অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
সুতপা চক্ৰৱৰ্তী
সুতপা চক্ৰৱৰ্তী (Sutapa Chakraborty, জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। ২০২৪ চনত তেওঁ দেৰাজে হলুদ ফুল, গতজন্ম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বাংলা ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে।
-
সুদীৰ্ঘ দিন আৰু ঋতু
সুদীৰ্ঘ দিন আৰু ঋতু হৈছে ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা সংকলন, যাৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
সুন্দৰপুৰ কেঅছ (চলচ্চিত্ৰ)
সুন্দৰপুৰ কেঅছ (Sundarpur Chaos) হৈছে ২০২৪ চনৰ ২৫ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা, ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা লিখিত-পৰিচালিত আৰু সম্পাদিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
সুন্দৰীদিয়াৰ সুঁৱেৰী উৎসৱ
’সুঁৱেৰী’ বৰপেটাৰ দৌল উৎসৱ এক অংগাংগী উৎসৱ৷ এই সুঁৱেৰী বৰপেটাৰ সকলো সত্ৰতে পালন কৰা হয় যদিও ’সুন্দৰীদিয়াৰ সুঁৱেৰী’ৰ এক সুকীয়া তাৎপৰ্য আছে৷ সুন্দৰীদিয়া সত্ৰত ব’হাগ বিহুৰ সপ্তম দিনা বা ’সাত দম্হী’ৰ দিনা ’সুঁৱেৰী’ পালন কৰা হয়৷ সুৱেৰী বা স’ৰি শব্দৰ অৰ্থ সোঁৱৰণ বা স্মৰণ৷ সচৰাচৰ দৌলোৎসৱ বা ফাকুৱাত…
-
সুবোধ মল্লবৰুৱা
সুবোধ মল্লবৰুৱা (Subodh Mallaboruah) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক লেখক।
-
সুব্ৰত জ্যোতি নেওগ
সুব্ৰত জ্যোতি নেওগ (জন্ম-১৯৮৪) এগৰাকী চলচ্চিত্ৰ সমালোচক, নাট্য সমালোচক,, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, এগৰাকী সুবক্তা লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক৷
-
সুভদ্ৰা হৰণ (নাট)
সুভদ্ৰা হৰণ নাটখন শংকৰোত্তৰ যুগৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। নাটখনৰ মাজেৰে অৰ্জুন সুভদ্ৰাৰ প্ৰেম পূৰ্ণ মিলনৰ কাহিনী প্ৰকাশ পাইছে। সুভদ্ৰা হৰণৰ কাহিনীভাগ 'ভাগৱত পুৰাণ' আৰু 'মহাভাৰত'ত পোৱা যায় যদিও, শ্ৰীৰাম আতাই ইয়াৰ কাহিনীভাগ গ্ৰহণ কৰিছে অনন্ত কন্দলীৰ 'শেষ দশমৰ পৰাহে।যদিও নাটখনিৰ মূল ভাগ 'দশম…
-
সুমতী আই
সুমতী আই(Sumati Aai) অসমৰ বৈষ্ণৱ যুগৰ এগৰাকী ধৰ্মপ্ৰাণা মহিলা৷ তেওঁৰ পিতৃ বৰপেটা জিলাৰ সৰুপেটাৰ ওচৰৰ কুৰোবাহা গাঁৱৰ বংশী ঠাকুৰীয়া৷ সুমতী আইৰ আন এটা নাম যশোমতী৷ তেওঁৰ পুত্ৰৰ নাম বলাই আছিল বাবে জনসমাজত পিছলৈ তেওঁ ’বলাই মাতৃ’ নামেও জনাজাত হৈছিল৷
-
সুমিত্ৰা হাজৰিকা
