অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সুগন্ধি পখিলা

সুগন্ধি পখিলা অসমৰ এগৰাকী কবি হীৰেন ভট্টাচাৰ্যৰ স্ব-নিৰ্বাচিত এলানি কবিতাৰ সংকলন। বনলতা প্ৰকাশনৰ বেনাৰত কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনৰ ২০ মাৰ্চত। ২০০৭ চনৰ পুথিখনৰ ত্ৰয়োদশ প্ৰকাশলৈকে কবিগৰাকীয়ে ১৯৫৭ চনৰ পৰা ১৯৮৩ চনলৈকে বিভিন্ন সময়ত লিখা মুঠ ১৩৮ টা কবিতা ইয়াত সন্নিৱিষ্ট হৈছে।

হালনাগাদ: ২৮ জুলাই ২০২৩ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সুগন্ধি পখিলা অসমৰ এগৰাকী কবি হীৰেন ভট্টাচাৰ্যৰ স্ব-নিৰ্বাচিত এলানি কবিতাৰ সংকলন। বনলতা প্ৰকাশনৰ বেনাৰত কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনৰ ২০ মাৰ্চত। ২০০৭ চনৰ পুথিখনৰ ত্ৰয়োদশ প্ৰকাশলৈকে কবিগৰাকীয়ে ১৯৫৭ চনৰ পৰা ১৯৮৩ চনলৈকে বিভিন্ন সময়ত লিখা মুঠ ১৩৮ টা কবিতা ইয়াত সন্নিৱিষ্ট হৈছে। 'ৰৌদ্ৰকামনা', 'মোৰ দেশ', 'আহিনৰ লেণ্ডস্কেপ', 'কতনা ব'হাগ', 'ভোগালি' আদি ভালেমান কবিতা সংকলনটিত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰচ্ছদ সজ্জা শিল্পী ননী বৰপূজাৰীৰ১।

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: হীৰেন ভট্টাচাৰ্য

হীৰেন ভট্টাচাৰ্য (Hiren Bhattacharyaa, জন্ম:১৯৩২ - মৃত্যু:৪ জুলাই, ২০১২)অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি আৰু বাংলা ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল হীৰুদা। তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে।

পুৰস্কাৰ

সুগন্ধি পখিলাৰ জৰিয়তে ভট্টাচাৰ্যই ১৯৮৫ চনত অসম সাহিত্য সভাৰ 'বিষ্ণু ৰাভা বঁটা' আৰু ভাৰতীয় বিদ্যা ভৱনৰ 'ৰাজাজী সাহিত্য পুৰস্কাৰ' লাভ কৰিছিল। ১৯৮৭ চনত 'ছোভিয়েট দেশ নেহৰু বঁটা'ৰে সন্মানিত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ কাব্যগ্ৰন্থ: সুগন্ধি পখিলা, কবি: হীৰেন ভট্টাচাৰ্য

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসংকলনকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুগন্ধি পখিলা” প্ৰবন্ধৰ সংশোধন ৩৭২৫৯৪ (২৮ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।