অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাৰদা বেজবৰুৱা

সাৰদা বেজবৰুৱা যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষা আৰু যোৰহাটৰ এগৰাকী বিশিষ্টা শিক্ষাবিদ আছিল। তেওঁ যোৰহাট জিলাৰ তৰাজানৰ নিৱাসী আছিল। তেওঁৰ প্ৰকৃত নাম আছিল সাৰদা নায়াৰ।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০১৮ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সাৰদা বেজবৰুৱা যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষা আৰু যোৰহাটৰ এগৰাকী বিশিষ্টা শিক্ষাবিদ আছিল। তেওঁ যোৰহাট জিলাৰ তৰাজানৰ নিৱাসী আছিল। তেওঁৰ প্ৰকৃত নাম আছিল সাৰদা নায়াৰ।১

জীৱনী

সাৰদা নায়াৰৰ জন্ম হৈছিল কেৰালাত। তেওঁ মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। তাৰ পাছতেই মাদ্ৰাজতেই শিক্ষকতা আৰম্ভ কৰিছিল। সেই সময়ত ডাঃ নীলকমল বেজবৰুৱাৰ সৈতে পৰিচয় হোৱাত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহসূত্ৰে তেওঁ সাৰদা নায়াৰৰ পৰা সাৰদা বেজবৰুৱা হ’ল। বেজবৰুৱা পৰিয়ালৰ বোৱাৰীৰূপে আহি সাৰদা বেজবৰুৱাই যোৰহাটত নিউ যোৰহাট কলেজ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কালত নিউ যোৰহাট কলেজ আৰু যোৰহাট কলেজ একত্ৰিত হৈ যোৰহাট কলেজ (একত্ৰিত) হৈছিল। ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈ সুদীৰ্ঘ ১৪ বছৰ কাল যোৰহাট মহাবিদ্যালয় (একত্ৰিত) অধ্যক্ষাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।১ যোৰহাট কলেজৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁ যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সৈতে জড়িত আছিল।

মৃত্যু

সাৰদা বেজবৰুৱাৰ ২০১৩ চনৰ ৮ ডিচেম্বৰৰ নিশা ১১-৫৫ বজাত ৮৮ বছৰ বয়সত কলিকতাত মৃত্যু হয়।১

তথ্যসূত্ৰ

  1. ↑ (২০১৩). প্ৰাক্তন অধ্যক্ষা শিক্ষাবিদ সাৰদা বেজবৰুৱাৰ মৃত্যু. দৈনিক জনমভূমি. পৃ. ১, ১০ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰদা বেজবৰুৱা” প্ৰবন্ধৰ সংশোধন ১৮২৮৩৩ (১০ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।