সুজিতা দাস (Sujita Das) অসমৰ এগৰাকী অনাতাঁৰ ঘোষক (ৰেডিঅ’ জকি)। তেওঁ জনপ্ৰিয়ভাৱে আৰ. জে সুজিতা নামেৰে পৰিচিত। তেওঁ ৯২.৭ বিগ এফ এম গুৱাহাটীত অনাতাঁৰ ঘোষক হিচাপে ১৫ বছৰ কাম কৰা জ্যেষ্ঠতম ৰেডিঅ’ ঘোষক৷১ তেওঁ ৯২.৭ বিগ এফ এমৰ “দুপৰৰে ৰ’দালি” অনুষ্ঠানৰ বাবে অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি আছিল। দৈনিক অনুষ্ঠান “দুপৰৰে ৰ’দালি”ৰ লগতে শ্ৰোতাসকলক ১ বজাৰ পৰা ৩ বজালৈ অসমীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰ সৈতে জড়িত শনিবাৰৰ বিশেষ অনুষ্ঠান- “অসমৰ সুৱদি মাত” চলায়। ২০১৭ চনত অসমৰ তদাৰক ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতৰ উপস্থিতিত জনপ্ৰিয় অসমীয়া আলোচনী মায়াৰ দ্বাৰা তেওঁক শ্ৰেষ্ঠ ৰেডিঅ’ জকি বঁটা প্ৰদান কৰা হৈছিল।২
ৰেডিঅ’ত অৱদানৰ বাবে তেওঁ ইণ্ডিয়া ৰেডিঅ’ ফ’ৰামৰ দ্বাৰা ম’ষ্ট পপুলাৰ আৰ জে অৱ দ্য ইয়াৰ ২০১৯ (Most popular RJ of the year -2019) লৈ মনোনীত হৈছিল।৩৪৫৬৭
তথ্যসূত্ৰ
- ↑ RJ Sujita profile on Big FM India. Big FM India Website
- ↑ 92.7 BIG FM Guwahati Mj Sujita Awarded ‘Best Radio Jockey’. Media Infoline
- ↑ Assam RJ’s excel. The Indian Express
- ↑ Seven Assam RJs Nominated For Excellence In Radio Awards. Pratidin Time – An Assamese daily
- ↑ Seven Assam RJs shortlisted for most popular RJ of the year award; check the list. InsideNE-We deliver the North East
- ↑ 7 RJs from Assam selected for IRF’s ‘Excellence in Radio Awards’. Eastmojo
- ↑ 6 RJs from Assam in nat’l contest. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজিতা দাস” প্ৰবন্ধৰ সংশোধন ৫৩২৬০৬ (১৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।