অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰ্বেশ্বৰ বসুমতাৰী

সৰ্বেশ্বৰ বসুমতাৰী (Sarbeswar Basumatary; জন্ম: ৮ এপ্ৰিল ১৯৬২) অসমৰ চিৰাং জিলাৰ এগৰাকী জনজাতীয় কৃষক। বৰ্তমান তেওঁ চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী সদস্য হিচাপে কৰ্মৰত। ইয়াৰ লগতে তেওঁ চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰেচম পালনৰ সদস্য।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

সৰ্বেশ্বৰ বসুমতাৰী (Sarbeswar Basumatary; জন্ম: ৮ এপ্ৰিল ১৯৬২) অসমৰ চিৰাং জিলাৰ এগৰাকী জনজাতীয় কৃষক।১ বৰ্তমান তেওঁ চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী সদস্য হিচাপে কৰ্মৰত। ইয়াৰ লগতে তেওঁ চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰেচম পালনৰ সদস্য। তেওঁ ২০১৭ৰ পৰা বৰদৈচিলা কৃষক উৎপাদক কোম্পানী লিমিটেডৰ এগৰাকী প্ৰম’টাৰ হিচাপে কাম কৰি আহিছে। বসুমতাৰী ‘চিৰাং কে কৃষি চিৰাগ’ অৰ্থাৎ 'চিৰাঙৰ কৃষিৰ চাকি' হিচাপে বিখ্যাত। পূৰ্বতে দৈনিক মজুৰি কৰা শ্ৰমিক হিচাপে কাম কৰা বসুমতাৰীয়ে মিশ্ৰিত সংহত কৃষি পদ্ধতি গ্ৰহণ কৰি তেওঁ এজন সফল কৃষকলৈ ৰূপান্তৰিত হয়। তেওঁ তামোল, কমলা, ধান, লিচু, কুঁহিয়াৰ আদি বিভিন্ন ধৰণৰ শস্যৰ খেতিত কৃষি দক্ষতাৰ বাবে পৰিচিত।২ ২০২৩ চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে তেওঁক ২০২২ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা প্ৰদান কৰে।৩ ২০২৪ তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।৪

জন্ম আৰু শিক্ষা

১৯৬২ চনৰ ৮ এপ্ৰিল সৰ্বেশ্বৰ বসুমতাৰীৰ জন্ম হৈছিল। তেওঁ বগিদ্বাৰা প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।২ তেওঁ ১৩ বছৰ বয়সত গোলাঘাট জিলাৰ বোকাখাতৰ ধনশিৰিমুখলৈ গৈ হাল-বোৱাৰ কাম কৰিবলৈ লয়। ১৯৮৪ত তেওঁ পুনৰ চিপনচিলালৈ আহি কৃষিকৰ্ম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ভূটিয়াপাৰালৈ আহে আৰু তাত ভূ-স্বামীসকলৰ মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে।

কৰ্মজীৱন

সৰ্বেশ্বৰ বসুমতাৰীয়ে ১৯৯৫-৯৬ বৰ্ষত প্ৰথম বাৰৰ বাবে নিজা মাটি কিনিছিল। ১৯৯৬ চনত তেওঁ বিজনী মহকুমা কৃষি কাৰ্য্যালয়ত কৃষি-বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াত লাভ কৰা পৰামৰ্শ আৰু নিৰ্দেশনাৰে পাণবাৰী কল খেতিয়ক সমাজৰ সভাপতি হিচাপে বসুমতাৰীয়ে বহু আঁচনি ৰূপায়ণেৰে সন্তোষজনক উৎপাদনসহ কল, কমলা আৰু আনাৰসৰ খেতি কৰে। ২০০৭ চনত তেওঁ মীন পালন সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁ কৃষি সম্পৰ্কীয় জ্ঞান লাভৰ উদ্দেশ্যে অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগ তথা বিদেশ ভ্ৰমণ কৰিছে। তেওঁ কলিকতাৰ কল্যাণী বিশ্ববিদ্যালয়ৰপৰা উদ্যান শস্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে। বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি ১০০ বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধি, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰি আহিছে।৫

তেওঁৰ খেতিপথাৰৰ কৃষিজাত সামগ্ৰী স্থানীয়ভাৱে বিক্ৰী হয় আৰু লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দুৰ্গম অঞ্চলৰ বজাৰতো বিক্ৰী হয়।২

বঁটা আৰু সন্মান

কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সৰ্বেশ্বৰ বসুমতাৰীয়ে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ ২০১৫ চনত বেংগালুৰুত অৱস্থিত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ পৰা ৰেচম পালনৰ উৎকৃষ্টতাৰ বঁটা লাভ কৰে। ২০২২ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে। ২০০৫ চনত বড়োলেণ্ড মীন বিভাগৰ পৰা বঁটা লাভ কৰে। তেওঁ ২০১৭ চনত ৰাজস্থানৰ জয়পুৰস্থিত এনআইএএমৰদ্বাৰা অংশগ্ৰহণৰ প্ৰমাণপত্ৰ লাভ কৰে। তেওঁ অসম চৰকাৰে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱ-২০২১ উপলক্ষে ২০২১ৰ শ্ৰেষ্ঠ কৃষক বঁটা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আয়কৰ বিভাগৰদ্বাৰা আজাদী কা অমৃত মহোৎসৱ-২০২২ উপলক্ষে শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে।১ ২০২৩ চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে তেওঁক ২০২২ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা প্ৰদান কৰে।৬ ২০২৪ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। ২০২৪ চনত তেওঁ ভাৰতীয় তেল নিগমৰ অন্তৰ্গত বঙাইগাঁও তেল শোধনাগাৰে আগবঢ়াৱা শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ অসমৰ পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰীলৈ পদ্মশ্ৰী বঁটা
  2. ↑ Sarbeswar Basuramatary: A daily wager turned farmer's journey to Padma Shri fame
  3. ↑ Rustom Basumatary and Sarbeswar Basumatary Receives Assam Gaurav Award
  4. ↑ Padma Shri to Sarbeswar Basuramatary: A daily wager turned farmer’s journey to fame
  5. ↑ কপালৰ ঘাম মাটিত পেলাই সেউজীয়াৰ সপোন দেখা খেতিয়কলৈ 'অসম গৌৰৱ বঁটা'
  6. ↑ ২০২২-২৩ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসম গৌৰৱ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বেশ্বৰ বসুমতাৰী” প্ৰবন্ধৰ সংশোধন ৫৮১৬৪৬ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।