সুমিত্ৰা হাজৰিকা এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ ভাৰতৰ অসম ৰ তিতাবৰৰ ওচৰৰ এখন গাঁৱত জন্মগ্ৰহণ কৰিছিল। ২০১৫ চনত মৃত্যুৰ আগলৈকে মণিন্দ্ৰ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ভূপেন হাজৰিকাৰ ভনীয়েক আছিল।
-
সুশান্ত বৰগোহাঁই
সুশান্ত বৰগোহাঁই (Sushanta borgohain; ২৭ এপ্ৰিল ১৯৭৪) অসমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। লগতে তেওঁ এজন বাইক আৰোহীও।
-
সুস্থ দেহত সুস্থ মন
সুস্থ দেহত সুস্থ মন (Hustho Dehot Hustho Mon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ২০১৪ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰথম প্ৰকাশ হয়। তেতিয়াৰ মূল্য আছিল ১১০ টকা।
-
সুৰজিৎ গিৰি
সুৰজিৎ গিৰি (Surajit Giri; ৪ জুলাই ১৯৭৭) অসমৰ ডিমৌ আদৰ্শ চিকিৎসালয় ও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক(সংজ্ঞাহাৰক বিশেষজ্ঞ) আৰু এজন ভাৰতীয় সক্ৰিয়কৰ্মী (activist)। তদুপৰি তেওঁ সৰ্প দংশনৰ এজন সক্ৰিয় সামাজিক কৰ্মকৰ্তা।
-
সুৰেন দাস মহাবিদ্যালয়
সুৰেন দাস মহাবিদ্যালয় (Suren Das College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়।
-
সুৱঁৰি
সৰি বা সুঁৱৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্তোৎসৱ। এই উৎসৱৰ আকৰ্ষণ হ'ল দধিমথন ভাওনা অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে স্মৰণ কৰা সুযোগ পোৱা গুণেই নাম সুঁৱৰি।
-
সূবচনী পূজা
সুবচনী পূজা হৈছে আহোম যুগৰ লোকাচাৰসমূহৰ ভিতৰত এক প্ৰকাৰৰ শক্তিপূজা। ড° লীলা গগৈয়ে ‘আহোম যুগৰ পূজাশক্তি’ নামৰ প্ৰবন্ধত উল্লেখ কৰিছে এনেদৰে— “আহোম ৰাজগৃহত বছৰেকীয়া দুৰ্গাপূজাৰ উপৰি অনেক আহোম প্ৰজাৰ মাজত লোকাচাৰ মতে এক বিশেষ শক্তিপূজাৰ প্ৰচলন আছিল। এই পূজা ঠাইবিশেষে এতিয়াও প্ৰচলন হৈ আছে।
-
সূৰ্যৱতী
সূৰ্যৱতী ( Surjabati) বদুলা পদ্ম আতাৰ বিবাহিতা অথচ স্বামী উপেক্ষিতা স্ত্ৰী৷ সূৰ্যৱতীৰ পিতৃ আছিল কায়স্থ কুলৰ সূৰ্য বাঢ়ৈ নামে এজন ব্যক্তি৷ পদ্ম আতাৰ মনৰ পৰা বৈৰাগ্যৰ ভাব আঁতৰাই সংসাৰৰ প্ৰতি ঢাল খুৱাবলৈ ককায়েক শংকৰে তেওঁৰ বিয়া পাতি দিছিল৷ পদ্ম আতাৰ পিতৃৰ নাম তিতা চোমদাৰ৷ তেওঁৰ দুজন পুত্ৰ আৰু এজনী…
-
সেই সময় (গ্ৰন্থ)
সেই সময় (Sei Somoy) হ'ল এখন বাংলা ঐতিহাসিক উপন্যাস যাৰ বিষয়-বস্তু ঊনবিংশ শতিকাৰ ব্ৰিটিছ শাসনৰ সময়ৰ সমৃদ্ধিশালী কলকাতা চহৰৰ সমাজ আৰু জনসাধাৰণ। বিখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক সুনীল গংগোপাধ্যায় এই উপন্যাসখনৰ স্ৰষ্টা। ঊনবিংশ শতিকাৰ বংগৰ নৱ-জাগৰণ উপন্যাসখনৰ অন্যতম মূল বিষয়-বস্তু।
