অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
সৰল জীৱন সুখী জীৱন
সৰল জীৱন সুখী জীৱন (Horol Jibon Hukhi Jibon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। ২০১৭ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশকৰ পৰা প্ৰকাশ হোৱা ১৫২ পৃষ্ঠাৰ এই গ্ৰন্থখনত ২৩টা প্ৰৱন্ধ আছে।
-
সৰলপাৰা
সৰলপাৰা এফ.ভি (Saralpara) অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন কোকৰাঝাৰ চহৰৰ পৰা ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰৈত, ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত। সৰলপাৰা ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত।
-
সৰুসজাইত বিহু নৃত্যৰে অভিলেখ
২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়াক্ষেত্ৰত ১১,৩০৪ জনীয়া বিহুৱা-নাচনীৰ দলে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি এক নতুন বিশ্ব অভিলেখৰ সৃষ্টি কৰে। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ সদস্যসকল আৰু লণ্ডনত অৱস্থিত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধি ঋষি…
-
সৰ্বসমীক্ষা তত্ত্ব (গ্ৰন্থ)
সৰ্বসমীক্ষা তত্ত্ব(Sarbasamiksha Tattva) হৈছে অসমীয়া ভাষাত ৰচনা কৰা এখন জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ সংকলন। কিতাপখনৰ লেখক হৈছে প্ৰৱালজ্যোতি ফুকন। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন শাখাই ২০২৩ চনত কিতাপখন প্ৰথম প্ৰকাশ কৰিছে। লেখকৰো এইখন প্ৰথম গ্ৰন্থ।
-
হগ্ৰা নাচ
হগ্ৰা নাচ হৈছে সোণোৱাল কছাৰীসকলৰ এক নৃত্য। এই নৃত্য মূলতঃ উপাস্য দেৱতাৰ পূজা আৰু ধৰ্মীয় জীৱনৰ লগত জড়িত। কাহিনী গীতৰ লগত সংগতি ৰাখি কৰা ই একধৰণৰ নাটকীয় পৰিৱেশন।
-
হলি চাইল্ড স্কুল গুৱাহাটী
হলি চাইল্ড স্কুল ভাৰতৰ অসমৰ গুৱাহাটীত অৱস্থিত কেথলিক পৰিচালিত কনভেণ্ট স্কুল৷ ১৯৭০ চনত চেলেচিয়ানছ চিষ্টাৰছৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এইখন আধুনিক শিক্ষাবিদ চেণ্ট জন বস্কোৰ নীতি আৰু পদ্ধতি অনুসৰি পৰিচালিত হয়।
-
হা-ঈ
হা-ঈ (Haai) কাৰ্বি সমাজত প্ৰচলিত এক ৰূপকথাৰ নায়িকা৷ কাৰ্বি সমাজত কিছুমান লোককথা বেলাড বা মালিতা হিচাপে পোৱা যায়৷ তাৰ ভিতৰৰ বাচিক মহাকাব্যিক মালিতা হ’ল “হাঈমু আলুন’’৷ এই হাঈমু আলুনৰে কেন্দ্ৰীয় চৰিত্ৰ হা-ঈ বা হাঈ৷ হাঈমু আলুনত এহাল সৰলমনা স্বামী স্ত্ৰীৰ বিচ্ছেদৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ জনশ্ৰুতিমতে,…
-
হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ (অসম)
"ছেবা"ই হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৫ৰ ফলাফল ২ জুন ২০১৫ তাৰিখে পুৱা দহ (১০) বজাত ঘোষণা কৰে। নিম্নোক্ত ৱেবছাইতসমূহত পৰীক্ষাত্ৰীৰ ৰোল নং অন্তৰ্ভুক্ত কৰি ফলাফল লাভ কৰিব পাৰি।
-
হাচং পূজা
হাচং পূজা ডিমাচাসকলৰ এক লোক উৎসৱ। খেতিৰ কাষৰ ডাঙৰ গছ এজোপাৰ তলত এই পূজা কৰা হয়। এই পূজা কৰাৰ আগদিনা গছৰ তলখন পূজাৰীয়ে চিকুণাই পৰিষ্কাৰ কৰি লৈ পূৱমূৱাকৈ ৪৫ ছে.মি ওখ এখন বাহৰ চাঙ সাজে।
-
হাচা-কেকান
হাচা কেকান বা হাচ্চা কেকান (Hacha Kekan) অসমৰ এক অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰ জাতীয় অনুষ্ঠান। ই কৃষি কৰ্মৰ সৈতে জড়িত। অন্যান্য প্ৰায়বোৰ জাতীয় উৎসৱৰ দৰে ইও নৃত্য-গীতপ্ৰধান উৎসৱ। পাহাৰীয়া কাৰ্বি জনগোষ্ঠীৰ লোকসকলে শস্য চপোৱা কাম শেষ কৰাৰ পাছত মাঘ মাহত সমূহীয়াকৈ এই উৎসৱ পালন কৰে।
