অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
সঞ্জীৱ পল ডেকা
ড° সঞ্জীৱ পল ডেকা (Sanjib Pol Deka) একাধাৰে গল্পকাৰ, আলোচনী সম্পাদক। বৰ্তমান তেওঁ ‘আলাপ’ আলোচনীৰ অবৈতনিক সম্পাদক। কৰ্মসূত্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। তেখেতে ২০১৯ বৰ্ষৰ জুন মাহত এইপিনে কি আছে শীৰ্ষক গল্পগ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
সতীশ চন্দ্ৰ কাকতি
সতীশ চন্দ্ৰ কাকতি (Satish Chandra Kakati) এজন ভাৰতীয় সাংবাদিক, সাহিত্যিক, অসম ভিত্তিক ইংৰাজী ভাষাৰ দৈনিক কাকত দ্য আছাম ট্ৰিবিউনৰ সম্পাদক আছিল। তেখেত ১৯৫৫ চনত দ্য আছাম ট্ৰিবিউন গোটৰ দ্বাৰা আৰম্ভ কৰা স্থানীয়ভাষাৰ সাপ্তাহিক অসম বাণীৰ অন্যতম প্ৰতিষ্ঠাপক।২০০৫ চনত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি সোঁৱৰণী…
-
সদৌ টাই আহোম ছাত্ৰ সন্থা
সদৌ টাই আহোম ছাত্ৰ সন্থা (আহোম ভাষা: 𑜋𑜪𑜤 𑜑𑜪𑜤 𑜎𑜤𑜀𑜫 𑜑𑜦𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 চুম হুম লুক হেন টাই আহোম টাং মু'ঙ, ইংৰাজী: All Tai Ahom Students union) বা চমুকৈ আটাছু হ'ল অসম আৰু অৰুণাচল প্ৰদেশৰ এটা আগশাৰী জনগোষ্ঠীয় ছাত্ৰ সংগঠন। ই টাই-আহোম জনগোষ্ঠীৰ ছাত্ৰ সমাজ মিলিত হৈ গঠন হৈছে।
-
সমালোচনা কলা আৰু সাধনা
সমালোচনা কলা আৰু সাধনা (ইংৰাজী: Samalochana Kala Aru Sadhana, ২੦২৪) সমালোচক আৰু অনুবাদক আনন্দ বৰমুদৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে প্ৰকাশ পোৱা এখন সংকলন গ্ৰন্থ৷ গ্ৰন্থখনৰ সম্পাদক হ’ল কল্যাণ ভূঞা আৰু প্ৰকল্প ৰঞ্জন ভাগৱতী৷
-
সমাস
সমাস (Compound Word) হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক হোৱা পদ। বাক্য বা প্ৰকাশিত মনৰ ভাব চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য।
-
সাউদ আৰু অন্যান্য গল্প
সাউদ আৰু অন্যান্য গল্প হৈছে গল্পকাৰ অৰূপ কুমাৰ নাথৰ এক গল্প সংকলন। ২০০৭ চনত প্ৰথম প্ৰকাশিত এই গল্প সংকলনখনত তেৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। সাউদ আৰু অন্যান্য গল্প হ'ল নাথৰ দ্বিতীয়খন গল্প সংকলন। ২০১০ চনত মুনীন বৰকটকী বঁটা লাভ কৰা এই সংকলনটিৰ ২০২১ চনত আঁক-বাক প্ৰকাশনে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে।
-
সাতভনী
সাতভনী বা বাৰীলোটা (Jungle Babbler, Turdoides striata), 'Leiothrichidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰত উপমহাদেশতে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে ছয়ৰ পৰা দহটামান চৰাইৰ গোট হৈ চৰে৷ সাতোটামান চৰাই একেলগে ঘূৰি ফুৰে বাবে ইয়াক সাতভনী, সাতভাই, সাতভায়া আদি নাম…
-
সাতশাকী
সাতশাকী হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা। সাতশাকী নামটো ব'হাগৰ সাতবিহুৰ যিকোনো এদিন খোৱাৰ পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে।
-
সুগন্ধি পখিলা
