকলছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ গ্ৰন্থঃ দুলীয়াজানৰ ৰূপৰেখা, সম্পাদক: ডঃ অজিৎ শইকীয়া, পৃষ্ঠা: ১৮১

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুকুমাৰ কলা পৰিষদ, অসম” প্ৰবন্ধৰ সংশোধন ৪৬৩২৯৪ (১১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।