অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুচিত্ৰা সিং

সুচিত্ৰা সিং (ইংৰাজী: Suchitra Singh; জন্ম: ৩১ জানুৱাৰী ১৯৭৭) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এগৰাকী সোঁহাতীয়া বেটছমেন আছিল আৰু ব্ৰেকৰ সময়ত সোঁহাতেৰে বলিঙো কৰিছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সুচিত্ৰা সিং (ইংৰাজী: Suchitra Singh; জন্ম: ৩১ জানুৱাৰী ১৯৭৭) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এগৰাকী সোঁহাতীয়া বেটছমেন আছিল আৰু ব্ৰেকৰ সময়ত সোঁহাতেৰে বলিঙো কৰিছিল।

জীৱন আৰু কেৰিয়াৰ

১৯৭৭ চনৰ ৩১ জানুৱাৰীত অসমৰ কামৰূপত সুচিত্ৰা সিঙৰ জন্ম হৈছিল।১ ২০০৭–০৮ চনত বংগৰ বিৰুদ্ধে হোৱা ছিনিয়ৰ মহিলা ৱান ডে লীগত তেওঁ অসমৰ হৈ অভিষেক ঘটায়ছিল। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে তেওঁ ৰাজ্যখনৰ হৈ আৰু দহখন মেচ খেলে। ২০০৭–০৮ চনৰ আন্তঃমণ্ডল মহিলাৰ এদিনীয়া প্ৰতিযোগিতাত ইষ্ট জ'নকো তেওঁ প্ৰতিনিধিত্ব কৰিছিল।২ মহিলাৰ ১২খন সীমিত অভাৰ মেচত তেওঁ বেটিং কৰি গড়ে ১৪.১৬ ৰান সংগ্ৰহ কৰে আৰু ৭টা উইকেট দখল কৰে।১

২০০৯–১০ বৰ্ষৰ ছিনিয়ৰ মহিলা টি-২০ লীগত ত্ৰিপুৰাৰ বিৰুদ্ধে তেওঁ অসমৰ হৈ প্ৰথম মহিলা টি-২০ মেচ খেলিছিল। ২০০৯–১০ আৰু ২০১০–১১ ছিজনত আৰু ১৫খন মেচ খেলি বেটিঙত গড়ে ১২.৩৬ ৰাণ সংগ্ৰহ কৰাৰ লগতে চাৰিটা উইকেটো দখল কৰে।৩১

তথ্যসূত্ৰ

  1. ↑ Player profile: Suchitra Singh. Cricket Archive
  2. ↑ Women's Limited Overs Matches played by Suchitra Sing. Cricket Archive
  3. ↑ Women's Twenty20 Matches played by Suchitra Sing. Cricket Archive

সম্পৰ্কিত শ্ৰেণী

অসমৰ ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুচিত্ৰা সিং” প্ৰবন্ধৰ সংশোধন ৫০০৬৪২ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।