সমৰজিৎ নাথ (ইংৰাজী ভাষা: Samarjit Nath, জন্ম: ১ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এজন সোঁহাতীয়া বেটছমেন আৰু উইকেট-ৰক্ষক আছিল, যিয়ে অসম দলৰ হৈ খেলিছিল। তেওঁ বঙাইগাঁওত জন্মগ্ৰহণ কৰিছিল।১ নাথে ১৯৯৭–৯৮ চনত অনুষ্ঠিত বিজয় মাৰ্চেণ্ট ট্ৰফীত ক্ৰিকেট জীৱনৰ আত্মপ্ৰকাশ কৰে আৰু অনূৰ্ধ্ব–১৬ দলৰ খুব কমসংখ্যক খেলুৱৈৰ ভিতৰত এজন হিচাপে প্ৰথম-শ্ৰেণীৰ ক্ৰিকেট খেলাৰ সুযোগ লাভ কৰে। পিছলৈ তেওঁ কোচবিহাৰ ট্ৰফীত অনূৰ্ধ্ব–১৯ দলৰ হৈ খেলিছিল। এই প্ৰতিযোগিতাখনত তেওঁ দুটা ছেচন ধৰি অংশগ্ৰহণ কৰে। নাথে ২০০১–০২ ৰঞ্জি ট্ৰফীত ত্ৰিপুৰাৰ বিৰুদ্ধে নিজৰ একমাত্ৰ প্ৰথম-শ্ৰেণীৰ খেল খেলিছিল। বেটিং ক্ৰমৰ শেষৰফালৰ খেলুৱৈ হিচাপে তেওঁ একমাত্ৰ ইনিংছত ১২ ৰান অপৰাজিতভাৱে সংগ্ৰহ কৰিছিল। উইকেট-ৰক্ষক হিচাপে তেওঁ দহটা কেচ ধৰিছিল আৰু এটা ষ্টাম্পিং সম্পন্ন কৰিছিল।
তথ্যসূত্ৰ
- ↑ Samarjit Nath. CricketArchive
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমৰজিৎ নাথ” প্ৰবন্ধৰ সংশোধন ৫৬৫০১৮ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।