-
হাটশিঙিমাৰী মহাবিদ্যালয়
হাটশিঙিমাৰী মহাবিদ্যালয় ( Hatsingimari College) অসমৰ দক্ষিণ শালমাৰা জিলাত হাটশিঙিমাৰীত অৱস্থিত এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৮৭ চনত স্থাপন কৰা হৈছে। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত।
-
হাবুং মৈদাম
হাবুং মৈদাম হৈছে আহোমসকলৰ পঞ্চমৰাজধানী হাবুংৰ টাইভেটিত অৱস্থিত দুটা প্ৰাচীন মৈদাম।
-
হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া
হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া (Hamidabad College, Satsia) খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত প্ৰতিষ্ঠিত হৈছিল। অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ জামাদাৰহাট নামৰ ঠাইখনত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন পোৰাভিটা বজাৰৰ পৰা আধা কিলোমিটাৰ দূৰৈত সাতশিয়া গাঁৱত অৱস্থিত।
-
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Halakura H. S. School) হৈছে অসমৰ ধুবুৰী জিলাৰ আগমনি অঞ্চলৰ এক উচ্চ শিক্ষা প্ৰতিষ্ঠান। ১৯৪৬ চনত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। বৰ্তমান বিদ্যালয়খনত ৬ষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষা প্ৰদান কৰা হয়।
-
হাৰিভাংগা
হাৰিভাংগা (Haribhanga) অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত নামবৰভাগ মৌজাৰ পূব অংশত অৱস্থিত এখন বৃহৎ গাঁও। গাঁওখনত চুবুৰীৰ সংখ্যা ১৮ টা।
-
হিন্দু-ধৰ্ম কি?
হিন্দু-ধৰ্ম কি? (Hindu-Dharma Ki?) কিতাপখন মহাত্মা গান্ধীৰ ১২৫ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে প্ৰকাশ হৈছিল। ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদৰ হৈ কিতাপখন নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই প্ৰকাশ কৰিছিল। সাহিত্যিক-সাংবাদিক তিলক হাজৰিকাই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে।
-
হিমলা বৰুৱানী
হিমলা বৰুৱানী (Himala Baruani; ১৮৭৭-১৯৪৮) এগৰাকী অসমীয়া লেখিকা। তেওঁ ভগৱতীপ্ৰসাদ বৰুৱা আৰু পাৰ্বতিপ্ৰসাদ বৰুৱাৰ মাতৃ আছিল।
-
হিৰণ্ময়ী দেৱী
হিৰণ্ময়ী দেৱী (Hiranmayee Devi)(জন্ম,১৯৩৩- মৃত্যু ২০২৪, ৩ ডিচেম্বৰ) এগৰাকী অসমীয়া শিক্ষয়িত্ৰী, লেখিকা। তেওঁ ‘’মাটিৰ চাকিৰ শিখা’’, ‘’হৃদয়ৰ অৰণ্যত’’ আদি কবিতাপুথিৰ লগতে কেইবাখনো শিশু সাহিত্য, জীৱনী সাহিত্য়, প্ৰবন্ধ পুথি, অনুবাদ পুথি ৰচনা কৰি গৈছে।
-
হীৰেন গোহাঁই (সংগীতজ্ঞ)
হীৰেন গোহাঁই (Hiren Gohain) ষাঠিৰ দশকৰ পৰাই আকাশবাণীৰ গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক, সুৰকাৰ তথা সংগীত পৰিচালক৷ সংগীতৰ জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে অসম চৰকাৰে হীৰেন গোহাঁইলৈ ২০১২-১৩ বৰ্ষৰ শিল্পী বঁটা আগবঢ়াইছে৷
-
হুজুৰী (উপাধি)
হুজুৰী এটি উপাধি। হুজুৰীসকল সংখ্যাত কম, সিচৰিত বসতিৰ আৰু অৰ্থনৈতিক,সামাজিক ভাৱে পিছপৰা শ্ৰেনীৰ লোক আছিল বাবে বেছিভাগে উপাধিটোৰ বিষয়ে নাজানে। প্ৰধানত 'হুজুৰী', 'হাজৰীকা', 'পাঠক' আৰু 'দাস' উপাধীৰ লোক সকল একে শ্ৰেণীৰ।