-
সেউতী (আলোচনী)
সেউতী (Xeuti) আছিল অসমীয়া ভাষাত যুগুত কৰা এখনি হাতেলিখা আলোচনী৷ 'সেউতী' অসমৰ প্ৰথমখন হাতেলিখা আলোচনী৷ অসমৰ কটন কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ উমৈহতীয়া প্ৰচেষ্টাত ১৯০৭ চনত এই হাতেলিখা আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল৷ 'সেউতী'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সৰ্বেশ্বৰ বৰুৱা৷ আলোচনীখন প্ৰায়…
-
সেন্দূৰীপিঠীয়া মৌ-পিয়া
সেন্দূৰীপিঠীয়া মৌ-পিয়া(Purple Sunbird) হৈছে অসমৰ বিভিন্ন প্ৰজাতিৰ মৌ-পিয়াৰ এবিধ প্ৰজাতি। ই সৰু চৰাই ৷ প্ৰায় ৫-৩০ গ্ৰাম ওজনৰ এই চৰাই বিধ অন্যান্য কেবাটাও প্ৰজাতিৰ অন্যতম ৷ এই চৰাইবিধ আফ্ৰিকাৰ মধ্য-পূৰ্ব অঞ্চল, দক্ষিণএচিয়া, দক্ষিণ-পূব এচিয়া, চীন ৰ দক্ষিণ অঞ্চলৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, নিউ…
-
সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)
সোণ হৰিণৰ চেঁকুৰ হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰথম প্ৰকাশিত হয় ২০১২ চনৰ এপ্ৰিল মাহত। ইয়াৰ আগতে উপন্যাসখন প্ৰতিদিন কাকতৰ দেওবৰীয়া আলোচনী 'সম্ভাৰ'ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল।
-
সোণামতী
সোণামতী ( Sonamoti) অসম বুৰঞ্জীৰ সততে চৰ্চা নোহোৱা এক নাৰী, যাক গদাপাণি বা গদাধৰ সিংহই আত্মগোপন কালত লগ পাইছিল আৰু তেওঁক পলুৱাই পঠিওৱা বাবে চাওদাঙৰ দ্বাৰা সোণামতী নিৰ্যাতিতা হৈছিল৷ ড° মঞ্জু বৰাই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ জয়মতীত (২০০৬) সোণামতী চৰিত্ৰটি চিত্ৰায়িত কৰা হৈছে৷
-
সোণাৰাম বৰুৱা
সোণাৰাম বৰুৱা (ইংৰাজী: Sonaram Baruah, জন্ম ১৯৪৩) এগৰাকী সমাজহিতৈষী, অনুবাদক, সাহিত্যিক তথা শিক্ষাবিদ। বিভিন্ন প্ৰবন্ধ, নিবন্ধ, অনুবাদৰ সম্পৰীক্ষা তথা সাহিত্যৰ অৱদানৰ বাবে তেখেতক ২০২৪ চনত শিৱসাগৰ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান “শিৱসাগৰ ৰত্ন” উপাধি প্ৰদান কৰা হয়।
-
সোণাৰায় পূজা
সোণাৰায় পূজা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰ, ধুবুৰী, ছত্ৰশাল, লখিমপুৰ, গোলোকগঞ্জ আৰু উত্তৰবঙ্গত প্ৰচলিত ব্যাঘ্ৰ দেৱতাৰ পূজা। এনে ঠাইত ব্যাঘ্ৰ দেৱতা সোণাৰায় নামে পৰিচিত। লোক দেৱতাৰূপে সোণাৰায়ক পূজা কৰিলে গৰুগাই নিৰাপদে থকাৰ উপৰি গৃহস্থৰ কল্যাণ হয় বুলি বিশ্বাস কৰা হয়।
-
সৌমাৰ নন্দিনী (উপন্যাস)
