অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

সন্ধান ডট কম

সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷ তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰে ৷

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সন্ধান হৈছে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷১ তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰে ৷২

উদ্দেশ্য

ইউনিক’ডৰ যোগেদি ই-বিশ্বত অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষা-সাহিত্য প্ৰচাৰ কৰাটো আলোচনীখনৰ মুখ্য উদ্দেশ্য৷

ল’গ’ৰ অৰ্থ

সন্ধানৰ ল’গ’টো অসমীয়াৰ বাপতিসাহোন বিহুৰ লগত সংগতি ৰাখি তৈয়াৰ কৰা হৈছে। দুটা ম’হৰ শিঙৰ পেপাৰ চিহ্নৰে ইয়াক সজোৱা হৈছে আৰু লগতে দুয়োফালে থকা জোনস্বৰূপ অংশকেইটাৰে এক নতুন দিগন্ত আৱিষ্কাৰৰ উমান পোৱাৰ কথা সুচোৱা হৈছে।

পৰিচালনা

আলোচনীখনৰ প্ৰতিষ্ঠাপক নয়ন জ্যোতি কলিতা ৷ উপদেষ্টা, ব্যৱস্থাপক, সম্পাদক, সমন্বয়ক সমন্বিতে এটি কৰ্মদলে আলোচনীখন পৰিচালনা কৰে৷৩

আলোচনীখনৰ অন্যান্য শিতান আৰু আঁচনি

আলোচনীখনত খেল-ধেমালি শিতানটোৰ৪ জড়িয়তে অসমত পুৰণি কালত গাওঁ অঞ্চলত বহুল প্ৰচলিত অথচ বৰ্তমান লুপ্তপ্ৰায় খেল-ধেমালিসমূহ প্ৰচলনৰ সময়, খেলাৰ নিয়ম আদি সবিস্তাৰে প্ৰকাশিত হৈছে। আৰু প্ৰথা-পৰম্পৰা শিতানেৰে৫ ইয়াত পুৰণি কালত পৰম্পৰাগত ভাবে পালন কৰা বিভিন্ন কাৰ্যত মৌখিক ভাবে প্ৰচলন হোৱা গীত–মাত, সাধুকথা, প্ৰৱচন আদিৰ সম্পৰ্কে প্ৰকাশ কৰা হৈছে। আলোচনীখনত উত্তৰ-পূৱ ভাৰতৰ কলা-সংস্কৃতি আৰু পৰ্যটন সম্পৰ্কীয় আলোকচিত্ৰ সৈতে লেখা৬ , সাক্ষাৎকাৰ৭ প্ৰকাশ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা, ২০১৫
  2. ↑ ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা, ২০১৬
  3. ↑ কৰ্মদল, সন্ধান
  4. ↑ খেল-ধেমালী শিতান, সন্ধান
  5. ↑ প্ৰথা পৰম্পৰা শিতান, সন্ধান
  6. ↑ পৰ্যটন শিতান, সন্ধান
  7. ↑ সাক্ষাৎকাৰ শিতান, সন্ধান

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় ৱেবছাইটপোখালিঅনলাইন আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্ধান ডট কম” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৫৯ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।