অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সবিতা গোস্বামী

সবিতা গোস্বামী (Sabita Goswami) আশীৰ দশকৰ অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক। সবিতাই বিবিচি, ফ্ৰান্স সংবাদ সন্থা, ব্লিটচ আদি কাকতৰ হৈ কাম কৰিছিল আৰু নিৰপেক্ষ হৈ থাকি অসম আন্দোলন, চাউলখোৱাৰ গণহত্যা, সেইসময়ৰ নিৰ্বাচন আদিৰ ধাৰাবাহিক সংবাদ ৰাইজৰ মাজলৈ লৈ গৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

সবিতা গোস্বামী (Sabita Goswami) আশীৰ দশকৰ অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক।১ সবিতাই বিবিচি, ফ্ৰান্স সংবাদ সন্থা, ব্লিটচ আদি কাকতৰ হৈ কাম কৰিছিল আৰু নিৰপেক্ষ হৈ থাকি অসম আন্দোলন, চাউলখোৱাৰ গণহত্যা, সেইসময়ৰ নিৰ্বাচন আদিৰ ধাৰাবাহিক সংবাদ ৰাইজৰ মাজলৈ লৈ গৈছিল।২ শিক্ষক ৰূপে অৰুণাচলৰ বহু ভিতৰুৱা অঞ্চলত গোস্বামীয়ে কাম কৰিছিল আৰু স্বামীৰে সৈতে গোৱাত থকা সময়ছোৱাত সাংবাদিকতাৰ জগতখনত ভৰি দিছিল। পিছলৈ তেখেতে নৰ্থ ইষ্ট টাইমচ্‌ নামৰ এখন কাকত প্ৰকাশ কৰিছিল আৰু কাকতখনৰ সম্পাদকো আছিল তেওঁ নিজে। তেখেতৰ ব্যক্তিগত আৰু সামাজিক জীৱনক লৈ গোস্বামীয়ে তেখেতৰ আত্মকথা 'মন গংগাৰ তীৰত' লিখি উলিয়াইছে।১ কিতাপখন অসমীয়া সাহিত্যত এক মাইলৰ খুঁটি। কিতাপখন Along the Red River৩ নামেৰে ইংৰাজীলৈ অনুবাদ হৈছে।

তথ্যসূত্ৰ

  1. ↑ প্ৰাণজ্যোতি নাথ. (শনিবাৰ, ৩০ জানুৱাৰী, ২০২১). পতনমুখী জীৱনক পুনঃনিৰ্মাণ কৰা সবিতা গোস্বামী. নিয়মীয়া বাৰ্তা. পৃ. পৃষ্ঠা:৭, নাৰী পৃষ্ঠা
  2. ↑ অৰ্চনা নাথান. (১৬ আগষ্ট, ২০১৮). আশীৰ দশকৰ সাংবাদিকতাৰ অগ্ৰদূত সবিতা গোস্বামী. Sroll.in
  3. ↑ অনুবাদ- ত্ৰিবেণী গোস্বামী মাথুৰ. এলং দ্য ৰেড ৰিভাৰ. জুবান

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সবিতা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৮৫৯২৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।