সৌমাৰ নন্দিনী লেখিকা জুৰি শইকীয়াই লিখা এখন ঐতিহাসিক উপন্যাস। ২০১৫ চনত উপন্যাসখনে বনলতা প্ৰকাশনৰ বেনাৰত মুদ্ৰিত ৰূপ লাভ কৰে। ২০১৭ চনত উপন্যাসখন দ্বিতীয়বাৰৰ বাবে প্ৰকাশ পায়। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে চুতীয়াসকলৰ ৰাণী সাধনী।
-
স্বধয়া পুৰীৰ লক্ষ্মীনাৰায়ণৰ তামৰ ফলি
স্বধয়া পুৰীৰ লক্ষ্মীনাৰায়ণৰ তামৰ ফলি হৈছে ১৩২৩ শকৰ তাম্ৰ ফলি য'ত ঘিলামৰা তামৰ ফলি আৰু ধেনুখনা তামৰ ফলি নামেৰে দুখন তামৰ ফলি অন্তৰ্ভুক্ত হৈ আছে। ইয়াত লক্ষ্মীনাৰায়ণ আৰু সত্যনাৰায়ণ ৰজাই বাসুদেৱৰ সেৱা-পূজাৰ উদ্দেশ্যে ভূমি দান দিয়াৰ কথা উল্লেখ আছে। লক্ষ্মীনাৰায়ণ আছিল চুতীয়া ৰজা।
-
স্বপংয়ঙ মানাও পয়
স্বপংয়ঙ মানাও পয় বা শ্বপৌং য়ৌং মানও পয় অসমৰ পূব প্ৰান্তত বসবাস কৰা চিংফৌ জনগোষ্ঠীৰ জাতীয় উৎসৱ৷ চিংফৌসকলে তেওঁলোকৰ পূৰ্বপুৰুষ শ্বপৌং য়ৌঙৰ স্মৃতি চাৰণাৰ্থে এই উৎসৱ পালন কৰে৷ ’মানও’ শব্দৰ অৰ্থ নৃত্য আৰু ’পয়’ মানে উৎসৱ৷ সাধাৰণতে বসন্ত ঋতুৰ আগমনৰ লগে লগে ফাগুণৰ ১তাৰিখৰ পৰা ৩ তাৰিখলৈ এই উৎসৱ পালন…
-
স্বাতী কিৰণ
স্বাতী কিৰণ (Swati Kiran) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক, অনুবাদক। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী প্ৰাধ্যাপক। গৰীয়সী, সাতসৰী, প্ৰকাশ আদিকে ধৰি সাম্প্ৰতিক সময়ৰ অসমৰ প্ৰায়বোৰ কাকত আলোচনীত স্বাতী কিৰণৰ প্ৰবন্ধ, সমালোচনা আৰু অনুবাদ গল্প আদি প্ৰকাশ পাইছে।
-
স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (গ্ৰন্থ)
স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (Swasthya Rakhyar Hohoj Niom) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন স্বাস্থ্য-বিষয়ক প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৭ চনলৈকে সপ্তম সংস্কৰণ প্ৰকাশ পাইছে।
-
স্বৰ্ণ বৰা
স্বৰ্ণ বৰা (জন্ম: ১৯৩৭) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক। তেওঁৰ উপন্যাসসমূহত অঞ্চলভিত্তিক সমাজৰ হৃদয়স্পৰ্শী ছবি অংকিত হয়। কেৱল কাহিনীৰ বিস্তাৰেই নহয়, সমাজৰ দুখ-বেদনাৰ মাজেৰে সনাতন মানৱীয় অনুভৱৰ সৈতে পঢ়ুৱৈক মুখামুখি কৰি তোলে।
-
স্বৰ্ণলতা (গ্ৰন্থ)
স্বৰ্ণলতা উপন্যাসৰ ঔপন্যাসিক তিলোত্তমা মিশ্ৰ৷ উপন্যাসখনৰ পটভূমি মূলতঃ ঊনবিংশ শতিকাৰ অসম আৰু কলিকতাৰ সামাজিক অৱস্থা৷ স্বৰ্ণলতাই প্ৰায় ৯ বছৰ বয়সতেই শিক্ষা গ্ৰহণৰ বাবে অসম এৰি কলিকতালৈ গুছি যোৱা আৰু পাছলৈ সংসাৰ আৰু ব্যক্তিগত কাৰণত কলিকতাৰ নিবাসী হোৱাৰ জীৱন সংগ্ৰামৰ বাস্তৱ কাহিনীয়েই উপন্যাসখনৰ মূল…