সুগন্ধি পখিলা অসমৰ এগৰাকী কবি হীৰেন ভট্টাচাৰ্যৰ স্ব-নিৰ্বাচিত এলানি কবিতাৰ সংকলন। বনলতা প্ৰকাশনৰ বেনাৰত কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনৰ ২০ মাৰ্চত। ২০০৭ চনৰ পুথিখনৰ ত্ৰয়োদশ প্ৰকাশলৈকে কবিগৰাকীয়ে ১৯৫৭ চনৰ পৰা ১৯৮৩ চনলৈকে বিভিন্ন সময়ত লিখা মুঠ ১৩৮ টা কবিতা ইয়াত সন্নিৱিষ্ট হৈছে।
-
সুনীতা ভূঞা
সুনীতা খাউণ্ড ভূঞা (জন্ম: ২৩ মে' ১৯৭০) এগৰাকী ভাৰতীয় সংগীতশিল্পী আৰু বেহেলাবাদক। তেওঁ বিশেষকৈ বেহেলাত লোক-সংগীত আৰু শাস্ত্ৰীয় সংগীতৰ লগত পাশ্চাত্য সংগীৰ লগত যুক্ত কৰাৰ বাবে বিখ্যাত। তেওঁ সংগীত চিকিৎসা বা মিউজিক থেৰাপীৰ লগতো জড়িত।
-
সুপ্ৰতিস্থিত বৰ্মা
সুপ্ৰতিস্থিত বৰ্মা (Supratisthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বাদশ ৰজা আছিল। এওঁ সুস্থিত বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৫৯৫ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ ভাতৃ ভাস্কৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
সুলতাল
সুলতাল (ইংৰাজী: Sultaal) হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এবিধ প্ৰাচীন তাল। এই তালটো বিশেষকৈ অসমীয়া আৰু পূৰ্ব ভাৰতীয় সংগীত পৰম্পৰাত ব্যৱহৃত হয় আৰু ইয়াৰ বৈশিষ্ট্যমূলক ছন্দিক গাঁথনিৰ বাবে পৰিচিত।
-
সূত্ৰধাৰ (আলোচনী)
সূত্ৰধাৰ (Sutradhar) হৈছে এখন অসমীয়া ভাষাৰ আলোচনী। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।অসমত পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা আলোচনী ৰূপে সূত্ৰধাৰৰ স্থান উল্লেখযোগ্য।
-
সূত্ৰধাৰ নৃত্য
সূত্ৰধাৰ নৃত্য(Sutradhari Nritya) সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্য শৈলী। সূত্ৰধাৰজন একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপবিহাৰ্য নৃত্যগোট। (গায়ন-বায়নৰ অন্তৰ্গত) সাধাৰণতে বৰপেটীয়া ধেমালি খনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা আৰম্ভ হয়।
-
সৃজনগ্ৰাম বিধানসভা সমষ্টি
সৃজনগ্ৰাম বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এখন। এই সমষ্টিখন ২০২৩ চনত নতুনকৈ গঠন কৰা হয়।
-
সোনাই বিধানসভা সমষ্টি
সোনাই বিধানসভা সমষ্টি (ইংৰাজী: Sonai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
স্বপ্নালী গগৈ
স্বপ্নালী গগৈ তেখেত নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ অধ্যাপক। সাহিত্যিক আৰু সমালোচক। ভূগোল বিষয়ক গৱেষণা কাৰ্যৰ লগত জড়িত।
-
স্বৰূপম পুৰকায়স্থ
স্বৰূপম পুৰকায়স্থ (জন্ম ১৫ চেপ্তেম্বৰ ১৯৮৯) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ অসমৰ হৈ খেলে। বলিং অল-ৰাউণ্ডাৰ পুৰকায়স্থ এজন সোঁহতীয়া বেট্ছমেন আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ।
-
স্বৰ্গৰথ (চলচ্চিত্ৰ)
স্বৰ্গৰথ (ইংৰাজী: Swargarath) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত এখন হাস্যৰসধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনত সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন ডেকা, উদ্ভাৱন শইকীয়া, বনি দেউৰীকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে৷ ছবিখনৰ কাহিনীকাৰ হৈছে শান্তনু ৰৌমূৰীয়া আৰু…