-
হৃদয় হাজৰিকা
হৃদয় হাজৰিকা (Hriday Hazarika, জন্ম: ১২ জানুৱাৰী ২০০১) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ কৰি তেওঁ ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেইৰ সৈতে খেলি নতুন বিশ্ব অভিলেখ গঢ়ি ১৮৭৫.৩ নম্বৰসহ সোণৰ পদক…
-
হৃদয়ৰ মানচিত্ৰ
হৃদয়ৰ মানচিত্ৰ (Hridayar Manchitra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন মূলতঃ গল্প সংকলন। এই সংকলনখনৰ ২০১২ চনৰ জানুৱাৰী মাহত নতুন সংস্কৰণ প্ৰকাশ কৰে অসম পাব্লিচিং কোম্পানীয়ে।
-
হে'লথ্ গাইড
হে'লথ্ গাইড (Health Guide) হৈছে এখন স্বাস্থ্য বিষয়ক অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক হৈছে চিকিৎসক গীতাৰ্থ বৰদলৈ। ২০১৮ চনৰ ডিচেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন লেখকৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। লেখকে গ্ৰন্থখন "স্বাস্থ্যপথৰ প্ৰতিগৰাকী সহযাত্ৰীৰ হাতত" আগবঢ়াইছে।
-
হেতা
হেতা (Ladle) হৈছে ভাত,আঞ্জা কঢ়া নাল লগোৱা পিয়লাৰ নিচিনা এবিধ সঁজুলি। হেতা শব্দৰ মূল সংস্কৃত হস্ত অৰ্থাৎ হাত। হাতৰ নিচিনা দেখি বাবেই ইয়াক বঙালীত (গোৱালপৰীয়া উপভাষাত) হাতা বোলা হয় আৰু মান্য অসমীয়াত পৰৱৰ্তী আ স্বৰৰ প্ৰভাৱত পূৰ্বৱৰ্তী আ'ৰ অ বা এলৈ ৰূপান্তৰিত হোৱা নিয়ম অনুযায়ী ‘হেতা' শব্দৰ…
-
হেমকান্ত শৰ্মা
হেমকান্ত শৰ্মা ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী আইনজীৱী, সমাজ সংস্কাৰক আৰু সাংস্কৃতিক শিল্পী আছিল৷ তেওঁ নগাঁও জিলাৰ উল্লেখযোগ্য স্ত্ৰী শিক্ষানুষ্ঠান মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ জন্মলগ্নৰে পৰা ওতপ্ৰোতভাবে জড়িত আছিল৷ ২০০৪ চনত তেওঁৰ মৃত্যু হয়৷
-
হেমন্ত বৰ্মন
হেমন্ত বৰ্মন (জন্ম: ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ আৰু সাংবাদিক। তেওঁৰ গল্পৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ তথাপিও নদী (১৯৯০) হেমন্ত দাসৰ দ্বাৰা পৰিচালিত হৈছিল।
-
হেমপ্ৰভা দাস
হেমপ্ৰভা দাস অসমৰ বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ নাৰী আন্দোলনৰ অগ্ৰণী ব্যক্তি আছিল। নাৰী সংঘ সংগঠিত কৰাৰ লগতে অসমীয়া সমাজৰ ভিতৰত সামাজিক, অৰ্থনৈতিক, আৰু শৈক্ষিক উত্থানৰ পোষকতা কৰাত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
-
হেৰিটেজ এক্সপ্ল'ৰাৰ
হেৰিটেজ এক্সপ্ল'ৰাৰ এখন মাহেকীয়া সংবাদ বুলেটিন। গুৱাহাটীৰ পৰা প্ৰকাশিত এই বুলেটিনখনত উত্তৰ-পূব সম্পৰ্কীয় সংবাদৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। অমৰেন্দ্ৰ ব্ৰহ্ম এই বুলেটিনৰ সম্পাদক।
-
হৈ গুদু খেল
হৈ গুদু বা অঞ্চল বিশেষে ৰাণীৰ দু খেল অসমৰ এক অসমৰ পৰম্পৰাগত আৰু এসময়ৰ অতি জনপ্ৰিয় খেল৷ হৈ গুদু আৰু ৰাণীৰ দু খেল প্ৰায় একেধৰণেই খেলা হয়; মাত্ৰ সামান্য এটা পাৰ্থক্য আছে৷ সাধাৰণ হৈ গুদু খেলত আটাইবোৰ খেলুৱৈ বৃত্তৰ মাজত সোমাই থাকে আৰু প্ৰতিপক্ষই বৃত্তৰ চাৰিওকাষে ঘূৰি ঘূৰি চুবলৈ চেষ্টা কৰে৷ আনহাতে…
-
হোজাই ছোৱালী মহাবিদ্যালয়
হোজাই ছোৱালী মহাবিদ্যালয় (Hojai Girls' College) হৈছে ১৯৯১ চনত স্থাপিত অসমৰ হোজাইত অৱস্থিত এখন সাধাৰণ মহিলাৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।