-
সৰুপথাৰ বিধানসভা সমষ্টি
সৰুপথাৰ বিধানসভা সমষ্টি (ইংৰাজী: Sarupathar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
সৰুমূগী হাঁহ
সৰুমূগী হাঁহ (Gadwall, বৈজ্ঞানিক নাম-Anas strepera), 'Anatidae' গোটৰ অন্তৰ্গত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷
-
সৰ্বনাম পদ
সৰ্বনাম পদ (ইংৰাজী: Pronoun) হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা শব্দ। অৰ্থাৎ, বাক্যত বিশেষ্য পদ পুনৰাবৃত্তি নকৰি, তাক প্ৰতিষ্ঠাপন কৰিবলৈ ব্যৱহৃত পদক সৰ্বনাম বোলে।
-
সৰ্বেশ্বৰ চহৰীয়া
সৰ্বেশ্বৰ চহৰীয়া হৈছে এজন বৃক্কৰ বিশেষজ্ঞ আৰু বৃক্ক তথা অগ্নাশয় প্ৰতিষ্ঠাপন চাৰ্জৰীৰ চিকিৎসক। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ দলৰ তেওঁ এজন অন্যতম সদস্য আছিল। অসমৰ প্ৰথম দহটা বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ তেওঁৰ নামত আছে।
-
সৰ্বেশ্বৰ বসুমতাৰী
সৰ্বেশ্বৰ বসুমতাৰী (Sarbeswar Basumatary; জন্ম: ৮ এপ্ৰিল ১৯৬২) অসমৰ চিৰাং জিলাৰ এগৰাকী জনজাতীয় কৃষক। বৰ্তমান তেওঁ চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী সদস্য হিচাপে কৰ্মৰত। ইয়াৰ লগতে তেওঁ চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰেচম পালনৰ সদস্য।
-
হ
হ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'হ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'হ' উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
হলিৰাম ঢেকিয়াল ফুকন
হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) এজন উকিল আৰু লেখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে।
-
হাওৰাঘাট বিধানসভা সমষ্টি
হাওৰাঘাট বিধানসভা সমষ্টি (ইংৰাজী: Howraghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
হাগ্ৰামায়াও জিনাহাৰি
হাগ্ৰামায়াও জিনাহাৰি ( Hagramayao Jinahari) জাংদাও বডোচা পৰিচালিত ১৯৯৬ চনত মুক্তি পোৱা এখন বড়ো ভাষাৰ চলচ্চিত্ৰ। এইখন বডোচাই পৰিচালনা কৰা দ্বিতীয় কাহিনী ছবি। পৰিচালনাৰ উপৰিও তেওঁ ছবিৰ প্ৰযোজনা আৰু সম্পাদনা কৰাৰ উপৰিও চিত্ৰনাট্যও লিখিছে।
-
হাচটেগ জাষ্টিচ ফ'ৰ জুবিন গাৰ্গ
JusticeForZubeenGarg হৈছে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছত আৰম্ভ হোৱা এক অনলাইন সামাজিক আন্দোলন। এই হাচটেগে অসমীয়া সমাজত আৰু অনলাইন মাধ্যমত ন্যায়ৰ বাবে গণপ্ৰচাৰ তথা চৰকাৰী তদন্তৰ দাবী ৰাইজৰ মাজত জাগ্ৰত কৰিছে।
-
হাজো-শুৱালকুছি বিধানসভা সমষ্টি
হাজো-শুৱালকুছি বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত পূৰ্বৰ "হাজো" বিধানসভা সমষ্টিক পুনৰ নামকৰণ কৰি "হাজো-শুৱালকুছি" কৰা হয়। এই সমষ্টিটো বৰ্তমান অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত।